দুধনৈৰ জঘন্য কাণ্ডৰ বিৰুদ্ধে কাৰ্বি আংলঙত তীব্ৰ প্ৰতিবাদ

🔹 লাংহিনৰ ৰাজপথত এবছুৰ প্ৰতিবাদী সমদল

বিশেষ বাৰ্তা,  ২৩ মে’ : যোৱা তিনি মে’ত দুধনৈত সংঘটিত জঘন্য ঘটনাত জড়িত দোষীক কঠোৰতম শাস্তি প্ৰদানৰ দাবীত কাৰ্বি আংলঙৰ লাংহিনত এক প্ৰতিবাদী সমদল উলিওৱা হয় । কাৰ্বি আংলং জিলা বড়ো ছাত্ৰ সন্থা আৰু সদৌ কাৰ্বি আংলং জিলা‌ বড়ো মহিলা কল্যাণ সমিতিৰ উদ্যোগত গ্ৰহণ কৰা এই কাৰ্যসূচীত পাহাৰীয়া জিলাখনৰ বাৰটাকৈ বড়ো অগ্ৰণী সংগঠনৰ নেতৃবৃন্দই সহযোগ কৰে । উল্লেখ্য যে যোৱা তিনি মে’ত দুধনৈত দুগৰাকী কণমানিক নিৰ্যাতন আৰু পৰৱৰ্তী সময়ত হিৰন্ময় খাখলাৰীক বৰ্বৰভাৱে কৰা হত্যাৰ প্ৰতিবাদত নিখিল বড়ো ছাত্ৰ সন্থাই ৰাজ্যজুৰি গ্ৰহণ কৰিছে প্ৰতিবাদী কাৰ্যসূচী। কাৰ্বি আংলঙৰ লাংহিন নগৰতো বিশাল প্ৰতিবাদী সমদল উলিয়াই দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰা হয় । এবছুৰ কৰ্মীসকলে উই ৱান্ট জাষ্টিচ, জনজাতিৰ ওপৰত অত্যাচাৰ নচলিব, হিৰন্ময় খাখলাৰীৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ দিয়ক, দুই কণমানিক উপযুক্ত ক্ষতিপূৰণ প্ৰদান কৰক আদি শ্লোগান লিখা প্লে-কাৰ্ড হাতে হাতে লৈ লাংহিনৰ আকাশ-বতাহ কঁপাই তোলে। লগতে হিৰন্ময় খাখলাৰীৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰে ।

প্ৰেৰক ৰাজু কাঠাৰ

Featured