কামৰূপ কৃষি বিষয়াৰ কাৰ্যালয়ত স্বাধীনতা দিৱস পালন

নিয়মীয়া বাৰ্তা, ১৬ আগষ্ট : ৰাজ্যৰ আন আন চৰকাৰী কাৰ্যালয়ৰ লেখীয়াকৈ কামৰূপ জিলা কৃষি বিষয়াৰ কাৰ্যালয়তো স্বাধীনতা দিৱস উদযাপন কৰা হয়। পুৱা ৭.৩০ বজাত বিষয়া-কৰ্মচাৰীসকলৰ উপস্থিতিত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে জিলা কৃষি বিষয়া ধীৰেন্দ্ৰ নাথ কাৰ্জীয়ে। একেদৰে, কামৰূপ জিলাৰ গৰৈমাৰী, ৰামপুৰ, মিৰ্জা, ছয়গাওঁ, হাজো, বনগাওঁ, সোণাপুৰ আদিকে ধৰি আটাইবোৰ কৃষি উন্নয়ণ চক্ৰতে স্থানীয় কৃষি বিষয়াসকলৰ তৎপৰতাত স্বাধীনতা দিৱস উদযাপন কৰা হয়।

Featured