অইল ইণ্ডিয়াৰ শিৰত মহাৰত্ন মুকুট

নিয়মীয়া বাৰ্তা, ৪ আগষ্ট : দেশৰ ৰাজহুৱা খণ্ডৰ দ্বিতীয় বৃহৎ নৱৰত্ন তেল উদ্যোগ প্ৰতিষ্ঠান হিচাপে খ্যাতি লাভ কৰা অইল ইণ্ডিয়া লিমিটেড সগৌৰৱে মহাৰত্ন কোম্পানীলৈ ৰূপান্তৰ লাভ কৰিবলৈ সক্ষম হৈছে। কালি কেন্দ্ৰীয় বিত্ত মন্ত্ৰীয়ে মহাৰত্ন কোম্পানী হিচাপে অইল ইণ্ডিয়াক আনুষ্ঠানিকভাৱে অনুমোদন প্ৰদান কৰে। কেন্দ্ৰীয় চৰকাৰৰ অনুমোদনৰ পাছতে অইল ইণ্ডিয়া দেশৰ উদ্যোগ প্ৰতিষ্ঠান সমূহৰ ভিতৰত ১৩ নম্বৰ মহাৰত্ন কোম্পানী হিচাপে বিজয়ৰ ধ্বজা উৰুৱাবলৈ সক্ষম হয় । কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰণালয়ৰ অধীনস্হ অইল ইণ্ডিয়া লিমিটেডৰ ২০২২-২৩ বিত্তীয় বৰ্ষত টাৰ্ণ অভাৰ ৪১০৩৯ কোটিৰ বিপৰীতে ৯৮৫৪ কোটি সৰ্বমুঠ লভ্যাংশৰে মহাৰত্ন কোম্পানীলৈ উত্তৰণ লাভ কৰিছে। শেহতীয়াকৈ বিগত বৰ্ষত এন আৰ এলৰ সৈতে চুক্তিমৰ্মে অইলৰ ৫৪.১৬ শতাংশ গৰিষ্ঠ অংশীদাৰীত্বৰে এই সফলতাৰ অন্যতম কাৰণ হিচাপে অইলৰ সূত্ৰই দাবী কৰে। দেশ জোকাঁৰি যোৱা সৰ্বনাশী বাঘজান কাণ্ডৰ পাছতে স্তিমিত হৈ পৰা অইল ইণ্ডিয়াৰ এই চমকপ্ৰদ উত্থানত সমূহ অইল ইণ্ডিয়ান উৎফুল্লিত হৈ পৰিছে।

প্ৰেৰক কৃষ্ণা গগৈ

Featured