বিহগুৰিত ব্যতিক্ৰমীভাৱে উদ্‌যাপন নীলমণি ফুকন ওপজা দিন

বিশেষ বাৰ্তা, ১১ ছেপ্টেম্বৰঃ কবি-শিৰোমণি নীলমণি ফুকনৰ ৯২সংখ্যক ওপজা দিনটি নতুন লেখক-শিল্পী সমাজ, বিহগুৰি আৰু বিহগুৰি বালিকা মধ্য ইংৰাজী বিদ্যালয়ৰ উদ্যোগত বিহগুৰি বালিকা মধ্য ইংৰাজী বিদ্যালয় প্ৰাঙ্গনত ব্যতিক্ৰমীভাৱে অনুষ্ঠিত হৈ যায়। সংগীত-শিল্পী ভাস্কৰ মৌনসে সম্বোধন কৰা মনোজ্ঞ অনুষ্ঠানটিৰ প্ৰথম কাৰ্যসূচী কবি-ঋষিৰ প্ৰতিচ্ছবিৰ সন্মুখত এগছি মাটিচাকি প্ৰজ্বলন কৰে কবি ললিত কুমাৰ বসুমতাৰীয়ে। ইয়াৰ পিছতেই ‘ৰূপান্তৰ’ৰ চিত্ৰশিল্পী বিশ্বজিত বৰা, অমৃত শইকীয়া, ৰাঘৱ মহন্ত, স্বপ্নিল কাশ্যপ, সুনীল নাথ আৰু ভায়লিনা দেৱীয়ে কবি-ঋষিৰ কবিতাৰ আধাৰত আৰু কবি-ঋষিৰ প্ৰতিকৃতি অংকণেৰে অনুষ্ঠানটি বিশেষ আকৰ্ষণীয় কৰি তোলে। কবি-ঋষিগৰাকীৰ জীৱন-কৃতিৰ ওপৰত এটি সাৰুৱা বক্তব্য প্ৰদান কৰি কবি দিব্যজ্যোতি দাসে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে । কবি অনুপম নাথ, প্ৰবীণ কটকী আৰু মৃদুল কুমাৰ চহৰীয়াই নীলমণি ফুকনৰ কাব্যিক চেতনা, কবিঋষিগৰাকীৰ সান্নিধ্য আৰু তেওঁৰ ভাষাটোৰ প্ৰতি থকা দায়বদ্ধতাৰ কথা বক্তব্যত উল্লেখ কৰি উপস্থিত ৰাইজক বিমুগ্ধ কৰে। বিশিষ্ট ব্যক্তি প্ৰদীপ কুমাৰ গাভৰুপৰীয়া, ধৰ্মেন্দ্ৰ নাথ, ৰাতুল দাস, দুষ্মন্ত শৰ্মা, পাৰ্থপ্ৰতিম বৰা আৰু চন্দন কুমাৰ তিমচিনাৰ কবিতা আবৃত্তিয়ে অনন্য কাব্যিক পৰিৱেশৰ সৃষ্টি কৰে। নীলমণি ফুকনদেৱৰ শতাধিক গুণমুগ্ধৰ উপস্থিতিৰে উদ্‌যাপিত অনুষ্ঠানটিত বিশিষ্ট কবি, নিৱন্ধকাৰ ফাৰহান জাৱেদৰ সম্পাদনাত ‘’স্মৰণে নীলমণি’’ নামৰ এখনি কাব্য-পত্ৰিকা উন্মোচন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক তথা শিল্পী ঘন কটকীয়ে। উল্লেখ্য যে অনিয়মীয়া বিদ্যুৎ যোগানৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যালয় চৌহদত থকা গছ-লতিকাৰ তলত মাটি-চাকিৰ পোহৰতেই কাব্যঋষি নীলমণি ফুকনৰ অনুৰাগীয়ে অনুষ্ঠানটিত অংশগ্ৰহণ কৰে। কাণি-মুনি আন্ধাৰত ম’বাইলৰ ফ্লাছ লাইট জ্বলাই চিত্ৰশিল্পীসকলে ছবি অংকণ কৰি জাতীয় কবিগৰাকীৰ প্ৰতি থকা শ্ৰদ্ধা আৰু ভক্তি নিবেদন কৰি ৯২ সংখ্যক ওপজা দিন ব্যতিক্ৰমীভাৱে উদ্‌যাপন কৰি সকলোৰে দৃষ্টি নিৱদ্ধ কৰিবলৈ সক্ষম হয়। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত উপস্থিত থাকে অঞ্চলটোৰ বিশিষ্ট ব্যক্তি দিলীপ বৰা, বিশ্বজিত নাথ, ত্ৰৈলোক্য মোহন নাথ, দিলীপ কুমাৰ নাথ, জ্যোতিপ্ৰসাদ নাথৰ লগতে কবিঋষিগৰাকীৰ অগণন গুণমুগ্ধ।

প্ৰেৰক কল্পজ্যোতি নাথ

Featured