দুলুং বনাঞ্চলত ধ্বংসযজ্ঞ চলাই কোটিপতি হ’ল বনদস্যু হাজৰিকা

লখিমপুৰৰ বীৰাপ্পানঃ লুপ্ত হোৱাৰ পথত এছিয়াৰ বিখ্যাত চিয়া নাহৰ

নিয়মীয়া বাৰ্তা ২৪ ছেপ্টেম্বৰঃ  লখিমপুৰত এজন ‘বীৰাপ্পান’ৰ আৱির্ভাৱ হৈছে৷ জিলাখনৰ দুলুং বনাঞ্চলৰ গছ কাটি হাজাৰ হাজাৰ কুণ্ডা বিক্রী কৰি কোটিপতি ব্যৱসায়ীত পৰিণত হৈছে এই বনদস্যু৷ দুলুং বনাঞ্চল এছিয়াৰ ভিতৰত বিখ্যাত চিয়া নাহৰৰ গছৰ বাবে৷ কিন্তু যোৱা ১৫ বছৰ ধৰি হাজৰিকা উপাধিধাৰী লখিমপুৰৰ বনদস্যুগৰাকীৰ উপদ্রৱত নিঃশেষ হৈছে হাজাৰ হাজাৰ গছ৷ লখিমপুৰ জিলাৰ বন বিভাগৰ আশীর্বাদপুষ্ট তথা বন বিভাগৰ  পৰা আৰম্ভ কৰি আৰক্ষী বিভাগৰ শীর্ষ বিষয়াৰ সৈতে গোপন মিতিৰালিৰ সুবাদতে বনদস্যু হাজৰিকাই চলাই আহিছে বনাঞ্চল ধ্বংসৰ অভিযান৷ এই কুখ্যাত কাঠ বেপাৰীজনে ইতিমধ্যে লখিমপুৰৰ পৰা আৰম্ভ কৰি গুৱাহাটীলৈকে সম্পত্তিৰ পাহাৰ গঢ়িছে৷ কাঠৰ চোৰাং বেহাৰ ধন বৈধ কৰিবৰ বাবে হোটেল ব্যৱসায় আৰম্ভ কৰা বনদস্যু হাজৰিকাই শেহতীয়াকৈ আৰম্ভ কৰিছে সুৰা আৰু ভাঙৰ ব্যৱসায়৷ প্রকৃতি ধ্বংস কৰি মানৱ সভ্যতালৈ ভাবুকি সৃষ্টি কৰা বনদস্যুগৰাকীয়ে নিচাযুক্ত সামগ্রী বিক্রী কৰি এইবাৰ যুৱপ্রজন্মক ধ্বংস কৰাৰ অভিযান আৰম্ভ কৰিছে৷

সমাজৰ বাবে অভিশাপস্বৰূপ হৈ পৰা এই কোটিপতি বনদস্যুৱে উত্তৰ লখিমপুৰ চহৰৰ পাঁচ স্থানত মাটি–সম্পত্তি ক্রয় কৰাৰ উপৰি গুৱাহাটীত একাধিক ফ্লেট আৰু ফাঁচীবজাৰ, পাণবজাৰ আদি অঞ্চলত মাটি ক্রয় কৰিছে৷ প্রাপ্ত তথ্য মতে, ২০০৫ চনত বনদস্যু হাজৰিকা এটা কাঠফলা মিলৰ মহৰি আছিল৷ কিন্তু কম দিনৰ ভিতৰতে আহমেদ উপাধিৰ এজন বন বিষয়াৰ লগ হৈ কাঠৰ চোৰাং ব্যৱসায় আৰম্ভ কৰে৷ এটা ম্যাদ উকলা টিম্বাৰ ডিপো হিন্দীভাষী লোক এজনৰ পৰা হস্তগত কৰি তেওঁ উত্তৰ লখিমপুৰ চহৰত আৰম্ভ কৰে কাঠৰ বেপাৰ৷ ইয়াৰ লগে লগে প্রতিনিশাই মিলটোলৈ সৰবৰাহ হ’বলৈ লয় দুলুং বনাঞ্চলৰ গছ৷ বনদস্যুগৰাকীৰ জীৱনলৈ টার্নিং পইণ্ট হৈ আহে ২০০৭ চনটো৷ এই বর্ষতে বন বিষয়াৰ লগ হৈ দুলুং বনাঞ্চলত শ শ চিয়া নাহৰ গছ কাটিবলৈ আৰম্ভ কৰে৷ বনাঞ্চলখনত প্রায় ৫০০০ কাঠৰ কুণ্ডাই ভৰি পৰে৷ কিন্তু চতুৰ বনদস্যুগৰাকীয়ে ইয়াৰে প্রায় ১০০০ কুণ্ডা বন বিভাগৰ দ্বাৰা বাজেয়াপ্ত কৰায়৷ বন বিভাগে বাজেয়াপ্ত কৰা এই কুণ্ডাসমূহ পুনৰ নিলামত লাভ কৰে বনদস্যু হাজৰিকাই৷ ফলত বন বিভাগৰ পৰা নিলামত লাভ কৰা কুণ্ডাসমূহ বিক্রী কৰিবলৈ বৈধ অনুমতি–পত্র লাভ কৰে৷ ইয়াৰে অচিলা লৈ জংঘলত থকা অন্য চাৰি হাজাৰ কুণ্ডা গুৱাহাটীলৈ অবৈধভাৱে সৰবৰাহ কৰে৷ নিলামত লাভ কৰা ১০০০ কুণ্ডাৰ নথিৰেই তেওঁ অবৈধভাৱে অন্য চাৰি হাজাৰ কুণ্ডা বজাৰত বিক্রী কৰে৷ এই কাৰচাজিত বনদস্যুগৰাকীক সম্পূর্ণ সহায় কৰে বিতর্কিত বন বিষয়া আহমেদে৷ ইয়াৰ পাছৰ পৰা উভতি চাব লগা হোৱা নাই বনদস্যুগৰাকীয়ে৷ দুলুং বনাঞ্চলৰ চিয়া নাহৰ গছ বিক্রী কৰি উত্তৰ লখিমপুৰ চহৰৰ মাজমজিয়াত মাটি ক্রয় কৰি গঢ়ি তুলিলে বিশাল হোটেল৷ একাংশ ৰাজনৈতিক নেতাৰো সহায় লাভ কৰা হাজৰিকাৰ বনাঞ্চল ধ্বংসৰ অভিযান আজিও অব্যাহত আছে৷