বাবৰ–ঔৰংগজেবৰ শাসন দিল্লী–দিছপুৰত নচলিব

ডিব্রুগড়ত মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ হুংকাৰ

নিয়মীয়া বাৰ্তা ১২ অক্টোবৰঃ  আজমলৰ পৃষ্ঠপোষকতা শেষ নকৰা পর্যন্ত এই সংগ্রাম অব্যাহত থাকিব৷ এই সংগ্রাম খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ সংগ্রাম৷ এই সংগ্রাম ৰাজ্যৰ সাতামপুৰুষীয়া ঐক্য–সংহতি, কৃষ্টি–সংসৃকতি আৰু ঐতিহ্য–সভ্যতা ৰক্ষাৰ সংগ্রাম৷ বাবৰ–ঔৰংগজেবক আমি দিল্লীতো শাসন কৰিব দিয়া নাই৷ শদিয়া–ধুবুৰীতো নিদিওঁ৷ –এই মন্তব্য ৰাজ্যৰ বিত্ত, শিক্ষা, স্বাস্থ্য আৰু লোকনির্মাণ আদি বিভাগৰ মন্ত্রী তথা ‘নেডা’ৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মাৰ৷ দেওবাৰে ডিব্রুগড় চহৰৰ ঐতিহ্যমণ্ডিত চৌকিডিংগী খেলপথাৰত অনুষ্ঠিত ৰাজ্যিক বিজেপিৰ মহিলা মর্চাৰ নৱগঠিত সমিতিৰ প্রথমখন কার্যনির্বাহক সভাত ভাষণ প্রদান কৰি মন্ত্রীগৰাকীয়ে এইদৰে একপ্রকাৰ হুংকাৰ দিয়ে সমাজবিৰোধী শক্তিসমূহক৷ উদাত্ত ভাষণ প্রসংগত মন্ত্রী ড০ শর্মাই কয়– পাঁচশ বছৰ আগতে ভাৰতীয় সভ্যতা, সংসৃকতি আৰু পৰম্পৰাত মোগলৰ যি ধ্বংসলীলা আছিল, অনুৰূপভাৱে বর্তমান আজমলৰ সভ্যতা–সংসৃকতিয়ে এক অশুভ পৰম্পৰা সৃষ্টি কৰিছে৷ নামনি অসম, মধ্য অসমৰ বিস্তৃত এলেকা, বটদ্রৱা থানৰ ভূমি, সত্রসমূহ তথা কাজিৰঙাকো আজমলৰ সভ্যতা–সংসৃকতিয়ে গ্রাস কৰিব পাৰিছিল৷ সেই আজমলৰ সেনানীয়ে উজনি অসমলৈও গতি কৰিছিল৷ কিন্তু কঠিন পৰিস্থিতিৰ মাজত আমাৰ চৰকাৰে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ নেতৃত্বত আজমল সেনানীক পৰাভূত কৰি এক সুস্থিৰ বাতাৱৰণ সৃষ্টি কৰাৰ লগতে বেদখলীকৃত প্রায় ১৪ হাজাৰ বিঘা ভূমি পুনৰ উদ্ধাৰ কৰি এক লক্ষাধিক খিলঞ্জীয়া ভূমিপুত্রক ভূমিৰ অধিকাৰ প্রদান কৰিবলৈ সক্ষম হৈছেছা৷ আমাৰ সন্মুখত বিকাশৰ সমস্যা আছিল, সকলো জাতি–জনগোষ্ঠীৰ সমভাৱে উন্নয়নৰ সমস্যা আমাৰ সন্মুখত আছিল, কিন্তু বিগত বছৰকেইটাত নিৰৱচ্ছিন্নভাৱে কাম কৰি আজিৰ তাৰিখত এক সফলতাৰ দিশলৈ যাবলৈ সক্ষম হৈছেছা৷ গঁড হত্যা আমাৰ চৰকাৰৰ দিনত বন্ধ কৰি আজমলৰ সভ্যতা–সংসৃকতিক উৎখাত কৰি কাজিৰঙাক এক নতুন পৰিচয় দিবলৈ সক্ষম হৈছোঁ৷ আজমলৰ সভ্যতা–সংসৃকতিয়ে যদি খিলঞ্জীয়া কোনো জীয়ৰী–বোৱাৰীৰ ওপৰত অত্যাচাৰ–উৎপীডন চলায়, তাৰ শাস্তি হ’ব এটাই, সেয়া হ’ব মৃত্যুদণ্ড৷ তেনে এক সংকল্পৰে আমি কাম কৰিছেছা৷ এইবাৰ যদি আমাৰ চৰকাৰ শাসনলৈ আহে, তেনেহ’লে সামাজিক মাধ্যমত নিজ ধর্ম লুকুৱাই আমাৰ জীয়ৰী–বোৱাৰীক প্রতাৰণা কৰিলে তাক কোনোপধ্যেই ক্ষমা নকৰাৰ পণ আমি গ্রহণ কৰিছেছা৷

