বাংলাদেশৰ বিৰুদ্ধে খেলত আঘাতপ্ৰাপ্ত পাণ্ডিয়া

বিশেষ বাৰ্তা, ১৯ অক্টোবৰঃ ভাৰত আৰু বাংলাদেশৰ মাজত চলি আছে বিশ্বকাপৰ খেল। পুনেত দুয়োটা দলৰ মুখামুখি হৈছে। টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰিছে বাংলাদেশ দলে। একে সময়তে ভাৰতীয় দলটোৱে ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন হৈছে। আচলতে বলিং কৰি থাকোঁতে টীম ইণ্ডিয়াৰ অল ৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়া আঘাতপ্ৰাপ্ত হৈছে। ইয়াৰ পিছত তেওঁ পথাৰ এৰিব লগা হ’ল। বাংলাদেশৰ ইনিংছৰ নৱম অভাৰত বলিং কৰিবলৈ আহিছিল হাৰ্দিক পাণ্ডিয়াই। কিন্তু এই অভাৰত তেওঁ মাত্ৰ ৩টা বলহে কৰিব পাৰিছিল। তাৰ পিছত ইয়াৰ পিছত ভাৰতীয় অলৰাউণ্ডাৰজনে খেলপথাৰ এৰিবলগীয়া হ’ল। হাৰ্দিক পাণ্ডিয়াৰ অভাৰ সম্পূৰ্ণ কৰিলে বিৰাট কোহলিয়ে। একে সময়তে ভাৰতীয় অনুৰাগীৰ বাবে বেয়া খবৰ। ভাৰতীয় অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়া আঘাতপ্ৰাপ্ত হৈ চিকিৎসালয়ত গৈছে। হাৰ্দিক পাণ্ডিয়াক চিকিৎসালয়ত স্কেন কৰা হ’ব। ইয়াৰ লগে লগে আজি পুনৰ খেলপথাৰত দেখা নাযাব হাৰ্দিক পাণ্ডিয়াক। ভাৰতৰ বাবে এইটো এটা ডাঙৰ আঘাত বুলি বিবেচিত হৈছে। কিন্তু আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ’ল হাৰ্দিক পাণ্ডিয়া পৰৱৰ্তী মেচলৈকে ফিট হ’বনে?

Featured