বেলশৰত নতুনকৈ সংযোজন আয়ুৰ্বেদিক চিকিৎসা সেৱা

বিশেষ বাৰ্তা, ৩০ ছেপ্টেম্বৰঃ আজিৰে পৰা চিকিৎসা সেৱাত আয়ুৰ্বেদিক চিকিৎসা সেৱাৰ নতুন সংযোজন ঘটিল নলবাৰীৰ বেলশৰত। আজি সন্ধিয়া আয়ুৰ্বেদিক চিকিৎসাৰ লগতে  আয়ুৰ্বেদ ঔষধ বিপণী কেন্দ্ৰ এটিৰ আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। বেলশৰ থানা চ’কত এই কেন্দ্ৰটি আনুষ্ঠানিকভাৱে ফিটা কাটি মুকলি কৰে বেলশৰস্থিত শ্ৰীশ্ৰীবিল্বেশ্বৰ দেৱালয়ৰ দলৈ ৰঞ্জিত মিশ্ৰই। উদ্বোধনী অনুষ্ঠানত বেলশৰৰ বিশিষ্ট সমাজকৰ্মী আৰবউদ্দিন আহমেদ, বেলশৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক জয়ন্ত কুমাৰ বৰ্মন, বেলশৰ গাঁও উন্নয়ন সমিতিৰ সম্পাদক ক্ষীৰোদ পাটোৱাৰী, অসম টাইমৰ মুখ্য পৰিচালন সম্পাদক মহিবৰ ৰহমান, সাংবাদিক নিয়মীয়া বাৰ্তা কাকতৰ নলবাৰীৰ সাংবাদিক অৰূপ ৰঞ্জন বৰ্মন, ফাইজুদ্দিন আহমেদকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। স্থানীয় যুৱ সমাজকৰ্মী গগন বৰ্মনে আঁত ধৰা উদ্বোধনী অনুষ্ঠানটোত’নেহা আয়ুৰ্বেদ চেন্টাৰৰ স্বত্বাধিকাৰী তথা বেলশৰ আদৰ্শ চিকিৎসালয়ৰ আয়ুৰ্বেদিক চিকিৎসক ডাঃ ছফিকুল হকে মনৰ অনুভৱ প্ৰকাশ কৰে।
প্ৰেৰক অৰূপ ৰঞ্জন বৰ্মন
Featured