ছমাহৰ ভিতৰত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন : মন্ত্ৰী ৰঞ্জিত দাস

বিশেষ বাৰ্তা, ৬ ফেব্ৰুৱাৰী : সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত এইবাৰ প্ৰথমবাৰ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব। পঞ্চায়ত নিৰ্বাচন সম্পৰ্কীয় এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰী ৰঞ্জিত দাসে কয় যে পঞ্চায়ত নিৰ্বাচন ৰাজ্যিক নিৰ্বাচন আয়োগে অনুষ্ঠিত কৰে। এইবাৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত পঞ্চায়তসমূহৰ সীমা সলনি হৈছে। সেয়ে নিশ্চিতভাৱে পঞ্চায়তৰ পুনৰ গঠনৰ প্ৰয়োজন আছে। লোকসভা নিৰ্বাচন সমাগত, সেয়ে লোকসভা নিৰ্বাচনৰ পিছতে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব। ছমাহৰ ভিতৰত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন। সমষ্টি পুনৰ নিৰ্ধাৰণ হ’লেও পঞ্চায়তৰ সংখ্যা বৃদ্ধি নহয় বুলি মন্তব্য কৰে মন্ত্ৰী ৰঞ্জিত দাসে।

Featured