২৪ বিত্তীয় বৰ্ষৰ চতুৰ্থ ত্ৰৈমাসিকত অইলৰ কৰ পশ্চাদ লাভৰ অভিলেখ

🔹 একেটা বৰ্ষতে সৰ্বাধিক ৬১ টা কূপ খনন

নিয়মীয়া বাৰ্তা, ২১ মে’ : ভাৰত চৰকাৰৰ মহাৰত্ন কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ উদ্যোগ প্ৰতিষ্ঠান অইল ইণ্ডিয়া লিমিটেডে ২০ মে’ত অনুষ্ঠিত হোৱা ইয়াৰ ৫৫৪সংখ্যক ব’ৰ্ডৰ সভাত ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বিত্তীয় ফলাফলসমূহ ঘোষণা কৰে । কোম্পানীৰ সূত্ৰই উল্লেখ কৰা অনুসৰি, অইলৰ উৎকৃষ্ট সঞ্চালন কাৰ্যৰ প্ৰতিফলন ঘটে উক্ত বৰ্ষৰ কোম্পানীৰ এতিয়ালৈকে হোৱা সৰ্বাধিক তেল আৰু তেলৰ সমকক্ষ গেছৰ উৎপাদনত আৰু এই পৰিমাণ হৈছে ৬.৫৪ এমএমটিঅ’ই । লগতে ই বি আই ডি টি এৰ ক্ষেত্ৰতো বৰ্তমানলৈকে সৰ্বাধিক অৰ্থাৎ ১১,৬৪৩.৩০ কোটি টকাৰ অভিলেখ গঢ়ে । তদুপৰি, ২০২৪ বিত্তীয় বৰ্ষৰ চতুৰ্থ ত্ৰৈমাসিকৰ কৰ পশ্চাদ লাভো বিগত বৰ্ষতকৈ ১৩.৪৫% বৃদ্ধি হৈ ২,০২৮.৮৩ কোটি টকা হৈছে । বিধিগত অনুসৰণৰ বাবে কৰা ব্যৱস্থাৰ হেতুকে ২০২৩-২৪ বিত্তীয় বৰ্ষৰ কৰ পশ্চাদ লাভ বিগত বৰ্ষৰ ৬,৮১০.৪০ কোটি টকাৰ তুলনাত ৫,৫৫১.৮৫ কোটি টকালৈ হ্ৰাস পায় । উল্লেখযোগ্য যে কোম্পানীয়ে প্ৰগতিৰ ধাৰা অব্যাহত ৰখাৰ লগতে নিজৰ পৰিপক্ব আৰু পুৰণি তৈলক্ষেত্ৰসমূহৰ পৰা উৎপাদন বৰ্তাই ৰাখি দেশৰ শক্তি সুৰক্ষা নিশ্চিত কৰাৰ দিশত অসাধাৰণ প্ৰচেষ্টা অব্যাহত ৰাখিছে । বিগত বৰ্ষৰ খাৰুৱা তেলৰ উৎপাদনতকৈ ২৪ বিত্তীয় বৰ্ষৰ চতুৰ্থ ত্ৰৈমাসিকত উৎপাদন ৬% বৃদ্ধি হোৱাৰ লগতে সামগ্ৰিকভাৱে ৫.৭৬% বৃদ্ধি হৈ বিগত বৰ্ষৰ ৩.১৭৬ নিযুত মেট্ৰিক টনৰ তুলনাত ২৪ বিত্তীয় বৰ্ষত ৩.৩৫৯ নিযুত মেট্ৰিক টন হয় । লগতে প্ৰাকৃতিক গেছৰ উৎপাদনো বিগত বৰ্ষৰ চতুৰ্থ ত্ৰৈমাসিকতকৈ ৩.২১% বৃদ্ধি হয় আৰু ২৪ বিত্তীয় বৰ্ষটোত প্ৰাকৃতিক গেছৰ উৎপাদন হৈছে ৩.১৮২ বিলিয়ন কিউবিক মিটাৰ আৰু এয়া কোম্পানীয়ে বৰ্তমানলৈকে অৰ্জন কৰা সৰ্বাধিক লাভ বুলি চিহ্নিত কৰিছে অইলে । এই বৰ্ষতে কোম্পানীয়ে মুঠ ৬১টা কূপ খনন কৰে, যিটো অইলৰ জন্মলগ্নৰে পৰা এতিয়ালৈকে একেটা বৰ্ষত হোৱা সৰ্বাধিক খনন । কালি ব’ৰ্ডে বৰ্তমান ১০ টকাকৈ থকা প্ৰতি দুটা ইকুইটি শ্বেয়াৰৰ বাবদ ১০ টকাৰ এটাকৈ ইকুইটি শ্বেয়াৰৰ অনুপাতত বোনাছ শ্বেয়াৰ জাৰি কৰাৰ পৰামৰ্শ প্ৰদান কৰে । তদুপৰি, ইকুইটি শ্বেয়াৰেপতি (প্ৰী-বোনাছ) ৩.৭৫ টকা (প্ৰতি ইকুইটি শ্বেয়াৰৰ মুদ্ৰা মূল্য ১০ টকা) চূড়ান্ত লভ্যাংশৰ পৰামৰ্শ দিয়ে, যিটো প্ৰতিটো ইকুইটি শ্বেয়াৰৰ (পোষ্ট-বোনাছ) ২.৫০ টকা চূড়ান্ত লভ্যাংশলৈ (প্ৰতি ইকুইটি শ্বেয়াৰৰ মুদ্ৰা মূল্য ১০ টকা) ৰূপান্তৰিত হয় । তদুপৰি, বৰ্ষটোৰ ভিতৰত কোম্পানীয়ে প্ৰথম আৰু দ্বিতীয় ইন্টাৰিম ডিভিডেণ্ড হিচাপে ক্ৰমে শ্বেয়াৰেপতি ৩.৫০ টকা (প্ৰী-বোনাছ) আৰু শ্বেয়াৰেপতি ৮.৫০ টকা (প্ৰী-বোনাছ) প্ৰদান কৰিছিল । মূলতঃ বিত্তীয় বৰ্ষ ২৩ৰ তুলনাত বিত্তীয় বৰ্ষ ২৪ৰ সময়ছোৱাত খাৰুৱা তেল, প্ৰাকৃতিক গেছ আৰু পেট্ৰলিয়াম সামগ্ৰীৰ মূল্য হ্ৰাস পোৱাত আৰু ২৪ বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকত ৰিফাইনেৰীৰ প্ৰক্ৰিয়াকৰণ আৰু এন আৰ এলৰ উৎপাদন নিম্ন হোৱাৰ বাবে অইল আৰু এন আৰ এলৰ গ্ৰুপ টাৰ্ন অভাৰ বিগত বৰ্ষৰ ৪১,০২৫.৯৮ কোটি টকাতকৈ ৩৬,৩০৩.৬২ কোটি টকালৈ হ্ৰাস পায় ।

প্ৰেৰক কৃষ্ণা গগৈ

Featured