৩৮০খন শিক্ষানুষ্ঠানত একেদিনাই মুক্ত পুথিভঁৰাল ‘প্ৰজ্ঞান’ উন্মোচন

🔹 গহপুৰৰ মহকুমাধিপতি লুকুমণি বৰাৰ প্ৰশংসনীয় পদক্ষেপ
নিয়মীয়া বাৰ্তা,  ৭ ছেপ্টেম্বৰ : জ্ঞানৰ অক্ষয় ভাণ্ডাৰস্বৰূপ পুথিভঁৰালক সাৰ্বজনীন কৰি তোলাৰ এক প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে বিশ্বনাথ জিলাৰ অতিৰিক্ত উপায়ুক্ত তথা গহপুৰ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি লুকুমণি বৰাই। যোৱা ৫ ছেপ্টেম্বৰৰ শিক্ষক দিৱসৰ দিনটোত গহপুৰ মহকুমাৰ পাঁচ শতাধিক চৰকাৰী শিক্ষানুষ্ঠানত ৩৮০টা মুক্ত পুথিভঁৰাল উন্মোচন কৰি গহপুৰৰ শৈক্ষিক আৰু বৌদ্ধিক ক্ষেত্রখনত এক নতুন দিগন্তৰ সূচনা কৰে অধ্যয়নপিপাসু মহকুমাধিপতিগৰাকীয়ে। “প্ৰজ্ঞান” নামেৰে উন্মোচন কৰা এই ৩৮০টা মুক্ত পুথিভঁৰাল ছয়দুৱাৰ প্ৰাথমিক শিক্ষাখণ্ডৰ প্ৰাথমিক আৰু উচ্চ মাধ্যমিক বিদ্যালয়সমূহত একেলগে উন্মোচন কৰা হয়। উল্লেখ্য যে গহপুৰ মহকুমাৰ প্ৰতিখন চৰকাৰী শিক্ষানুষ্ঠানত মুক্ত পুথিভঁৰালৰ প্ৰাসংগিকতা সাৰ্বজনীন কৰি তুলিবলৈ গহপুৰ মহকুমাৰ মহকুমাধিপতি লুকুমণি বৰাই এনে প্ৰচেষ্টা গ্ৰহণ কৰি নিৰ্বাচনী বিষয়া পূজা পুনম গগৈ, সহকাৰী আয়ুক্ত চয়নিকা হাজৰিকা, মাধুৰ্য্য পৰাশৰ, গহপুৰ ৰাজহ চক্ৰৰ ৰাজহ চক্ৰ বিষয়া মনীষ ভৰালী, গহপুৰ পৌৰসভাৰ কাৰ্য্যবাহী বিষয়া নমিতা বৰা আৰু পূব ছয়দুৱাৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া ৰাণাদ্বীপ চুতীয়াৰ লগতে শিক্ষা বিষয়া, বিদ্যালয়সমূহৰ প্ৰধান শিক্ষক আৰু চি আৰ চি চিসকলৰ লগত আলোচনা কৰি এক ইতিবাচক পৰ্য্যায়ত উপনীত হোৱাৰ পিছত  মহকুমাধিপতিগৰাকীৰ প্ৰশংসনীয় পদক্ষেপে বাস্তৱ ৰূপ পায়। উক্ত দিনা পুৱা প্ৰায় ১০ বজাত ছয়দুৱাৰ প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত ককিলাগুৰী প্ৰাথমিক বিদ্যালয়ত মহকুমাধিপতি লুকুমণি বৰাই এই “প্ৰজ্ঞান” মুক্ত পুথিভঁৰাল উন্মোচন কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰাৰ পিছত আন আন বিদ্যালয়সমূহত মুক্ত পুথিভঁৰালসমূহ উন্মোচন হয়। পুথিভঁৰাল উন্মোচন কৰি মহকুমাধিপতি লুকুমণি বৰাই কয় যে পুথিভঁৰাল হৈছে জ্ঞানৰ মন্দিৰ। পুথিভঁৰালৰ পৰা কিতাপ আনি কিতাপখন নষ্ট নকৰাকৈ পঢ়ি নিৰ্দিষ্ট সময়ত ঘূৰাই দিব লাগে। এই পুথিভঁৰালসমূহে ছাত্ৰ-ছাত্ৰীক জ্ঞানৰ অন্বেষণ কৰাত যথেষ্ট সহায় কৰিব। তদুপৰি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কিতাপ পঢ়াৰ ধাউতি যথেষ্ট বৃদ্ধি কৰি তুলিব বুলিও উল্লেখ কৰে লুকুমণি বৰাই। এই শিক্ষামূলক কাৰ্য্যসূচীসমূহত অভিভাৱকসকলৰো সহযোগিতা আশা কৰে তেওঁ। ছাত্র-ছাত্ৰীসকলৰ বৌদ্ধিক উৎকৰ্ষ সাধনৰ বাবে গহপুৰ মহকুমাৰ মহকুমাধিপতি লুকুমণি বৰাৰ নেতৃত্বত গহপুৰৰ মহকুমা প্ৰশাসনে গ্ৰহণ কৰা এই মহান পদক্ষেপক মহকুমাটোৰ বৌদ্ধিক আৰু শৈক্ষিক সমাজে আন্তৰিকতাৰে শলাগ লৈছে।
প্ৰেৰক নিৰোদ কাথ হাজৰিকা
Featured