দৰং কলেজত উত্তৰ-পূব মহাকাশ আন্দোলনৰ সজাগতা সভা

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৮ ছেপ্টেম্বৰঃ ১৬ ছেপ্টেম্বৰত বিজ্ঞান ভাৰতী, উত্তৰ-পূব মহাকাশ আন্দোলন (NESM), নৰ্থ ইষ্ট চেণ্টাৰ ফৰ টেকন’লজি এপ্লিকেচন ৰিচ (NECTAR)ৰ যৌথ উদ্যোগত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ (ISRO) আৰু স্পেচ অন হুইলছ পদক্ষেপৰ অংশ হিচাপে এক উল্লেখযোগ্য সজাগতা কাৰ্যসূচী তেজপুৰৰ দৰং মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগ (ASCPCR) আৰু উত্তৰ-পূৱ মহাকাশ আবেদন কেন্দ্ৰৰ সহযোগত আয়োজন কৰা হয়। উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ অধ্যক্ষ ডাঃ শ্যামল প্ৰসাদ শইকীয়াৰ লগতে আয়োগৰ সদস্য হিচাপে অজয় ​​কুমাৰ দত্ত, ৰিলাঞ্জনা তালুকদাৰ, বিজ্ঞান ভাৰতীৰ সম্পাদক ৰাজীৱ শৰ্মা, দৰং মহাবিদ্যালয়ৰ অধ্যক্ষ ড° পি.এম শইকীয়া আৰু তেজপুৰ বিজ্ঞান একাডেমী NECTARৰ ড° ভূঞা আদি বহুকেইজন উপস্থিত থাকে। অনুষ্ঠানৰ আৰম্ভণিতে ৰাজীব শৰ্মাৰ আদৰণী ভাষণেৰে এই অনুষ্ঠান আয়োজনৰ আঁৰৰ মূল উদ্দেশ্য বিশদভাৱে বাখ্যা কৰে। তেওঁ নৱ প্ৰজন্মক বিজ্ঞান আৰু প্ৰযুক্তিৰ পৰিসৰ বুজিবলৈ আৰু তাৰ ওপৰত কেৰিয়াৰ গঢ়ি তোলাৰ বাবে প্ৰেৰণা যোগোৱা আৰু প্ৰভাৱিত কৰা বুলি উল্লেখ কৰে। আয়োগৰ অধ্যক্ষ ড° শ্যামল প্ৰসাদ শইকীয়াই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিযোগিতামূলক পৰীক্ষাৰ জৰিয়তে ৪০০ মেধাৱী ছাত্ৰ-ছাত্ৰীক বাছনি কৰা আৰু শেষত ৫ জন ছাত্ৰ-ছাত্ৰীক বাছনি কৰি মহাকাশ আৰু প্ৰযুক্তিবিদ্যাৰ ওপৰত বহিঃৰাজ্যত অধ্যয়ন কৰিবলৈ দিয়াৰ বিষয়ে অৱগত কৰে। আয়োগৰ সদস্য ৰিলাঞ্জনা তালুকদাৰে ৰবটিক্স, কৃত্ৰিম বুদ্ধিমত্তা, দূৰসংযোগ আৰু নেটৱৰ্কিং, দুৰ্যোগ ব্যৱস্থাপনা, জলবায়ু পৰিৱৰ্তন নিৰীক্ষণ আৰু প্ৰশমন, চিকিৎসা বিজ্ঞান আদি বিভিন্ন ক্ষেত্ৰত কেৰিয়াৰ পথ হিচাপে মহাকাশ আৰু প্ৰযুক্তি বাছনি কৰাৰ গুৰুত্ব বৃদ্ধি কৰাৰ বিষয়ে কয় আয়োগৰ আন এজন সদস্য অজয় ​​দত্তই ছাত্ৰ-ছাত্ৰীসকলক মহাকাশ আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত কঠোৰ অধ্যয়ন আৰু নিজকে শক্তিশালি কৰাৰ লগতে জ্ঞানৰ বহল দিশসমূহ সম্প্ৰসাৰণৰ বাবেও প্ৰেৰণা যোগাইছিল। একেদৰে আন বিশিষ্ট ব্যক্তিসকলেও জাতিটোৰ আগন্তুক প্ৰজন্মক প্ৰেৰণাত্মক ভাষণ প্ৰদান কৰে।। অৱশেষত আয়োগৰ অধ্যক্ষই ছাত্ৰ-ছাত্ৰীৰ বাবে “Space on Wheels” অৰ্থাৎ প্ৰযুক্তিৰে সজ্জিত বাছখন উদ্বোধন কৰে। সংগঠনটিৰ সমগ্ৰ প্ৰচেষ্টাক উপস্থিত ৰাইজে ভূয়সী প্ৰশংসা কৰে। উক্ত দিনাই শোণিতপুৰ জিলা আয়ুক্তৰ সভা কক্ষত অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ এক পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। উক্ত সভাত সভাপতিত্ব কৰে আয়োগৰ অধ্যক্ষ ড০ শ্যামল প্ৰসাদ শইকীয়া (Retd IPS), আয়োগৰ সদস্য অজয় ​​কুমাৰ দত্ত, ৰিলাঞ্জনা তালুকদাৰ আৰু জিলাখনৰ বিভিন্ন বিভাগৰ বিষয়া সকল কবিতা কাকতি কোঁৱৰ, ড. মৌচুমী কলিতা, ৰূপক বৰুৱাৰ লগতে আৰক্ষী, শ্ৰম ,শিক্ষা, সমাজ কল্যাণ, শিশু সুৰক্ষা সমিতি, জিলা শিশু সুৰক্ষাগোট, পৰিবহণ বিভাগৰ বিষয়াসকল। ইয়াৰ উপৰি আজি আয়োগে বেটানি ঝাৰ মডেল অংগনবাড়ী কেন্দ্ৰ, পৰোৱা গাঁও অংগনবাড়ী কেন্দ্ৰ, ভোজখোৱা চাপৰি অংগনৱাড়ী কেন্দ্ৰ পৰিদৰ্শন কৰে। যিহেতু ছেপ্টেম্বৰ মাহটো পোষন মাহ সেয়েহে পোষন কাৰ্যসূচীত অংশগ্ৰহণ কৰি ল’ৰা-ছোৱালী আৰু তেওঁলোকৰ প্ৰশাসকসকলৰ সৈতে মত বিনিময় কৰে। অৱশেষত আয়োগে পৰোৱা তেজপুৰৰ প্ৰসূতি আৰু শিশু স্বাস্থ্য শাখাও পৰিদৰ্শন কৰি এছএন চিইউ বিভাগটো চায় আৰু অধীক্ষক আৰু বিভাগটোৰ সংশ্লিষ্ট ব্যক্তিসকলৰ সৈতে মত বিনিময় কৰে।

Featured