থলুৱাক বঞ্চনাঃ কনিষ্টবলৰ ১৪৭ পদত নিযুক্তি বহিঃৰাজ্যৰ যুৱকক

উত্তৰ–পূব সীমান্ত ৰে’লৱেত পুনৰ অসমৰ নিবনুৱাক অৱজ্ঞা

নিয়মীয়া বাৰ্তা ২৩ ছেপ্টেম্বৰঃ  অসম তথা উত্তৰ–পূবৰ নিবনুৱাৰ প্রতি চৰকাৰী বঞ্চনাৰ ধাৰাবাহিকতা অব্যাহত আছে৷ কি কেন্দ্রীয় চৰকাৰ, কি ৰাজ্য চৰকাৰ– সকলোতে চাকৰি বিচাৰি গৈ বাৰম্বাৰ বিমুখ হ’বলগীয়া হৈছে থলুৱা নিবনুৱাসকল৷ ৰাজ্য চৰকাৰে অসমৰ লাখ লাখ নিবনুৱাৰ ভৱিষ্যতক লৈ চৰম হেতালি খেলি অহাৰ সময়তে ৰে’ল বিভাগৰ আন এক প্রৱঞ্চনা পোহৰলৈ আহিছে৷ জানিব পৰা মতে, উত্তৰ–পূব সীমান্ত ৰে’লৱেৰ শতাধিক আৰ পি এফ কনিষ্টবল পদৰ নিযুক্তি প্রক্রিয়া শেহতীয়াকৈ সম্পন্ন হৈ যায়৷ কিন্তু অতি দুর্ভাগ্যজনকভাৱে নিযুক্তিপ্রাপ্তৰ তালিকাত অন্তর্ভুক্ত নহ’ল এজনো অসম তথা উত্তৰ–পূবৰ নিবনুৱা৷ ইয়াৰ বিপৰীতে আটাইকেইটা পদতে নিযুক্তি লাভ কৰিলে বিহাৰ আৰু পশ্চিমবংগৰ যুৱকে৷ যোৱা ১৮ ছেপ্টেম্বৰত প্রকাশিত নিযুক্তি তালিকাত উত্তৰ–পূবৰ যুৱক–যুৱতীসকলৰ্ প্রতি কৰা এই বঞ্চনা জলজল–পটপট হৈ পৰিছে৷

