কাকপথাৰত ঘৰে ঘৰে এতিয়া কান্দোনৰ ৰোল

👉মৃতদেহ লৈ সোণজান গাঁৱত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ
👉একেলগে জ্বলিল সাতখনকৈ চিতা
নিয়মীয়া বাৰ্তা, ৬ ছেপ্টেম্বৰঃ যানবাহন আইন যিমানেই কঠোৰ নকৰক কিয়, পথ সুৰক্ষা সপ্তাহ, মাহ যিয়েই নিপাতক কিয় একোৱেই যেন হ্ৰাস কৰিব পৰা নাই পথ দূৰ্ঘটনাৰ সংখ্যা ৷ ৰোধ কৰিব পৰা নাই পথ দূৰ্ঘটনাত নিহতৰ সংখ্যা ৷ মঙলবাৰে তিনিচুকীয়া জিলাৰ কাকপথাৰ থানাৰ অন্তৰ্গত বৰডিৰাক চিকিৎসালয়ৰ সন্মুখৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক মৰ্মান্তিক পথ দূৰ্ঘটনা ৷ নিশা প্ৰায় ১০-৩০মান বজাত সুৰাপায়ী ট্ৰাক চালকৰ ভুলৰ পৰিণতিত ট্ৰাক আৰু মালবাহী টাটা মেজিক গাড়ীৰ মুখামুখি সংঘৰ্ষত পুৰুষ মহিলা সহ থিতাতে নিহত হয় ৭জনকৈ লোকৰ ৷ গুৰুতৰভাৱে আহত হয় ১১ জন ৷ আহত লোক সকলক ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় হস্পিতালত চিকিৎসাধীন হৈ আছে ৷ এই শোকাৱহ পথ দুৰ্ঘটনাটোৰ বিবৰণী মতে অসম-অৰুণাচল সীমান্তৰ ডিৰাক গেটেৰে নিশা ১০-৩০ মান বজাত এ এছ ২৩ চিচি-৮৯৩০ নম্বৰ এখন ট্ৰাকে অসমত প্ৰৱেশ কৰি বৰডিৰাকৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কেকুঁৰিটো অতিক্ৰম কৰিবলৈ লওঁতেই সন্মুখৰ পৰা অহা এ আৰ ২০ এ- ১০৯৩ নম্বৰ মালবাহী টাটা মেজিক গাড়ীখনৰ সৈতে ট্ৰাকখনৰ মুখামুখি সংঘৰ্ষ হয় ৷ ট্ৰাকখনৰ সৈতে হোৱা মুখামুখি সংঘৰ্ষত মালবাহী টাটা মেজিকখনৰ চালক তথা কৈলাসপুৰ ডুমচি হাতীগড় গাঁৱৰ পবেন মৰাণ (৫৫)সহ মালবাহী টাটা মেজিকখনত উঠি অহা বেতনী গাঁৱৰ মিহিধৰ নেওগ (৪৯), নামহুলুং গাঁৱৰ কমল সোনোৱাল/কুলা (৫৫), তিনিআলি নগাঁৱৰ যাদৱ টাইৰাই (৫৪), সোণজান গাঁৱৰ বিনীতা বৰুৱা/বিলি (৫২), লিটং গাঁৱৰ ৰীণা গগৈ (৪২), আৰু শিমলুগুৰি গাঁৱৰ পল্লৱী দহোতীয়া ৰাভা (৩১) থিতাতে নিহত হয় ৷ এই পথ দূৰ্ঘটনাটোত ১১জন লোক গুৰুতৰভাৱে আহত হয় ৷ আহতসকলক ক্ৰমে বেতনী গাঁৱৰ অতুল গগৈ (৪৫), লিটং গাঁৱৰ মাকণ গগৈ (৩৭), বাথৈ গাঁৱৰ বুৰঞ্জীত মৰাণ (৩৫), পিংকী মৰাণ (৩৬), জোনালী মৰাণ (৩৪), বিকাশ নেওগ (৯), গোলেশ্বৰ মৰাণ (৫৫), মনু মৰাণ (৩৫), যশোদা মৰাণ (৫০), লক্ষীমণি মৰাণ (৩০) আৰু অবলতা মৰাণ (৩৫)৷ একেটা অঞ্চলৰে ৭গৰাকী থলুৱা পাচলি ব্যৱসায়ীৰ মৃত্যুৰ ঘটনাই অঞ্চলটোত