ক’ভিড ভেকচিনৰ বাবে co-win এপত নাম পঞ্জীয়নঃ কি কি লাগিব?

নিয়মীয়া বাৰ্তা, ৩ মাৰ্চঃ দেশত দ্বিতীয় পৰ্যায়ৰ ক’ভিড ভেকচিনেচন প্ৰক্ৰিয়া আৰম্ভ হৈছে যোৱা ১ মাৰ্চৰ পৰা। ক’ৰোনাৰ পৰা মুক্তিৰ একমাত্ৰ পথ ৰূপে বিবেচিত এই ক’ভিড ভেকচিন গ্ৰহণৰ ক্ষেত্ৰত কালি এক সংবাদমেল অনুষ্ঠিত হয়। co-win নামৰ এপৰ মুৰব্বী আৰ এছ শৰ্মাই সম্বোধন কৰা এই সংবাদমেলযোগে ক’ভিড ভেকচিন লোৱাৰ বাবে নাম পঞ্জীয়নৰ ওপৰত বিশদভাৱে কয়।

তেওঁ লগতে এই এপটোৰ কিছু বিসংগতি দূৰ কৰি ইয়াক নাম পঞ্জীয়নৰ বাবে সম্পূৰ্ণৰূপে সাজু কৰি তোলা বুলিও উল্লেখ কৰে। সেই অনুযায়ী এই প্ৰক্ৰিয়াৰ মাজেৰে নাম পঞ্জীয়ন কৰিব পাৰিব ভেকচিন লোৱাৰ বাবে।

কিদৰে কৰিব নাম পঞ্জীয়ন-

(১) এটা মোবাইল ফোনৰ পৰা ৪ গৰাকী লোকে নাম পঞ্জীয়ন কৰিব পাৰিব।
(২) co-win এপৰ জৰিয়তে কোনো লোকে নাম সলনি কৰা, নতুনকৈ সময় নিৰ্ধাৰণৰ লগতে এপইণ্টমেণ্ট বাতিল কৰিব পাৰিব।
(৩) অনিবাৰ্য পৰিস্থিতিত ক’ভিড-১৯ ভেকচিনৰ দ্বিতীয় পালি লোৱাৰ বাবে কেন্দ্ৰটো সলনি কৰিবলৈ বাছনি কৰিব পাৰে।
(৪) কোনো ৰোগত ভুগি থকা লোকে টিকাকৰণৰ বাবে এপইণ্টমেণ্ট বুক কৰিবলৈ চিকিৎসকৰ দ্বাৰা স্বাক্ষৰিত এক নথি-পত্ৰ এপত আপলোড কৰিব লাগিব।
(৫) এপটোৱে আপোনাক প্ৰথম পালি ভেকচিন ল’ব লগা কেন্দ্ৰৰ তালিকা প্ৰদৰ্শন কৰিব।
(৬) টিকাকৰণৰ ক্ষেত্ৰত ডিজিটেলভাৱে স্বাক্ষৰিত প্ৰমাণ পত্ৰ প্ৰদান কৰা হ’ব। এয়া আপুনি ডাউনলোড কৰি ল’ব পাৰিব।
(৭) টিকাকৰণৰ বাবে নাগৰিকে প্ৰদান কৰা তথ্য সুৰক্ষিত হ’ব। ইয়াত কেৱল ব্য়ক্তিগৰাকীৰ নাম, বয়স আৰু লিংগৰ প্ৰয়োজন।