কলবাৰী শ্ৰীশ্ৰী ৰামচৰণ ঠাকুৰ আতা সত্ৰত পালনাম মহোৎসৱ আৰম্ভ

নিয়মীয়া বাৰ্তা, ২২ মে’ : ভৱানীপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্ট সত্ৰীয়া সংস্কৃতিৰ চৰ্চা আৰু পৰিৱেশনেৰে সমৃদ্ধিশালী ঐতিহাসিক তথা ঐতিহ্যমণ্ডিত কলবাৰী গাঁৱৰ শ্ৰীশ্ৰী ৰামচৰণ ঠাকুৰ আতা সত্ৰত আজিৰে পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে ৯২সংখ্যক পালনাম মহোৎসৱ। আজি দিনৰ ভাগত তিনি ঘণ্টাজোৰা সত্ৰ চৌহদত তথা পালনাম মহোৎসৱথলীত পৰিৱেশ নিকা কৰে গঞা ৰাইজে। ইয়াৰ পিছতে ৯২সংখ্যক পালনাম মহোৎসৱৰ ধৰ্মধ্বজা উত্তোলন কৰে আদৰণী সমিতিৰ মুখ্য সম্পাদক পৰীক্ষিত বায়নে। সন্ধিয়া পালনাম মহোৎসৱথলীত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰতিচ্ছবিৰ সন্মুখত দুগছি মুখ্য বন্তি প্ৰজ্বলন কৰে গুৱাগাছা সত্ৰৰ সত্ৰাধিকাৰ টিকেন্দ্ৰজিৎ অধিকাৰী আৰু সুন্দৰীদিয়া সত্ৰৰ সত্ৰাধিকাৰ নিৰ্মল অধিকাৰীয়ে। বন্তি প্ৰজ্বলন কৰি নিৰ্মল অধিকাৰী আৰু টিকেন্দ্ৰজিৎ অধিকাৰীয়ে ধৰ্ম সংস্কৃতিৰ ওপৰত বক্তৃতা প্ৰদান কৰে। উল্লেখ্য যে পালনাম মহোৎসৱথলীত অগণন ভক্তই সমৱেত হৈ হেজাৰ হেজাৰ বন্তি প্ৰজ্বলন কৰি সামাজিক শান্তি-সমন্বয়ৰ আহ্বান জনাই প্ৰাৰ্থনা কৰে। তদুপৰি কলবাৰী গাঁৱৰ পদূলিমুখতো কেইবাটাও চুবাত আটকধুনীয়াকৈ সজ্জিত তোৰণ আৰু সত্ৰীয়া সংস্কৃতিৰ ৰূপৰেখাৰ মনোৰম ভাস্কৰ্য স্থাপন কৰা এলেকাতো সমূহীয়াকৈ সহস্ৰাধিক বন্তি প্ৰজ্বলন কৰে। আনহাতে, গাঁওখনৰ পথৰ দাঁতিতো অগণন বন্তি প্ৰজ্বলনত উজলি উঠে কলবাৰী গাঁও। এক বিস্তীৰ্ণ এলেকাৰ পালনাম মহোৎসৱথলীৰ লগতে চৌদিশে সত্ৰীয়া তথা ধৰ্মীয় সংস্কৃতিৰ বাণী, সত্ৰীয়া সংস্কৃতিৰ ৰূপৰেখাৰ মনোৰম ভাস্কৰ্য স্থাপনেৰে উজলাই তুলিছে পালনাম মহোৎসৱ।গাঁওখনত আজি সন্ধিয়াৰে পৰা নাম-কীৰ্তনেৰে আকাশ-বতাহ মুখৰিত হৈ পৰিছে। নিশা পৰম্পৰা, ধৰ্মীয় ৰীতিৰে ‘অধিবাস’ অনুষ্ঠিত হয়। কাইলৈৰ পৰা ২৪ মে’ৰ দিনৰ তিনি বজালৈ অবিৰতভাৱে হৰিনাম কীৰ্তনেৰে অখণ্ড পালনাম আৰু বীৰনাম সমাৰোহৰ আয়োজন কৰা হৈছে।

প্ৰেৰক ভূষণ তালুকদাৰ

Featured