মোদীৰ শাসনত বিটিআৰৰ লগতে অসমত শান্তি উভতি আহিছে : মুখ্যমন্ত্ৰী

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৩ এপ্ৰিলঃ দৰং–ওদালগুৰি লোকসভা সমষ্টিৰ বিজেপি মিত্রজোটৰ প্রার্থী দিলীপ শইকীয়াৰ হৈ আজি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই মঙলদৈ, ছিপাঝাৰ, তামুলপুৰত তিনিখনকৈ বিশাল নির্বাচনী প্রচাৰ সভাত অংশগ্রহণ কৰাৰ লগতে বিয়লিৰ ভাগত ৰঙিয়াত এখন বিশাল ৰোড শ্ব’ত অংশগ্রহণ কৰে৷ মঙলদৈত অনুষ্ঠিত নির্বাচনী প্রচাৰ সভাখনত ইতিমধ্যে বিজেপি চৰকাৰক মুকলি সমর্থন আগবঢ়োৱা মঙলদৈৰ কংগ্রেছ বিধায়ক বসন্ত দাসৰ সহস্রাধিক কর্মী, সমর্থক, গুণমুগ্ধই আজি স্বতঃস্ফূর্তভাৱে অংশগ্রহণ কৰে৷ মঙলদৈৰ ভেবাৰঘাট কৃষ্টি সংঘৰ খেলপথাৰ, ছিপাঝাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় খেলপথাৰ আৰু তামুলপুৰ জিলাৰ নাগ্রীজুলিস্থিত খাটৰবাৰী হাইস্কুল খেলপথাৰত আয়োজিত নির্বাচনী প্রচাৰ সভা তিনিখনত মুখ্যমন্ত্রী ড০ শর্মাই দৰং–ওদালগুৰি লোকসভা সমষ্টিৰ বিজেপি মিত্রজোটৰ প্রার্থী দিলীপ শইকীয়া তিনি লাখ ভোটৰ ব্যৱধানত জয়ী হ’ব বুলি মন্তব্য কৰি কয় যে সমগ্র দেশৰ লগতে অসমতো মোদী ঢ়ৌ প্রবহমান হৈ আছে৷ এতিয়া ভোটাৰ ৰাইজৰ মাজত কেৱল মোদী ঢ়ৌ৷ ৰাজ্যৰ সংখ্যালঘু, সংখ্যাগুৰু সকলোৱে বিজেপিক ভোট দিব৷ মোদী ক্ষমতালৈ আহিলে মুছলমানসকলে নামাজ পঢ়িব নোৱাৰিব, ঈদ পালন কৰিব নোৱাৰিব বুলি এটা চক্রই ইমানদিনে অপপ্রচাৰ চলাই আহিছে৷ কিন্তু আজি ১০ বছৰ পাৰ হৈ গ’ল, ক’তো তেনে ঘটনা হোৱা নাই৷ বৰঞ্চ সংখ্যালঘুসকলে অধিক চৰকাৰী আঁচনিহে পাইছে৷ পূর্বে চাকৰিৰ বাবে দালালক টকা দিবলগা হৈছিল৷ এতিয়া সেয়া নাই৷ বিজেপিৰ সুশাসনৰ আমোলত সংখ্যালঘু আটাইতকৈ সুৰক্ষিত, সমৃদ্ধিশালী হৈছে৷ সেয়ে সংখ্যালঘুৱেও মোদীক পুনৰ প্রধানমন্ত্রী পাতিবলৈ বিজেপিকে ভোট দিব৷ ৰাজ্যত এক লাখ নিবনুৱাৰ নিযুক্তি সম্পূর্ণ স্বচ্ছভাবে মেধাৰ ভিত্তিত হৈ যোৱাৰ পাছত এতিয়া পুনৰ ৫০ হাজাৰৰ নিযুক্তি দিব বুলি ভাষণত উল্লেখ কৰে৷ লোকসভা নির্বাচনৰ পাছতে ৰেচন কার্ড থকা ৰাজ্যখনৰ প্রতিটো পৰিয়ালকে অৰুণোদয়ৰ অন্তর্ভুক্ত কৰা, লাখপতি বাইদেউসকলৰ তেওঁলোকৰ একাউণ্টত ১০ হাজাৰ টকাকৈ প্রদান কৰা, ছাত্রীৰ পঢ়াৰ দায়িত্ব মামাই গ্রহণ কৰা আদিৰ বিষয়েও ভাষণত উল্লেখ কৰে৷ আনহাতে, অসমত এতিয়া কুলি–কেতেকীৰ মিঠা মাতত বিহু পতাৰ উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে এতিয়া বন্দুক–বাৰুদৰ শব্দত বিহু অনুষ্ঠিত নহয়৷ অসমৰ লগতে বিটিআৰলৈ এতিয়া শান্তি উভতি আহিছে৷ ২০১৪ চনত নৰেন্দ্র মোদী ভাৰতৰ প্রধানমন্ত্রী হোৱাৰ পিছত অসমৰ উগ্রপন্থী সমস্যা সমাধান হৈছে৷ বিটিআৰত সকলো জাতি–জনগোষ্ঠীৰ লোক এতিয়া একেলগে বহিব পৰা হৈছে৷ মানুহে মানুহৰ ওচৰ চাপি যাবলৈ সক্ষম হৈছে৷ দিনে–নিশাই কোনো ভয়–শংকা নোহোৱাকৈ মানুহ ঘূৰি ফুৰিব পৰা হৈছে৷ বিটিআৰত এতিয়া বন্দুক নাই, শান্তি আছে৷ বোমা নাই, ৰাতি–গধূলি মানুহ ওলাব পৰা হৈছে৷ আন্দোলন–পিকেটিং–ধর্ নাই৷ এইখিনি কাম কংগ্রেছৰ শাসনকালত কংগ্রেছে কৰিব পাৰিলেহেঁতেন৷ তেওঁলোকে এইখিনি কাম কৰিলে অসমত তথা বিটিআৰত কেতিয়াবাই শান্তি ঘুৰি আহিলহেঁতেন৷ কিন্তু এয়া সম্ভৱ হ’ল নৰেন্দ্র মোদী দেশৰ প্রধানমন্ত্রী হোৱাৰ পিছতহে৷ তামুলপুৰত এখন বিএছচি নার্ছিং কলেজ আৰু এখন ডেণ্টেল কলেজ স্থাপনৰ প্রতিশ্রুতি দিয়াৰ লগতে অহা ৬ মাহৰ ভিতৰত বঙালীসকলৰ ডি ভোটাৰৰ সমস্যা, বায়’মেট্রিকৰ সমস্যা আৰু বিটিআৰৰ জনসাধাৰণৰ মাটি–বাৰীৰ সমস্যা সমাধানৰো প্রতিশ্রুতি দিয়ে৷ মঙলদৈৰ নির্বাচনী প্রচাৰ সভাখনত ইতিমধ্যে দিছপুৰত বিজেপি চৰকাৰৰ প্রতি সমর্থন আগবঢ়োৱা মঙলদৈৰ কংগ্রেছী বিধায়ক বসন্ত দাসৰ বিশালসংখ্যক সমর্থক–গুণমুগ্ধই অংশগ্রহণ কৰে৷ আনকি মুখ্যমন্ত্রী ড০ শর্মাই সভাখন সম্বোধন কৰাৰ পূর্বে দৰং–ওদালগুৰি সমষ্টিটোৰ বিজেপি প্রার্থী দিলীপ শইকীয়া, মঙলদৈৰ প্রাক্তন বিধায়ক গুৰুজ্যোতি দাসৰ লগতে বসন্ত দাস জিন্দাবাদ ধ্বনিও দিয়ে৷ এই নির্বাচনী প্রচাৰ সভাখনত সাংসদ ভুবনেশ্বৰ কলিতা, প্রাক্তন সাংসদ ৰমেন ডেকা, বিধায়ক অমিয় কুমাৰ ভূঞা, বিজেপি নেত্রী ৰেখাৰাণী দাসবড়ো, প্রাক্তন বিধায়ক হীৰেন কুমাৰ দাস আদি উপস্থিত থাকে৷ সেইদৰে ছিপাঝাৰৰ সভাখনত মুখ্যমন্ত্রী ড০ শর্মাৰ সৈতে প্রার্থী দিলীপ শইকীয়া আৰু স্থানীয় বিধায়ক ড০ পৰমানন্দ ৰাজবংশী উপস্থিত থাকে৷ সেইদৰে তামুলপুৰত অনুষ্ঠিত নির্বাচনী প্রচাৰ সভাখনত প্রার্থী দিলীপ শইকীয়া, ইউপিপিএলৰ সভাপতি তথা বিটিআৰৰ মুখ্য কার্যবাহী সদস্য প্রমোদ বড়ো, মন্ত্রী উর্খাও গৌৰা ব্রহ্ম, অগপৰ সাধাৰণ সম্পাদক, প্রাক্তন মন্ত্রী ডাঃ কমলা কলিতা, বিধায়ক জলেন দৈমাৰী, সুশান্ত বৰগোহাঁই, মানৱ ডেকা, বিটিআৰৰ কার্যবাহী সদস্য ড০ ধর্মনাৰায়ণ দাস, ৰণেন্দ্র নার্জাৰী, এমচিএলএ, বিজিত গৌৰা নার্জাৰী, হেমন্ত কুমাৰ ৰাভা, পবিত্র কুমাৰ বড়ো, তামুলপুৰ জিলা বিজেপিৰ সভাপতি ভিক্টৰ কুমাৰ দাস, গোৰেশ্বৰ সমষ্টিৰ প্রভাৰী ভৱেশ ডেকা, যুৱ বিজেপি নেতা কৰণ ছেত্রী, সুকুমাৰ দাস, ভজন দাস, বাপন দাস, ইউপিপিএল নেতা গণেশ নাথ, পৰিমল সিং, উৎপল তালুকদাৰ, অগপ নেতা হৰেশ্বৰ স্বর্গীয়াৰী, ভৱেন ৰাজবংশী আদি উপস্থিত থাকে৷ ইফালে, বিয়লিৰ ভাগত মুখ্যমন্ত্রী ড০ শর্মা ৰঙিয়াত উপস্থিত হয়৷ ৰঙিয়া জিলা ক্রীড়া সন্থাৰ খেলপথাৰত মুখ্যমন্ত্রী ড০ শর্মাই এখন বিশাল দলীয় নির্বাচনী সভাত অংশগ্রহণ কৰি দৰং–ওদালগুৰি লোকসভা সমষ্টিৰ বিজেপি প্রার্থী দিলীপ শইকীয়াক ভোট দিবলৈ ৰাইজক আহ্বান জনায়৷ প্রার্থী দিলীপ শইকীয়া স্থানীয় বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, সাংসদ ভুবনেশ্বৰ কলিতা, অগপৰ কেন্দ্রীয় সম্পাদক অর্ণব ভৰালী, জিলা বিজেপিৰ সভাপতি সুবল পাল, ৰঙিয়াৰ পৌৰপতি অমৰেন্দ্র লহকৰ আদিৰ উপস্থিতিত অনুষ্ঠিত এই নির্বাচনী সমাবেশৰ পাছতেই মুখ্যমন্ত্রী ড০ শর্মাই ৰঙিয়া নগৰৰ মাজেৰে এক বিশাল ৰোড শ্ব’ত অংশগ্রহণ কৰে৷ জনসমুদ্রত পৰিণত হোৱা এই ৰোড শ্ব’ৰ সময়ছোৱাত ৰাজপথৰ দুয়োকাষে ৰাইজে মুখ্যমন্ত্রীগৰাকীক ওচৰৰ পৰা প্রত্যক্ষ কৰে৷ প্রায় ৫০ হাজাৰ লোক উপস্থিত হোৱা এই ৰোড শ্ব’ত মুখ্যমন্ত্রী ড০ শর্মাই আঢ়ৈ কিলোমিটাৰ পথ পৰিভ্রমণ কৰে৷ পাছত সাংবাদিকৰ সৈতে হোৱা বার্তালাপত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে দৰং–ওদালগুৰি সমষ্টিত বিজেপিৰ প্রার্থীয়ে বিপুল ভোটত জয়লাভ কৰিব৷ বিজেপিয়ে এইবাৰ ৰাজ্যৰ ১৩খন আসনতে জয়ী হ’ব৷ অহা ২৬ এপ্রিলত হ’বলগীয়া দ্বিতীয় পর্যায়ৰ নির্বাচনতো বিজেপিয়ে পাঁচখন আসনতে জয়লাভ কৰিব৷

Featured