নিয়মীয়া বাৰ্তা, ২৫ ডিচেম্বৰঃ ব্ৰিটেইনৰ পৰা অসমলৈ অহা এজন লোকৰ শৰীৰত COVID-19ৰ উপস্থিতি ধৰা পৰিছে। এই সন্দৰ্ভত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে এয়া ক’ভিডৰ ২য় পৰ্যায় নহয়। ক’ভিডৰ নতুন মিউটেণ্ট উদ্ভাৱন হোৱাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত চৰকাৰে ইয়াৰ ওপৰত এলাৰ্ট জাৰি কৰিছে। বিশেষকৈ ব্ৰিটেইনৰ পৰা যিসকল ব্যক্তি ভাৰতলৈ ঘূৰি আহিছিল তাৰ ভিতৰত কাৰোবাৰ যদি ক’ভিড হৈছিল তেওঁলোকৰ বিশেষ পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছিল। অসমতো এজন ব্যক্তিৰ শৰীৰত ক’ভিড পোৱা গৈছে তেওঁৰ নমুনা পুনেৰ পৰীক্ষাগাৰলৈ পঠোৱা হৈছে। তেওঁ শৰীৰত পোৱা ক’ভিড নতুন ভেৰিয়েণ্টৰ নে প্ৰচলিত সেইটো স্পষ্ট হ’ব। ইয়াৰ প্ৰতিবেদন পোৱা পাছত আমি ৰাজহুৱা কৰিম।
পুনৰ লক ডাউন হ’ব নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নত তেওঁ কয় যে ৰাজ্যত পুনৰ লক ডাউন হোৱাৰ সম্ভাৱনা নাই। অসমত এতিয়াও দিনে ১০০তকৈও তলত পজিটিভৰ সংখ্য়া পাই আছো। অসম এতিয়া বহু পৰিমাণে কভিডমুক্ত। ইয়াত শংকা আৰু ত্ৰাসৰ কোনো কাৰণ নাই বুলি মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।