পাঠশালাত ভট্টদেৱৰ তিথি উপলক্ষে স্মৃতি দিৱসত অংশগ্ৰহণ মৃণালিনী দেৱীৰ

নিয়মীয়া বাৰ্তা, ১৬ জানুৱাৰীঃ “বিশ্বৰ আন কোনো প্ৰান্ততে যেতিয়া গদ্য সাহিত্যৰ সৃষ্টি হোৱা নাছিল তেতিয়াই ষষ্ঠদশ শতিকাত অসমত ভট্টদেৱৰ কাপেৰে সৃষ্টি হৈছিল গদ্য সাহিত্যৰ। বৈকুণ্ঠ নাথ ভাগৱত ভট্টাচাৰ্যক বিশ্বৰ গদ্য সাহিত্যৰ জনক হিচাপে স্বীকৃতি দিয়া হৈছে তেওঁৰ অমৰ সৃষ্টি ʼকথা গীতাʼৰ বাবে। প্ৰাচীন কালতে তেওঁ গদ্য সাহিত্যৰ সৃষ্টি নকৰাহেঁতেন কোনো সাহিত্যিকে আজিৰ গদ্য সাহিত্যৰ জগতখনত নিজৰ গৰিমা প্ৰকাশ কৰিব নোৱাৰিলেহেঁতেন। এইগৰাকী শাস্ত্ৰজ্ঞ ব্যাকৰণ, সংস্কৃত, কাব্য, স্মৃতি আদি বিষয়ত পণ্ডিত আছিল বাবেই তেওঁ কবিৰত্ন আৰু পাছলৈ ʼভাগৱতʼ উপাধি লাভ কৰে। চাৰ আশুতোষ মুখাৰ্জী, আচাৰ্য্য প্ৰফুল্ল চন্দ্ৰ ৰয় আদি দেশৰ পুৰোধা পুৰুষ সকলেও বৈকুণ্ঠ নাথ ভাগৱত ভট্টাচাৰ্যৰ সৃষ্টি গদ্য সাহিত্যক ভাৰতীয় সাহিত্য জগতৰ অমৰ সৃষ্টি বুলি একেমুখে স্বীকাৰ কৰি গৈছে। এইজনা অসম সন্তানক বিশ্ব দৰবাৰলৈ উলিয়াই নিয়াৰ সাম্প্ৰতিক সময়ত জৰুৰী প্ৰয়োজনীয়তা আহি পৰিছে।ʼ এই গুৰুত্বপূৰ্ণ বক্তব্য অখিল ভাৰতীয় সাহিত্য পৰিষদৰ অসম ৰাজ্যিক সমিতিৰ সভাপতি মৃণালিনী দেৱীৰ। যোৱা ১৪ জানুৱাৰীত অখিল ভাৰতীয় সাহিত্য পৰিষদৰ ৰাজ্যিক সমিতিৰ উদ্যোগত আৰু বজালী শাখাৰ সহযোগত পাঠশালাৰ ভট্টদেৱ বিশ্ববিদ্যালয়ত ভট্টদেৱৰ ৩৮৫ সংখ্যক তিৰোধান তিথি উপলক্ষে আয়োজিত স্মৃতি দিৱসৰ সভাত মৃণালিনী দেৱীয়ে গদ্য সাহিত্যৰ জনকগৰাকীৰ জন্ম স্থানকে ধৰি যিবোৰ বিষয়ত অস্পষ্টতা আছে সেইবোৰ চালিজাৰি চাই শুদ্ধ সিদ্ধান্তত উপনীত হʼবলৈও সকলোকে আহ্বান জনায়। সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি বাঘমাৰাস্থিত নৰ্থ কামৰূপ কলেজৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড৹ লীনা গোস্বামীয়ে ʼভট্টদেৱৰ জীৱন আৰু কৃতিʼ বিষয়ৰ ওপৰত মনোগ্ৰাহী ভাষণ দিয়ে। কবিৰত্নগৰাকীৰ জীৱন আৰু কৰ্মৰ ওপৰত বিস্তৃত গৱেষণাৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ে ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা গৱেষক ড৹ গোস্বামীয়ে ভট্টদেৱৰ জন্ম, দীক্ষা গ্ৰহণ, সত্ৰ পৰিচালনা, সাহিত্য সৃষ্টিকে ধৰি ভিন ভিন দিশত আলোকপাত কৰি ভাষণ দিয়ে। অধ্যাপক ড৹ গোস্বামীয়ে ভট্টদেৱক পূৰ্ণ ৰূপত প্ৰতিষ্ঠিত কৰিবলৈ সকলোকে আহ্বান জনায়। ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ডিজিটেল প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাখন উদ্বোধন কৰি ভাষণ ৰাখে অখিল ভাৰতীয় সাহিত্য পৰিষদৰ ৰাজ্যিক সমিতিৰ মুখ্য উপদেষ্টা তথা অসম চৰকাৰৰ সাহিত্যিক পেন্সনাৰ ধীৰেন শৰ্মাই। সভাত ৰাজ্যিক সমিতিৰ মুখ্য সাংগঠনিক সচিব কৃষ্ণ আচাৰ্য আৰু বিভিন্ন গণ্য-মান্য ব্যক্তিৰ উপস্থিতিত সদৌ অসম দেৱ দামোদৰ সংঘৰ বজালী সমিতিৰ সভাপতি জনাৰ্দন মেধি, শিক্ষাবিদ মুৰাৰি মোহন দত্ত আদিয়েও ভাষণ দিয়ে। পৰিষদৰ বজালী শাখাৰ সভাপতি তথা শিক্ষাবিদ মুনীন্দ্ৰ নাৰায়ণ গোস্বামীয়ে উপস্থিত সকলোকে আদৰণি জনাই ভট্টদেৱ অসমত এতিয়াও সীমিত হৈ আছে বুলি আক্ষেপ কৰি সৰ্বজনস্তৰলৈ তেওঁক আগবঢ়াই নিবলৈ সকলোকে আহ্বান জনোৱাৰ লগতে শৈক্ষিক পাঠ্যক্ৰমৰ প্ৰাথমিক পৰ্য্যায়তে ভট্টদেৱক অন্তৰ্ভুক্ত কৰিব লাগে বুলিও মন্তব্য কৰে৷ এই সভাতেই পৰিষদৰ বজালী শাখাৰ উপ-সভাপতি ধীৰেন্দ্ৰ তালুকদাৰক চলিত বৰ্ষত অসম চৰকাৰে সাহিত্যিক পেন্সন প্ৰদান কৰা উপলক্ষত সম্বৰ্ধনা জনোৱা হয়। সভাৰ আৰম্ভণিতে ভট্টদেৱৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলনেৰে পুষ্পাঞ্জলি নিবেদন কৰি ভাষণ ৰাখে ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত পঞ্জীয়ক মনোজ কুমাৰ দাসে। পাঠশালা শিক্ষাপীঠৰ সংগীত শিক্ষক তথা আকাশবাণীৰ সংগীত শিল্পী অপূৰ্ব তালুকদাৰৰ সৰস্বতী বন্দনাৰে সভাৰ শুভাৰম্ভণি হয়। ইয়াৰ পিছতে ৰাজ্যিক সমিতিৰ সচিব প্ৰধান প্ৰণতি তালুকদাৰ মুদিয়াৰে অভ্যাগত সকলক উপস্থিত ৰাইজক পৰিচয় কৰাই দিয়ে। পৰিষদৰ বজালী শাখাৰ দ্বাৰা ʼভট্টদেৱৰ জীৱন আৰু কৰ্ম ʼ বিষয়ৰ ওপৰত আয়োজন কৰা ৰচনা প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰা কৃষ্ণকান্ত সন্দিকৈ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ভায়োলিনা চৌধুৰীক ৫০০১ টকা আৰু গ্ৰন্থৰ টোপোলা, জুনা নামৰ পাঠক ফাগুণা ৰাম কলিতাৰ সোঁৱৰণত, দ্বিতীয় স্থান লাভ কৰা নগাঁও মহাবিদ্যালয়ৰ নয়নমণি হীৰাক ৪০০১ টকা আৰু গ্ৰন্থৰ টোপোলা, একশৰণ বৈষ্ণৱধৰ্মৰ একনিষ্ঠ সেৱক কবিৰত্ন চৌধুৰীৰ সোঁৱৰণত যুটীয়াভাৱে তৃতীয় স্থান লাভ কৰা শুৱালকুছি বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ৰ জিতামণি দাসক ৩০০১ টকা আৰু গ্ৰন্থৰ টোপোলা একশৰণ বৈষ্ণৱ ধৰ্মৰ সেৱক কবিৰত্ন চৌধুৰীৰ সোঁৱৰণত আৰু যুটীয়াভাৱে তৃতীয় স্থান লাভ কৰা ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ৰাজ দাসক ৩০০১টকা আৰু গ্ৰন্থৰ টোপোলাৰে এই বঁটাসমুহ প্ৰদান কৰা হয়। বিশেষ সম্বৰ্ধনা আৰু বঁটা প্ৰদান অনুষ্ঠানটো পৰিচালনা কৰে ভট্টদেৱ বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড৹ কৰুণা মোহন শৰ্মাই। অনুষ্ঠানটোৰ আঁত ধৰে অখিল ভাৰতীয় সাহিত্য পৰিষদৰ বজালী শাখাৰ সচিব অনিল ডেকাই। অখিল ভাৰতীয় সাহিত্য পৰিষদৰ ৰাজ্যিক সমিতিৰ উপ-সভাপতি তথা বজালী শাখাৰ যুটীয়া সাধাৰণ সচিব নন্দ দুলাল চৌধুৰীয়ে শলাগৰ শৰাই আগবঢ়োৱা সভাখন জাতীয় সংগীত আৰু ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনেৰে সামৰণি মৰা হয়৷

প্ৰেৰক কল্যাণ কলিতা

Featured