ঢেকীয়াজুলিত চিত্ৰলেখা হোটেলৰ পুখুৰীত ওপঙিল নিৰ্মলৰ দেহ

🔹 চুৰি কৰি পলায়ন কৰোঁতে জাঁপ দিছিল পুখুৰীত

বিশেষ বাৰ্তা, ১০ আগষ্ট : শ্বহীদ নগৰী ঢেকীয়াজুলিত চুৰি কৰি ধৰা পৰাৰ ভয়ত এটা প্ৰকাণ্ড পুখুৰীত জাঁপ মাৰি প্ৰাণ হেৰুৱালে এজন লোকে ৷ সমগ্ৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে বৃহত্তৰ অঞ্চলটোত। ঢেকীয়াজুলিৰ মাজমজিয়াত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে অৱস্থিত চিত্ৰলেখা হোটেলৰ পুখুৰীত আজি পুৱা নিৰ্মল পাল নামৰ লোকজনৰ মৃতদেহ উদ্ধাৰ হয় । উল্লেখযোগ্য যে ২৭ বছৰীয়া বিবাহিত লোকজনে ৮ আগষ্টৰ নিশা ঢেকীয়াজুলিৰ ২নং ৱাৰ্ডস্থিত ন চহৰ প্ৰাথমিক বিদ্যালয়ৰ পৰা আইপেড চুৰি কৰাৰ লগতে ৪নং ৱাৰ্ডৰ পৰা মোবাইল চুৰি কৰি পলায়ন কৰোঁতে স্থানীয় ৰাইজে দেখা পোৱাত চোৰটোৱে দৌৰি দৌৰি আহি ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে অৱস্থিত চিত্ৰলেখা হোটেলৰ স্বত্বাধিকাৰীৰ পুখুৰীত জাঁপ দিছিল। সেইদিনা ৰাইজে চোৰটোক বিচাৰি চাৰিওফালে হাহাকাৰ কৰিছিল যদিও সেইদিনা চোৰটোৰ কোনো সন্ধান নোলাল ৷ দুদিন পিছত আজি উক্ত পুখুৰীটোত নিৰ্মল পাল নামৰ লোকজনৰ মৃতদেহ প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে উদ্ধাৰ কৰে মৃতদেহটো । মৃতদেহটোৰ পকেটৰ পৰা আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ পৰিচয় পত্ৰ, এটিএম কাৰ্ডৰ লগতে নগদ ধন আৰু বিভিন্ন পৰিচয় পত্ৰ উদ্ধাৰ কৰে আৰক্ষীয়ে। ঢেকীয়াজুলি আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে ।

প্ৰেৰক কল্পজ্যোতি নাথ

Featured