মাদ্রাছা বন্ধৰ প্রসংগ উল্লেখ কৰি মন্ত্রী ড০ শর্মাই কয়– শংকৰ–আজানৰ পৰিৱেশৰ বিপৰীতে ধম্য় গোডামিৰে স্থাপন কৰা মাদ্রাছাসমূহ বন্ধ কৰি দিয়াৰ সিদ্ধান্ত গ্রহণ কৰিছেছা৷ ভাৰতৰ চুফী আন্দোলন আৰু অসমৰ নৱবৈষৱবাদৰ ওপৰত এক নতুন বাতাৱৰণ সৃষ্টি হওক৷ গোডা মাদ্রাছাৰ শিক্ষা অসমৰ পৰিৱেশৰ পৰিপন্থী৷ আমাৰ সভ্যতা–সংসৃকতিৰ ওপৰত অহা প্রতিটো প্রত্যাহ্বান আমি সাহসেৰে গ্রহণ কৰাৰ সংকল্প গ্রহণ কৰিছেছা৷ সভ্যতাৰ যুঁজত যদি আমি হাৰো আৰু ১৫ বছৰ পাছত আমি এইখন ৰাজ্যত জীয়াই থাকিব নোৱাৰিম৷ শৰাইঘাটৰ যুঁজখন পাঁচ বছৰত শেষ নহয়, এই সংগ্রাম অব্যাহত থাকিব৷ আজমলৰ সভ্যতা–সংসৃকতিক শেষ নকৰালৈকে এই যুদ্ধ চলাই নিয়াৰ আমি সংকল্প গ্রহণ কৰিছোঁ৷ ২০২১ চনৰ নির্বাচন আমাৰ বাবে সভ্যতা আৰু সংসৃকতি ৰক্ষাৰ নির্বাচন৷ এয়া আঁচনিৰ নির্বাচন নহয়৷ কোনো মন্ত্রী–বিধায়কবা মুখ্যমন্ত্রী হোৱাৰ নির্বাচন নহয়৷ এয়া আমাৰ জাতিটোক জীয়াই ৰখাৰ নির্বাচন৷ সেই বাবে ভাৰতীয় জনতা পাট্ৰ প্রতিজন কার্যকর্তাই এই নির্বাচনত পুনৰ দলটোক শাসনৰ মজিয়ালৈ আনিবলৈ অহোপুৰুষার্থ কৰিব লাগিব৷ আমাৰ দায়িত্ব আছে, কর্তব্য আছে৷ ইয়াত ব্যক্তিগত পোৱা–নোপোৱাৰ হিচাপ কৰাৰ সময় নাই৷ মহিলা সবলীকৰণৰ বিষয়ে উল্লেখ কৰি মন্ত্রী ড০ শর্মাই কয় যে জাতিটোক জীয়াই ৰখাৰ স্বার্থত মহিলাসকলৰ প্রভূত অৰিহণা আছে৷ সেয়ে কেন্দ্র আৰু ৰাজ্যত শাসনত থকা বিজেপি নেতৃত্বাধীন চৰকাৰ দুখনে দেশৰ মহিলাসকলক সবল কৰাৰ লক্ষ্যৰে বিভিন্ন অভিলাষী আঁচনি গ্রহণ কৰিছে৷ অসম চৰকাৰেও অৰুন্ধতী, অৰুণোদয় আদি আঁচনিৰ যোগেদি মহিলাসকলক সবল কৰাৰ প্রয়াস কৰিছে৷ কাৰণ মহিলাসকল সবল হ’লেহে এখন সমাজ সবল হ’ব৷ সেয়ে ৰাজ্যখনৰ দুই লাখ আত্মসহায়ক গোটলৈ ৬শ কোটি টকা, অৰুণোদয় আঁচনিৰ যোগেদি প্রতি মাহে ২০ লক্ষ মহিলাক ৮৩০ টকাকৈ প্রদান কৰাৰ দৰে সাহসী পদক্ষেপ গ্রহণ কৰিছে৷ দেশৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ভাৰতবর্ষক বিশ্বগুৰু হিচাপে থিয় কৰাবলৈ অহর্নিশে কাম কৰি আছে আৰু আমিও আমাৰ ৰাজ্যখনক দেশৰ উন্নত পাঁচখন ৰাজ্যৰ ভিতৰত প্রতিষ্ঠা কৰিব লাগিব৷ অসমৰ সভ্যতা–সংসৃকতিৰ ভেটি বীৰাংগনাসকলে নির্মাণ কৰি থৈ গৈছে, আৰু আমিও তেওঁলোকৰ আদর্শ–প্রেৰণাৰে উদ্বুদ্ধ হৈ মহিলা সমাজক আগুৱাই লৈ যোৱাটো আমাৰ মূল দায়িত্ব আৰু ৰাজনীতি কৰাৰ মূল প্রেৰণা৷

Featured