ৰোগী পৰিচৰ্যা কেবিনৰ বাবে এএমচিএইচৰ সৈতে অইলৰ বুজাবুজি চুক্তি স্বাক্ষৰ

বিশেষ বাৰ্তা, ২০ আগষ্ট : উজনি অসমৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচল, নাগালেণ্ডৰ ৰোগীৰ বাবে অতিকৈ সুখবৰ। অতি সোনকালেই অসম চিকিৎসা মহাবিদ্যালয়ত ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ নিচিনাকৈ অত্যাধুনিক আন্তঃগাঁথনিৰে সমৃদ্ধ কোঠা (পেইং কেবিন) উপলব্ধ হ’ব।আজি এই সন্দৰ্ভত অসমৰ স্বাস্থ্যসেৱাৰ আন্তঃগাঁথনি বৃদ্ধিৰ লক্ষ্য আগত ৰাখি এক উল্লেখযোগ্য উন্নয়নৰ দিশত অইল ইন্ডিয়া লিমিটেডে চি এছ আৰৰ অধীনত ডিব্রুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ সৈতে এক বুজাবুজি চুক্তিত স্বাক্ষৰ কৰি এক মাইলৰ খুঁটি স্থাপন কৰে। চুক্তি অনুসৰি মুঠ ৮.৯০ কোটি টকা বাজেটৰ জৰিয়তে অসম মেডিকেল কলেজত ৩৭খন বিছনাযুক্ত বহুমহলীয়া ৰোগী পৰিচৰ্যা কেবিন গৃহ নির্মাণ কৰা হ’ব। উক্ত বুজাবুজিৰ চুক্তিখনত অইলৰ আৱাসিক মুখ্য বিষয়া আনফৰ আলী হক আৰু এ এম চি এইচৰ অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতিয়ে স্বাক্ষৰ প্ৰদান কৰে। অনুষ্ঠানটোত ডিব্ৰুগড়ৰ জিলা আয়ুক্ত বিক্ৰম কৈৰী, অইলৰ কাৰ্যবাহী সঞ্চালক (মানৱ সম্পদ আৰু ক্ষেত্রীয় প্রশাসন) মাধুৰ্য্য বৰুৱা, মুখ্য মহাপ্ৰবন্ধক (ক্ষেত্রীয় প্রশাসন) দেৱাশিস বৰা আৰু জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। আনহাতে, এ এম চি এইচৰ কৰ্তৃপক্ষৰ তৰফৰ পৰা কেইবাগৰাকীও বিশিষ্ট চিকিৎসক আৰু পদাধিকাৰী বিষয়া উপস্থিত থাকে।উল্লেখযোগ্য যে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড়ৰ এ এম চি এইচ।অসমৰ বিভিন্ন প্রান্ত, অৰুণাচল প্রদেশ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য চুবুৰীয়া ৰাজ্যসমূহক সামৰি লোৱা এক গুৰুত্বপূৰ্ণ চৰকাৰী স্বাস্থ্যসেৱা প্ৰতিষ্ঠান। বিগত বছৰসমূহত চিকিৎসালয়খনত চৰকাৰী সাহায্যযুক্ত চিকিৎসাৰ চাহিদা বৃদ্ধি পোৱা আৰু উন্নত আৰু পর্যাপ্ত আন্তঃগাঁথনিৰ প্ৰয়োজনীয়তা আহি পৰিছে। সেয়ে আজি অইলৰ সৈতে মেডিকেল কৰ্তৃপক্ষৰ মাজত হোৱা চুক্তিখনে এক দীৰ্ঘদিনীয়া সমস্যাৰ অন্ত পেলাই ৰোগী সেৱাত নিজকে আৰু দৃঢ়তাৰে মনোনিৱেশ কৰিবলৈ পাই অতিশয় সুখী বুলি মেডিকেল কলেজৰ অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতিয়ে সাংবাদিকৰ আগত সদৰী কৰে। তেওঁ পুনৰ কয়- বিগত ১২ বছৰে এই প্ৰকল্পটোৰ বাবে প্ৰচেষ্টা চলাই অহা হৈছিল আৰু আজি বাস্তৱত পৰিণত হ’ল। বৰ্তমানে থকা মেডিকেলৰ পুৰণি পেইং কেবিনকেইটা উৱলি যোৱা অৱস্থা হৈছে। সেয়ে উক্ত কেবিনকেইটা ভাঙি কিছু প্ৰসূতি বিভাগৰ ফালে সম্প্ৰসাৰিত কৰি এটা তিনি মহলাযুক্ত অত্যাধুনিক ৰোগী পৰিচৰ্যা গৃহ নিৰ্মাণ কৰা হ’ব। অহা তিনি বছৰৰ ভিতৰত সম্পূৰ্ণ হ’বলগীয়া উক্ত গৃহত অতি কম মূল্যত ৰোগীৰ লগত এজনকৈ অভিভাৱক থাকিব পৰাৰ লগতে বিজ্ঞানসন্মত সকলো সা-সুবিধা উপলব্ধ হ’ব। এই ব্যৱস্থা হৈ উঠিলে মেডিকেলত স্বাভাৱিকতে ৰোগীৰ মাত্ৰা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে আৰু সকলো সেৱা আগবঢ়াবলৈকো বদ্ধপৰিকৰ বুলি অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতিয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে। এই নতুন চিকিৎসা সেৱা কেন্দ্রটোৰ জৰিয়তে প্রয়োজনভিত্তিক আন্তঃগাঁথনিৰে চিকিৎসা সেৱা প্ৰদানৰ ব্যৱস্থাক অধিক শক্তিশালী কৰাৰ পৰিকল্পনা কৰাৰ উপৰি বিশেষ আৰু গুণগত চিকিৎসা প্রদান কৰিবলৈ সক্ষম হ’ব বুলিও সদৰী কৰে।

প্ৰেৰক বিভাস দুৱৰা

Featured