গুৱাহাটীৰ কৌশল বিকাশ প্রতিষ্ঠানত অইল ইণ্ডিয়াৰ সৌৰ পিডি ইনষ্টলাৰ পাঠ্যক্রম উদ্বোধন

নিয়মীয়া বাৰ্তা, ১০ ছেপ্টেম্বৰঃ সেউজ দক্ষতা আৰু বহনক্ষম উন্নয়নৰ পোষকতাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে কৌশল বিকাশ প্রতিষ্ঠান (এছডিআই) গুৱাহাটীয়ে স্কিল কাউন্সিল ফৰ গ্ৰীণ জবছৰ অধীনস্থ ট্রেইনিং পার্টনাৰ লাৰ্নেট স্কিলচ লিমিটেডৰ সহযোগত যোৱা ৪ ছেপ্তেম্বৰত গুৱাহাটীত অনুষ্ঠিত এক উদ্বোধনী অনুষ্ঠানত সৌৰ পিভি ইনষ্টলাৰ (সূর্যামিত্র) পাঠ্যক্ৰমৰ উদ্বোধন কৰে। বিশেষকৈ সৌৰ শক্তি প্রযুক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰি ক্রমবর্ধমান নবীকৰণযোগ্য শক্তি খণ্ডত দক্ষতাৰ দিশত যুবক-যুবতীসকলক সৱলীকৰণৰ বাবে এই পাঠ্যক্রমৰ ডিজাইন কৰা হৈছে। ২০২৪-২৫ বিত্তীয় বর্ষৰ দক্ষতা বিকাশ প্রতিষ্ঠান, গুৱাহাটীৰ প্ৰথম বেটচৰ পৰা মুঠ ৫৮গৰাকী প্রার্থীক সমগ্ৰ ভাৰতৰ প্রতিষ্ঠিত কোম্পানীসমূহত সফলতাৰে সংস্থাপন দিয়া হৈছে, যিয়ে উদ্যোগ-প্রাসংগিক দক্ষতাৰ ক্ষেত্রত যুৱক- যুৱতীসকলক সৱলীকৰণ কৰাৰ দিশত প্রতিষ্ঠানটোৰ যি অভিযান, সেই ক্ষেত্রত এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে বুলি অইলে জানিবলৈ দিছে। প্রার্থীসকলক মহিন্দ্রা এণ্ড মহিন্দ্রা লিমিটেড, চ’ভা ডেভেলপাৰ লিমিটেড, টেনেক’ এয়াৰ ইণ্ডিয়া প্রাইভেট লিমিটেড আৰু এল এণ্ড টি হাজিৰা অফশ্ব’ৰ প্লান্ট আদি কোম্পানীত সংস্থাপন দিয়া হৈছে। অইল ইণ্ডিয়া লিমিটেডৰ সঞ্চালক (মানৱ সম্পদ) অশোক দাসে পাঠ্যক্রমটোৰ উদ্বোধন কৰি আজিৰ পৃথিৱীত গ্ৰীণ জবচৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। দাসে ভাৰতৰ বহনক্ষম আৰু শক্তি-দক্ষ ভৱিষ্যতৰ লক্ষ্যত অৰিহণা যোগোৱাত সৌৰশক্তিৰ ভূমিকাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে কয় যে “আমি সেউজ ভৱিষ্যতৰ দিশে আগবাঢ়ি যোৱাৰ লগে লগে নবীকৰণযোগ্য শক্তিৰ ক্রমবর্ধমান চাহিদা পূৰণ কৰিবলৈ আমাৰ যুৱক-যুৱতীসকলক সঠিক দক্ষতাসম্পন্ন কৰি তোলাটো অতি প্রয়োজনীয়। সৌৰ পিডি ইনষ্টলাৰ পাঠ্যক্রম সেই দিশত এক গুৰুত্বপূর্ণ পদক্ষেপ আৰু আমি গৌৰৱান্বিত যে দক্ষতা বিকাশ প্রতিষ্ঠান (এছডিআই) গুৱাহাটীয়ে এনে গুৰুত্বপূর্ণ পদক্ষেপক সহায় কৰিছে।” উদ্বোধনী অনুষ্ঠানৰ পিছতে কৌশল বিকাশ প্রতিষ্ঠান (এছডিআই), গুৱাহাটীৰ ছাত্র-ছাত্রীসকলৰ মাজত মত বিনিময় অনুষ্ঠান অনুষ্ঠিত হয়। গুৱাহাটীৰ কৌশল বিকাশ প্রতিষ্ঠানৰ মুখ্য কার্যবাহী বিষয়া অৰুণজ্যোতি বৰুৱা, সচিব ৰাজুমনি শইকীয়া, কোষাধ্যক্ষ বিক্রম চক্রৱর্তীও অনুষ্ঠানটোত উপস্থিত থাকে।

প্ৰেৰক কৃষ্ণা গগৈ

Featured