উল্লেখ্য যে ১৮ ছেপ্টেম্বৰৰ দিনা উত্তৰ–পূব সীমান্ত ৰে’লৱেৰ মালিগাঁৱৰ কার্যালয়ৰ পৰা ১৪৭জন কনিষ্টবলৰ তালিকা প্রকাশ কৰা হয়৷ এই কনিষ্টবলসকলক উত্তৰ–পূব সীমান্ত ৰে’লৱেৰ অন্তর্গত ৫টা ৰে’ল ডিভিজনত চাকৰিত মকৰল কৰা হৈছে৷ প্রাৰম্ভিক প্রশিক্ষণ সমাপ্ত কৰাৰ পিছত এইসকল যুৱক–যুৱতীক দুবছৰৰ বাবে প্রবেচনাৰ হিচাপে নিযুক্তি প্রদান কৰা হৈছে৷ কিন্তু এন এফ ৰে’লৱেত চাকৰিপ্রাপ্তসকলৰ তালিকাত প্রথমৰ পৰা শেষলৈ ক’তোৱে অসমৰ বা উত্তৰ–পূবৰ যুৱকৰ নাম বিচাৰি পাবলৈ নাই৷ উত্তৰ–পূব সীমান্তত ৰে’লৱেত বছৰৰ পাছত বছৰ ধৰি একেই বঞ্চনা চলি আহিছে৷ বহিৰাগত বিষয়াৰ এটা লবীয়ে ৰে’লৱেৰ নিযুক্তি প্রক্রিয়া অতি কৌশলেৰে নিজৰ হাতত ৰাখিবলৈ সক্ষম হৈছে৷ মূলতঃ উত্তৰ–পূব সীমান্ত ৰে’লৱেত সংযোজিত হৈ থকা দুটা ৰে’ল ডিভিজনৰ জৰিয়তে বহিঃৰাজ্যৰ যুৱকসকলক ইয়াত নিযুক্তি প্রদান কৰা হয়৷ প্রণিধানযোগ্য যে উত্তৰ–পূব সীমান্ত ৰে’লৱেত মুঠ ৫টা ৰে’ল ডিভিজন আছে৷ এই ডিভিজনকেইটা হ’ল– লামডিং, ৰঙিয়া, তিনিচুকীয়া, আলিপুৰদুৱাৰ আৰু কাটিহাৰ৷ ইয়াৰে পশ্চিমবংগৰ ৰে’ল মানচিত্রৰ এটা সৰু অংশক সামৰি আলিপুৰদুৱাৰ আৰু বিহাৰৰ তেনেই এটা সৰু অংশক সামৰি কাটিহাৰ সংমণ্ডল গঠন কৰা হৈছিল৷ উত্তৰ–পূব সীমান্ত ৰে’লৱেতো নিজৰ দপদপনি অব্যাহত ৰাখিবৰ বাবেই এই ৰে’ল সংমণ্ডল দুটা এন এফ ৰে’লৱেত সংযোজন কৰি দিয়া হৈছিল৷ ইয়াৰ পিছত অসমবিৰোধী বিষয়াৰ লবীটোৱে এন এফ ৰে’লৱেত নিযুক্তি প্রক্রিয়া আৰম্ভ হ’লেই কাটিহাৰ আৰু আলিপুৰদুৱাৰত নিজৰ পছন্দৰ প্রার্থীৰ দ্বাৰা আটাইবোৰ পদ পূৰণ কৰে৷ ইয়াকে লৈ দীর্ঘদিন ধৰি অসমত বাদ–প্রতিবাদ হৈ আহিছিল৷ ৰাজ্যৰ জাতীয় দল–সংগঠনসমূহে বহিঃৰাজ্যৰ প্রার্থীসকলক অসমত যোগদানৰ ক্ষেত্রত বাধাও প্রদান কৰিছিল৷ এই প্রতিক্রিয়াৰ অন্ত পেলাবলৈ ৰে’ল বিভাগৰ শীর্ষ আমোলাৰ লবীটোৱে আন এক চক্রান্ত ৰচনা কৰে৷ তেওঁলোকে গুৱাহাটীত থকা ৰে’লৱে নিযুক্তি ব’ডখন কিছু বছৰ পূর্বে ভংগ কৰি দিয়ে আৰু তাৰ সলনি কেইবাটাও ঠাইত নিযুক্তি কেন্দ্র স্থাপন কৰে৷ এন এফ ৰে’লৱেত নিযুক্তিৰ বাবে নিউ জলপাইগুৰি, শিলিগুৰি, মালদহ আদিৰ লগতে বিহাৰৰ দানাপুৰ, হাজিপুৰ আদিতো নিযুক্তি কেন্দ্র স্থাপন কৰা হয়৷ লক্ষণীয় কথাটো হ’ল, ইয়াৰে হাজিপুৰৰ নিযুক্তি কেন্দ্রটো উত্তৰ–পূব সীমান্ত ৰে’লৱেৰ পৰিসীমাৰ অন্তর্গত নহয়েই৷ তাৰ পিছতো বিহাৰৰ যুৱকক ৰে’লৱেৰ চাকৰিত মকৰলৰ স্বার্থতে তাত নিযুক্তি কেন্দ্র স্থাপন কৰা হ’ল৷

যাৰ ফলত উত্তৰ–পূব সীমান্ত ৰে’লৱেৰ নিযুক্তি পৰীক্ষাৰ বাবে বহিঃৰাজ্যৰ যুৱকসকল গুৱাহাটী বা অসমলৈ অহাৰ প্রয়োজনীয়তা নোহোৱা হৈ গ’ল৷ তেওঁলোকে এতিয়া নিজ নিজ স্থানতে ‘নিজৰ ধৰণে’ নিযুক্তি পৰীক্ষাত অৱতীর্ণ হৈ অনায়াসে উত্তীর্ণও হয়৷ তাৰ পিছত নীৰৱে প্রশিক্ষণ সমাপ্ত কৰি উত্তৰ–পূব সীমান্ত ৰে’লৱেৰ চাকৰিত যোগদান কৰে৷ অনুৰূপধৰণে এন এফ ৰে’লৱেৰ ১৪৭টা কনিষ্টবল পদৰ আটাইকেইটাতে নিযুক্তি লাভ কৰিলে বিহাৰ, পশ্চিমবংগৰ যুৱকে৷ স্বাভাৱিকতে এতিয়া নামতহে উত্তৰ–পূব সীমান্ত ৰে’লৱে আছে, ভাৰতীয় ৰে’লৱেৰ এই শাখাটোত হিন্দী বলয়ৰ ৰাজ্যৰ বিষয়া–কর্মচাৰীৰ দপদপনি আজিও অব্যাহত আছে৷