পার্থসাৰথি মহন্তলৈ ডাউন টাউন বিশ্ববিদ্যালয়ৰ ডক্টৰেট

ষ্টাফ ৰিপ’ৰ্টাৰ, ২৭ আগষ্ট : অসম আৰক্ষীৰ স্পেচিয়েল টাস্ক ফ’ৰ্চ (এছটিএফ)ৰ মুৰব্বী তথা উপ–মহাপৰিদর্শক পার্থসাৰথি মহন্তই অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ পৰা লাভ কৰিছে ডক্টৰেট ডিগ্রী৷ ‘A study on challenges and practics for achieving work life balance in police profession with special reference to Guwahati police Commissionerate’ শীর্ষক বিষয়ত গৱেষণা কৰি বিশ্ববিদ্যালয়খনৰ পৰা পিএইচডি ডিগ্রী অর্জন কৰিছে আৰক্ষী উপ–মহাপৰিদর্শক মহন্তই৷ বিশ্ববিদ্যালয়খনৰ দশম সমাৱর্তনত ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই আনুষ্ঠানিকভাৱে এই ডিগ্রী মহন্তক প্রদান কৰে৷ মহন্তই ডিব্রুগড় বিশ্ববিদ্যালয়ৰ অর্থনীতি বিভাগৰ অৱসৰপ্রাপ্ত মুৰব্বী অধ্যাপক তথা বর্তমান ডাউন টাউন বিশ্ববিদ্যালয়ৰ মেনেজমেণ্ট বিভাগৰ জ্যেষ্ঠ প্রাধ্যাপকৰূপে কর্মৰত ড০ হোমেশ্বৰ গোস্বামীৰ তত্ত্বাৱধানত গৱেষণা সম্পূর্ণ কৰিছে৷  ডিগ্রী লাভৰ পিছতে সংবাদ মাধ্যমৰ সৈতে হোৱা বার্তালাপত মহন্তই কয় যে পিএইচডি কৰাটো মোৰ দীর্ঘদিনৰ পৰা এটা পৰিকল্পনা আছিল৷ ২০১৭ চনতে পিএইচডিৰ বাবে নাম পঞ্জীয়ন কৰিছিলোঁ৷ সাত বছৰৰ অন্তত এই পৰিকল্পনা সম্পূর্ণ হ’ল৷ অসম আৰক্ষীৰ কর্মজীৱনৰ ভাৰসাম্য সন্দর্ভত কোনো অধ্যয়ন পূর্বতে হয়তো হোৱা নাছিল৷ সেইবাবেই এই বিষয়টো গ্রহণ কৰি গৱেষণাৰ কামখিনি আগবঢ়াই নিছিলোঁ৷ উল্লেখ্য যে এজন সুদক্ষ আৰক্ষী বিষয়াৰ লগতে স্তম্ভলেখক, কবি তথা অভিনেতা হিচাপেও পৰিচিত মহন্ত৷

Featured