শোকাকুল পৰিৱেশ সৃষ্টি কৰিছে৷ কাকপথাৰ আৰক্ষীয়ে জানিব দিয়া মতে অৰুণাচল প্ৰদেশ  নামচাই জিলাৰ পৰা চালক ৰামচন্দ্ৰ ৰায়ে অত্যাধিক সুৰাপান কৰি ট্ৰাকখন চলাই আহিছিল ৷ আনহাতে ডুমডুমাৰ মংগলবৰীয়া বজাৰ (টিংৰাই বজাৰ নহয়) সামৰি পাচলি ব্যৱসায়ী ১৭জনক লৈ মালবাহী টাটা মেজিকখন ডিৰাক অভিমুখে আহি যাত্ৰা পথৰ বৰডিৰাকত দূৰ্ঘটনাটো সংঘটিত কৰে ৷ উল্লেখযোগ্য যে, দূৰ্ঘটনা সংঘটিত হোৱাৰ বহু পলমকৈ ঘটনাস্থলীত ১০৮ সেৱা উপস্থিত হৈছিলহি ৷ কাৰণ স্থানীয় লোকেশ্যন বৰডিৰাকত ১০৮ সেৱা আছিল যদিও বিগত ছমাহ মানৰ পৰা টায়াৰৰ অভাবত গাড়ীখন বিকলৈ ডিব্ৰুগড় গেৰেজত পৰি আছে। তদুপৰি ইয়াৰ ওচৰৰ লোকেশ্যন কাকপথাৰৰ গাড়ীখন সপ্তাহৰ চুটিত আৰু চেলেংগুৰিৰ ১০৮গাড়ীখনো বিগত এসপ্তাহ ধৰি ইন্জেক্টৰ বিকল হৈ বন্ধ হৈ আছিল ৷ গতিকে প্ৰায় ৩০/৩৫ কিলোমিটাৰ দুৰৈৰ পৰা ১০৮ সেৱা আহি পোৱাত যথেষ্ট পলম হৈছিল যাৰ বাবে মৃতকৰ সংখ্যা কিছু বৃদ্ধি পালে৷ গতিকে চৰকাৰে ১০৮ সেৱা পৰাচালনা কৰা কোম্পানীৰ ক্ষেত্ৰতো কিছু গুৰুত্ব দিয়িৰ প্ৰয়োজন আছে ৷ আজি বিয়লি ৪ বজাত ৭টাকৈ মৃতদেহ লৈ প্ৰশাসনে সোনজান গাঁৱত উপস্থিত হওঁতেই মৃতকৰ আত্মীয় কুটুম, সদৌ মৰাণ ছাত্ৰ সন্থা, কাকপথাৰ আঞ্চলিক ছাত্ৰ সন্থা আদি বহু লোকে ১৫নং ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ কৰে ৷ আৱৰোধকাৰীসকলে পথ সভা পাতি প্ৰশিসনক এখন ৭ দফীয়া দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান কৰে ৷ মূলত মৃত সকলক এককালীন ক্ষতিপুৰন দিয়াৰ ব্যৱস্থা কৰক, আহত সকলৰ সম্পূৰ্ণ চিকিৎসা ব্যয় চৰকাৰে বহন কৰক, কাকপথাৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত নিশা জৰুৰীকালীন সেৱা উন্নত কৰক, বৰডিৰাক লোকেচনত বিগত পাঁচ মাহে বিকলহৈ পৰা ১০৮ সেৱাৰ থাইত নতুন গাড়ীদি সেৱা নিয়মীয়া কৰক, পথ সুৰক্ষাৰ নামত দিব লগীয়া চিগনেল সমুহ যথাস্থানত দিয়াৰ ব্যৱস্থা কৰক, দুৰ্ঘটনা স্থলিৰ বৰডিৰাক কেকুৰিৰ পথৰ সংৰক্ষিত ৭৫ফুটৰ ভিতৰত থকা ব্যৱসায় প্ৰতিস্থান, আৱাসগৃহ সমুহ উচ্ছেদ কৰাৰ ব্যৱস্থা কৰক আদি এই ৭টা দাবী সম্বলিত স্মাৰক পত্ৰখন প্ৰশাসনৰ হাতত প্ৰদান কৰি মৃতকৰ সৎগতি কামনা কৰি পথৰ ওপৰত এক মিনিত মৌন প্ৰাৰ্থনা কৰি পথ অৱৰোধ প্ৰত্যাহাৰ কৰে ৷
প্ৰেৰক মনোৰঞ্জন নেওগ
Featured