‘বাহুবলী হ’বলৈ নহয়…’কিয় গাড়ীৰ ওপৰত উঠে ক’লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

নিয়মীয়া বাৰ্তা ১৮ ফেব্ৰুৱাৰীঃ  নিৰ্বাচন প্ৰচাৰ ৰেলীৰ সময়ত ড০ হিমন্ত বিশ্ব শৰ্মাই গাড়ীৰ ওপৰত উঠাৰ প্ৰসংগত হয় ভীষণ চৰ্চা। ইয়াকে লৈ মিম ওলাই যে ড০ শৰ্মাই নিজকে বাহুবলী বুলি প্ৰদৰ্শন কৰে। এই প্ৰসংগত কালি তেওঁৰ এখন বিশেষ গ্ৰন্থ এটা সপোনৰ পম খেদি উন্মোচনী অনুষ্ঠানত ব্যাখ্যা কৰিলে মন্ত্ৰী গৰাকীয়ে।

তেওঁ কয় যেতিয়া কোলাত শিশু লৈ কোনাবা মহিলাই মোৰ সাক্ষাতৰ বাবে আহে আৰু শিশুটি ভিৰৰ হেঁচাত পৰা যেন মোৰ অনুভৱ হয় তেতিয়া মই সমদলত ভিৰ নিয়ন্ত্ৰণৰ বাবে গাড়ীৰ ওপৰত উঠি লওঁ। বহুতেই মোক লৈ মিম কৰে। মিম এক ক্রিয়েটিভিটী। মিম কৰাজনৰ লগতটো মোৰ মাটি বাৰীৰ কাজিয়া নাই। গতিকে মই বেয়া পাৱাৰ প্রশ্নই নুঠে।