মোৰ দিনত এপিএছচিত কোনো কেলেংকাৰি হোৱা নাই : মুখ্যমন্ত্ৰী

বিশেষ বাৰ্তা, ২৯ নৱেম্বৰঃ অসম লোকসেৱা আয়োগৰ কেলেংকাৰিৰ তদন্ত প্রক্রিয়াৰ প্রসংগত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি সংবাদ মাধ্যমৰ আগত স্পষ্ট কৰি দি কয় যে তদন্ত কৰাটো আৰক্ষীৰ কাম৷ আৰক্ষীয়ে আৰক্ষীৰ কাম কৰি যাব৷ তদন্ত কৰাটো মুখ্যমন্ত্রীৰ কাম নহয়৷ মুখ্যমন্ত্রী ড০ শর্মাই লগতে তেওঁৰ দিনত অসম লোকসেৱা আয়োগত কোনো কেলেংকাৰি হোৱা নাই বুলি স্পষ্ট কৰি দি কয় যে যোৱাবাৰো লোকসেৱা আয়োগত কোনো কেলেংকাৰি হোৱা নাই৷ বর্তমানো লোকসেৱা আয়োগৰ পৰীক্ষা চলি আছে৷ এনে অৱস্থাত এইবোৰ কথা পাতি থাকিলে বর্তমানৰ পৰীক্ষার্থীসকল নিৰাশ হ’ব৷ পূর্বতে যি কেলেংকাৰি হৈছিল তাৰ তদন্ত আৰক্ষীয়ে কৰিব৷ সেই বিষয়ত গুৱাহাটী উচ্চ ন্যায়ালয়েও চাই আছে৷ আৰক্ষীয়ে যি কৰিব লাগে এশ শতাংশই কৰিব৷ আমি সদায় ভৱিষ্যতৰ কথা চাব লাগে৷ বর্তমান চৰকাৰে এক লাখ নিযুক্তি, দুই লাখ নিবনুৱাক আত্মসংস্থাপন দিয়া আদি বিষয়সমূহ চাই আছে৷ ইপিনে, বিধায়ক পুঁজিৰ ধন আদায় নোপোৱাৰ প্রসংগত সাংবাদিকে কৰা প্রশ্ণৰ উত্তৰত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে যি বিধায়কে নিজৰ পুঁজি দিছপুৰত লাগি আনিব পৰা নাই, তেনে বিধায়কৰ ক্ষেত্রত মুখ্যমন্ত্রীয়ে কি উত্তৰ দিব? নিজৰ পুঁজিৰ ধন মোকলাই আনিব নোৱাৰা বিধায়কে পৰৱর্তী নির্বাচনত টিকটেই পাব নালাগে বুলিও মুখ্যমন্ত্রী ড০ শর্মাই তাৎপর্যপূর্ণ মন্তব্য কৰে৷

#বাৰ্তা ডেস্ক

Featured