ওদালগুৰিৰ ঝাৰগাঁও আঞ্চলিক প্ৰগতি সংঘৰ উদ্যোগত কৃতী শিক্ষাৰ্থীক সম্বৰ্ধনা

নিয়মীয়া বাৰ্তা, ১৪ জুন : ওদালগুৰি জিলাৰ বৃহত্তৰ ঝাৰগাঁও অঞ্চলৰ অগ্ৰণী সামাজিক অনুষ্ঠান ঝাৰগাঁও আঞ্চলিক প্ৰগতি সংঘৰ উদ্যোগত আজি এক বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয়। ঝাৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত এই অনুষ্ঠানত উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ ৩৩গৰাকী ছাত্ৰ -ছাত্ৰীক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হয়। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সম্বৰ্ধনা পত্ৰ, ফুলাম গামোচা, কলম ইত্যাদিৰে শিক্ষাৰ্থীসকলক সম্বৰ্ধনা জ্ঞাপন কৰে সংঘই। ঝাৰগাঁও অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী যোগেন ডেকাৰ সভাপতিত্বত অনুষ্ঠিত অভিনন্দন অনুষ্ঠান উদ্বোধন কৰি অৱসৰপ্ৰাপ্ত শিক্ষক বলেন্দ্ৰ কুমাৰ ডেকাই ছাত্ৰ-ছাত্ৰীসকলক মূল পাঠ্যপুথি অধ্যয়নত গুৰুত্ব আৰোপ কৰিবলৈ পৰামৰ্শ আগবঢ়ায়। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত নিৰ্দিষ্ট বক্তা ৰূপে অংশ গ্ৰহণ কৰি দেওমৰনৈ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি শৈলেন কুমাৰ ৰাজবংশীয়ে কঠোৰ শ্ৰম আৰু একাগ্ৰতা অবিহনে ছাত্ৰ-ছাত্ৰীৰ জীৱনলৈ সফলতা নাহে বুলি মন্তব্য কৰে। প্ৰতিযোগিতামূলক পৰীক্ষাসমুহত ভাল ফলাফল দেখুৱাই শৈক্ষিক জীৱন সফলতাৰে আগুৱাই নিবলৈ একাগ্ৰতাৰে অধ্যয়নত মনোনিবেশ কৰিবলৈ তেওঁ ছাত্ৰ-ছাত্ৰীসকলক পৰামৰ্শ আগবঢ়ায়। ইপিনে সভাপতিৰ আসনৰ পৰা যোগেন ডেকাই কয় যে ছাত্ৰ-ছাত্ৰীসকলে নিজকে এক সম্পদ ৰূপে গঢ় দি সমাজৰ প্ৰতিও দায়িত্ব পালন কৰিব লাগিব। ঝাৰগাঁও আঞ্চলিক প্ৰগতি সংঘৰ সম্পাদক প্ৰবীণ সিং শৰণীয়াই আঁত ধৰা এই অভিনন্দন অনুষ্ঠানত সংঘৰ প্ৰতিষ্ঠাপক সম্পাদক তথা বিশিষ্ট সমাজকৰ্মী বিষ্ণুৰাম ডেকা, ঝাৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰাজীৱ শৰ্মা, অৱসৰপ্ৰাপ্ত কৃতী শিক্ষক শিৱপ্ৰসাদ চৌধুৰী, পতিৰাম ডেকা, সমাজ কৰ্মী দামোদৰ ডেকা, কিৰণ শইকীয়াকে ধৰি ভালেকেইগৰাকী বিশিষ্ট ব্যক্তিৰ লগতে শতাধিক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে।

প্ৰেৰক ধীৰেন মহলীয়া

Featured