নিয়মীয়া বাৰ্তা, ২০ নৱেম্বৰঃ ৰাজ্যৰ কাগজ কল পুনৰুজ্জীৱিতকৰণৰ ক্ষেত্রত যদিহে ৰাজ্য চৰকাৰৰ পৰিকল্পনা আছে, সেয়া শপতনামা আকাৰে স্পষ্ট কৰিবলৈ নির্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে৷
এই সন্দর্ভত এখন আবেদনৰ শুনানি গ্রহণ কৰি ভাৰপ্রাপ্ত মুখ্য ন্যায়াধীশ এন কে সিং আৰু ন্যায়াধীশ মনীষ চৌধুৰীৰ খণ্ড বিচাৰপীঠে চাৰি সপ্তাহৰ ভিতৰত এই শপতনামা দাখিল কৰিবলৈ নির্দেশ দিছে৷
একে সময়তে কর্মচাৰীসকলৰ বকেয়া আদায় দিয়া পৰিকল্পনা সন্দর্ভত কেন্দ্রীয় চৰকাৰক শপতনামা দাখিল কৰিবলৈ নির্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে৷ গোচৰটোৰ পৰৱর্তী শুনানিৰ দিন অহা ৬ জানুৱাৰী ধার্য কৰা হৈছে৷
উল্লেখ্য যে নগাঁও আৰু কাছাৰ কাগজ কল দুটা সম্পূর্ণৰূপে বন্ধ হৈ পৰাৰ ফলত বিক্রীৰ বাবে যো–জা চলাইছে চৰকাৰে৷ ইতিমধ্যে সমগ্র প্রক্রিয়া ন্যায়ালয়ৰ মেৰপেঁচত সোমাই পৰিছে৷ ইয়াৰ মাজতে প্রাপ্য দৰমহা আৰু অন্যান্য পুঁজি লাভ নকৰাত কর্মচাৰীসকলৰ শোচনীয় অৱস্থাৰ সৃষ্টি হৈছে৷