কংগ্ৰেছৰ ভুল নীতিৰ বাবে জীয়াতু ভুগিছিল বিটিআৰবাসীয়ে : সৰ্বানন্দ সোণোৱাল

নিয়মীয়া বাৰ্তা ডিজিটেল, ৩০ এপ্ৰিলঃ “ভাৰতবৰ্ষৰ ৰাজনৈতিক ইতিহাসত সৰ্বস্তৰৰ জনসাধাৰণৰ বাবে সৰ্বাংগীণ বিকাশ, সম-মৰ্যাদা, সমৃদ্ধি, সমতা, সৰ্বত্ৰ শান্তি, সংস্কাৰ, সমন্বয় সাধন কৰা মিত্ৰশক্তি হৈছে কেৱল ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁট। মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত বিগত ১০ বছৰত এনডিএ চৰকাৰে সমগ্ৰ দেশতে উন্নয়নৰ এক নৱজাগৰণৰ সূচনা কৰিছে, যিটো কংগ্ৰেছৰ শাসনকালত কেৱল সপোনহে আছিল। কংগ্ৰেছে দশক দশক ধৰি অপশাসন, ভ্ৰষ্টাচাৰ, স্বজন-তোষণ, অবাধ দুৰ্নীতিৰ জৰিয়তে দেশক কোঙা কৰি পেলাইছিল। পিছে বিজেপি চৰকাৰে কেৱল ১০ বছৰৰ ভিতৰতে শক্তিশালী নীতি, শক্তিশালী দৃষ্টিভংগী, শক্তিশালী নেতা থকাৰ বাবেই ভাৰতৰ প্ৰতিচ্ছবি বিশ্বৰ বুকু ত শক্তিশালী আৰু সমৃদ্ধিশালী কৰি তুলিলে।” – এনডিএ-ৰ পক্ষত কোকৰাঝাৰ সমষ্টিৰ সৰ্বস্তৰৰ ৰাইজ থকাৰ কথা দোহাৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বাক্সা জিলাৰ থমনাত এনডিএ সমৰ্থিত ইউপিপিএল-ৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ সমৰ্থনত আজি ব্যাপক প্ৰচাৰ চলায়। ৰাইজৰ বিপুল উৎসাহ, হৰ্ষধ্বনিৰ মাজত নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বত আকৌ এবাৰ এনডিএ চৰকাৰ গঠনৰ দিশত অৰিহণা যোগোৱাৰ বাবে সভাত সকলোৱে ঐক্যবদ্ধভাৱে সংকল্প ল’লে। এই জনসভাত লগতে উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্ৰী ইউ জি ব্ৰহ্ম, বিধায়কদ্বয় মানৱ ডেকা, ৰূপজ্যোতি কু ৰ্মী প্ৰমুখ্যে বিটিআৰ-ৰ পাৰিষদকে ধৰি বিজেপি আৰু ইউপিপিএল দলৰ বিষয়ববীয়াসকল। সোণোৱালে ভাষণ প্ৰসংগত কয়, “ষাঠিৰ দশকৰ পৰা কংগ্ৰেছ দলটোৱে আমাৰ যুৱক-যুৱতীসকলৰ ওপৰত নৃশংস অত‍্যাচাৰ চলাইছিল। আমাৰ ৰাইজে ভয় ভয়কৈ নিজৰ উৎসৱসমূহ পাতিবলগীয়া হৈছিল। এসময়ত বৰ্ত মানৰ এই বিটিআৰ অঞ্চলটো অশান্ত অঞ্চল হিচাপে জৰ্জৰিত আছিল, হত্যা-হিংসাৰে চৌদিশ ছানি ধৰিছিল। কংগ্ৰেছৰ ভুল নীতি আৰু অন্যায়-অৱহেলাৰ বাবেই বড়োলেণ্ডৰ লগতে সমগ্ৰ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাইজে জীয়াতু ভুগিবলগীয়া হৈছিল। কিন্তু মোদী চৰকাৰৰ দিল্লী আৰু দিছপুৰক, দিল্লী আৰু বড়োলেণ্ডক ওচৰ চপাই অনাৰ দূৰদৰ্শী তথা কল্যাণকামী দৃষ্টিভংগীৰ ফলস্বৰূপে এতিয়া সমগ্ৰ বিটিআৰ-ত স্থায়ী শান্তিৰ পