লাহৰীঘাটত ট্ৰাকৰ খুন্দাত নৱবিবাহিত মহিলাৰ মৃত্যু

নিয়মীয়া বাৰ্তা,  ২২ জুন : মৰিগাঁও জিলাৰ লাহৰীঘাটত এক ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত হয় এগৰাকী নৱবিবাহিত মহিলা। লাহৰীঘাটৰ তিতাতলাত যোৱানিশা এখন তীব্ৰবেগী ট্ৰাকে বাইকত খুন্দা মৰাত থিতাতে এগৰাকী নৱবিবাহিত মহিলা নিহত হোৱাৰ লগতে আন এজন গুৰুতৰভাৱে আহত হয়। নিহত মহিলাগৰাকীৰ নাম আৰিফা খাতুন। ওচৰতে আলহী খাই বাইকেৰে নিজ গৃহলৈ গৈ থকা অৱস্হাত তীব্ৰবেগী ট্ৰাকে খুন্দা মৰাত এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত স্হানীয় ৰাইজে উত্তেজিত হৈ ট্ৰাকৰ কিছু ক্ষতিসাধন কৰে। পিছত লাহৰীঘাট থানাৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। উল্লেখ্য যে দুৰ্ঘটনা সংঘটিত কৰি ট্ৰাকৰ চালকে পলায়ন কৰে।

প্ৰেৰক আবুল কালাম

Featured