ধলপুৰৰ ফুটাভোগত বানৰ তাণ্ডৱ

🔹 ৰঙতি-আৰিমৰা সংযোগী পকী পথ দুটা স্থানত বিচ্ছিন্ন

নিয়মীয়া বাৰ্তা, ২২ জুলাই : লখিমপুৰ জিলাৰ ধলপুৰ মৌজাৰ ফুটাভোগত খৰস্ৰোতা চেঁচা নদীৰ বানে বিচ্ছিন্ন কৰিলে ৰঙতি-আৰিমৰা সংযোগী পথ ৷ যোৱানিশা অৰুণাচল প্ৰদেশত হোৱা মুষলধাৰ বৃষ্টিপাতৰ ফলত পাহাৰীয়া খৰস্ৰোতা চেঁচা নদীৰ জলপৃষ্ঠ ফেনে ফোটোকাৰে ওফন্দি উঠি অসমৰ ফুটাভোগ, ৰঙাজান, চেঁচা মিচিং গাওঁ, চেঁচা দফলা গাঁও, বৈশিষ্ট্যপুৰ, মাজদলনি, কলমৌগুৰি আদি অঞ্চল প্লাৱিত কৰি তোলে ৷ চেঁচা নদীৰ বলিয়া বানে ৰঙতি-আৰিমৰা সংযোগী পকী পথটোৰ দুটা স্থানত বিচ্ছিন্ন কৰি দিয়াত যাতায়াত ব্যৱস্থা বিঘ্নিত হৈ পৰে ৷ বানৰ ফলত ফুটাভোগ জনপ্ৰিয় উচ্চ মাধ্যমিক বিদ্যালয়কে আদি কৰি শ্ৰীমন্ত প্ৰাথমিক বিদ্যালয়, ফুটাভোগ ৰঙাজান প্ৰাথমিক বিদ্যালয় আৰু কেইবাখনো বিদ্যালয়, স্বাস্থ্য উপ-কেন্দ্ৰ আদিৰ ভিতৰত একঁকাল পৰ্যন্ত পানী হয় ৷ বানে সকলো বুৰাই পেলোৱাৰ ফলত পশুধন অৱশিষ্ট পথৰ ওখ অংশত বান্ধি ৰাখিবলগীয়া হৈছে ৷ বানৰ ফলত কৃষক ৰাইজৰ ধানখেতি, মীনপালন ক্ষেত্ৰৰ ব্যাপক ক্ষতিসাধন হয় ৷

প্ৰেৰক মাধুৰ্য দাস

Featured