ৰেঞ্জাৰ নোহোৱাৰ সুযোগত ৰাণী বনাঞ্চলত অবাধ বন ধ্বংস

নিয়মীয়া বাৰ্তা ডিজিটেল, ৫ ফেব্ৰুৱাৰীঃ মহানগৰীৰ সমীপৱৰ্তী ৰাণীত সম্প্ৰতি চলিছে অবাধ বন ধ্বংস কাৰ্য। বন বিভাগৰ দায়িত্ববাহী বিষয়া নোহোৱাৰ সুযোগ লৈ দুষ্কৃতিকাৰীয়ে শাল,চেগুনকে ধৰি মূল্যৱান গছ-গছনি কাটি তহিলং কৰিছে। প্ৰাপ্ত তথ্য অনুসৰি ৰাণী বনাঞ্চলিক কাৰ্যালয়ৰ ৰেঞ্জাৰগৰাকী প্ৰায় ডেৰ মাহ পূৰ্বে অন্য ঠাইলৈ বদলি হয়। তাৰ পিছৰ পৰাই বিভাগীয় কৰ্তৃপক্ষই কোনো ৰেঞ্জাৰ নিযুক্তি দিয়া নাই। বৃহত্তৰ সংৰক্ষিত বনাঞ্চলখন মুৰব্বীবিহীন হৈ পৰাৰ সুযোগ লৈ সক্ৰিয় হৈ উঠিছে দুষ্কৃতিকাৰীৰ দল। পাহাৰৰ শিল, ৰঙামাটিৰ উপৰি অবাধ হাৰত কাটিছে বহু মূল্যৱান গছ-গছনি। কালি নিশা ৰাণীৰ চেঁচা খণ্ড বন কাৰ্যালয়ৰ অন্তৰ্গত জৰাশাল সংৰক্ষিত বনাঞ্চলত দুষ্কৃতিকাৰীয়ে কেইবাডালো শালগছ কাটি নিয়া ঘটনাই ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। স্থানীয় সচেতন লোকসকলে জানিবলৈ দিয়া মতে, ৰাণী বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়তো মুৰব্বীবিহীন হৈ পৰাৰ ফলত খণ্ড বন বিষয়াসকলে নিজৰ খেয়াল খুচিমতে কাম-কাজ চলাই আছে। আনকি নিশাৰ ভাগত বনাঞ্চলখনত চলা নৈশ পেট্ৰলিঙো বন্ধ কৰি ৰাখিছে। যাৰ বাবে বন ধ্বংসকাৰী আৰু খণ্ড বন বিষয়াসকলৰ মাজত কিবা গোপন বুজাবুজি আছে নেকি বুলিও ৰাইজৰ মাজত চৰ্চা চলিছে। আনহাতে পাহাৰৰ শিল, ৰঙামাটি কঢ়িওৱা ডাম্পাৰৰ অতপালিত সাধাৰণ নাগৰিকৰ জীৱন বিপন্ন হৈ পৰাৰ পিছতো বন বিভাগ, পৰিবহণ বিভাগে কোনো ব্যবস্থা গ্ৰহণ নকৰা কাৰ্যই ৰহস্যৰ সৃষ্টি কৰিছে। সচেতন লোকসকলে শীঘ্ৰে এগৰাকী ৰেঞ্জাৰ নিযুক্তি দিয়াৰ লগতে বন ধ্বংসৰ লগত জড়িত দুষ্কৃতিকাৰীসকলক চিনাক্ত কৰা আৰু ডাম্পাৰৰ অতপালি বন্ধ কৰাৰ ব্যবস্থা কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে।

Featured