১ মাৰ্চৰ পৰা বিমান বন্দৰ, ৰে’ল ষ্টেচনত কৰা নহ’ব ক’ভিড টেষ্ট

নিয়মীয়া বাৰ্তা, ১০ ফেব্ৰুৱাৰীঃ ৰাজ্যৰ বিমান বন্দৰ, ৰে’লৱে ষ্টেচনত ১ মাৰ্চৰ পৰা কৰা নহ’ব ক’ভিড টেষ্ট। বহিঃৰাজ্যৰ পৰা অহা লোকে বিমান বন্দৰ, ৰে’লৱে ষ্টেচনত ক’ভিড টেষ্ট কৰাটো বাধ্যতামূলক আছিল যদিও ১ মাৰ্চৰ পৰা এনে টেষ্ট কৰা নহ’ব।

ৰাজ্যখনত ক’ৰোনাক্ৰান্তৰ হাৰ যথেষ্টখিনি হ্ৰাস পোৱা আৰু ৰাজ্যজুৰি আৰম্ভ হোৱা ক’ৰোনা টিকাকৰণৰ বাবে ৰাজ্য চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি এই সম্পৰ্কে কৰে টুইট-