২২ জানুৱাৰীত ৰাম মন্দিৰত ৰামৰ মূর্তি প্ৰতিষ্ঠা

বিশেষ বাৰ্তা, ২৬ অক্টোবৰঃ উত্তৰ প্রদেশৰ অযোধ্যাত নির্মাণ হৈ থকা ৰাম মন্দিৰত অহা ২২ জানুৱাৰীত প্রতিষ্ঠা কৰা হ’ব ভগৱান ৰামৰ মূর্তি৷ এই অনুষ্ঠানত অংশগ্রহণ কৰিবলৈ প্রধানমন্ত্রী নৰেন্দ্র মোদীক আজি আনুষ্ঠানিকভাৱে আমন্ত্রণ জনায় ৰাম জনমভূমি তীর্থক্ষেত্র ন্যাসে৷ ৰাম জনমভূমি ন্যাসে জনোৱা আমন্ত্রণৰ পিছত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে তেওঁৰ ছ’চিয়েল মিডিয়া এক্সত কয়– আজি মোৰ বাবে এক আৱেগৰ দিন৷ অলপতে ৰাম জনমভূমি তীর্থক্ষেত্র ন্যাসৰ বিষয়াসকল মোৰ বাসভৱনলৈ আহি সাক্ষাৎ কৰিছে৷ তেওঁলোকে মোক ৰাম মন্দিৰত ভগৱান ৰামৰ মূর্তি প্রতিষ্ঠাপর্বত উপস্থিত থাকিবলৈ নিমন্ত্রণ জনাইছে৷ মই নিজকে ধন্য মানিছোঁ৷ এয়া মোৰ বাবে অতি সৌভাগ্যৰ কথা৷ মোৰ জীৱনত এনে সৌভাগ্য ঘটিব যে ৰাম মন্দিৰ উদ্বোধনৰ ঐতিহাসিক মুহূর্তত মই উপস্থিত থাকিম৷ উল্লেখ্য যে দেশৰ বাবে ঐতিহাসিক ক্ষণৰ এই ৰাম মন্দিৰ উদ্বোধনত ৪ হাজাৰতকৈ অধিক সাধু আৰু আঢ়ৈ হাজাৰতকৈ অধিক বিশিষ্ট ব্যক্তি উপস্থিত থাকিব৷ ৰাম জনমভূমি তীর্থক্ষেত্র ন্যাসৰ সাধাৰণ সম্পাদক চম্পক ৰায়ে প্রকাশ কৰা মতে অহা বর্ষৰ ২২ জানুৱাৰীত ৰাম মন্দিৰত ভগৱান ৰামৰ মূর্তি প্রতিষ্ঠা কৰা হ’ব৷ আজি এই ন্যাসৰ সদস্যৰ সৈতে প্রধানমন্ত্রী মোদীক উক্ত অনুষ্ঠানলৈ আমন্ত্রণ জনাওঁ৷ তেওঁ আমাৰ আমন্ত্রণ গ্রহণ কৰিছে৷ তাৎপর্যপূর্ণ যে ২০১৯ চনত উচ্চতম ন্যায়ালয়ে অযোধ্যা ভূমি বিবাদক লৈ ঐতিহাসিক ৰায় প্রদান কৰাৰ পিছতে অযোধ্যাত ৰাম মন্দিৰ নির্মাণৰ পথ মুকলি হৈছিল৷ সেইমর্মে ৰাম মন্দিৰ নির্মাণৰ বাবে শ্রীৰাম জনমভূমি তীর্থক্ষেত্র গঠন কৰা হৈছিল আৰু এই ন্যাসেই ৰাম মন্দিৰ নির্মাণ কৰি আছে৷ ২০২০ চনৰ ৫ আগষ্টত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আধাৰশিলা স্থাপন কৰাৰ পিছত নির্মাণকার্য ক্ষিপ্রতাৰে আগবাঢ়ি গৈ অহা বর্ষৰ ২২ জানুৱাৰীত সম্পূর্ণ হৈ উঠিব৷

#নিয়মীয়া বাৰ্তা ডিজিটেল ডেস্ক

Featured