বানাক্ৰান্তৰ বাবে যোৰহাটৰ ৰাজপথত শিল্পীৰ সংগীত পৰিৱেশন

বিশেষ বাৰ্তা,  ৪ জুলাই : ৰাজ্যৰ চৌদিশে এতিয়া বানপানীৰ সংহাৰী ৰূপ। এমুঠি খাদ্য, বস্ত্ৰ আৰু বাসস্থানৰ বাবে হাহাকাৰ কৰিছে বন্যাৰ্তই। এনে সময়ত বহু হৃদয়ৱান লোকে বানাক্ৰান্তক সহায়ৰ বাবে আগবাঢ়ি আহিছে। আজি যোৰহাটৰ ৰাজপথত এদল নৱাগত শিল্পীয়ে গীত-মাত পৰিৱেশন কৰি বানাক্ৰান্তৰ বাবে সাহায্য সংগ্ৰহ কৰে। যোৰহাটৰ নিৰ্মল চাৰিআলিত ‘মন যায়’ নামৰ শিল্পী গোষ্ঠীৰ সংগীত পৰিৱেশনেৰে লোৱা মহান প্ৰয়াসৰ প্ৰতি বহু লোকে আৰ্থিক সহযোগিতা আগবঢ়োৱাৰ লগতে বহুজনে বস্ত্ৰ, পানীৰ বটল প্ৰদান কৰে বানাক্ৰান্তসকলৰ বাবে। আজি শিল্পীৰ দলটোৱে ৰাজপথত দানপাত্ৰ লৈ বানাক্ৰান্তৰ বাবে নগদ ১৭ হাজাৰৰো অধিক নগদ টকা সংগ্ৰহ কৰে। ইয়াৰ পূৰ্বেও এই মন যায় নামৰ শিল্পীৰ দলটোৱে বিভিন্ন সময়ত জনস্বাৰ্থজড়িত বহু কৰ্মৰে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল।

প্ৰেৰক ৰঞ্জিত ভূঞা

Featured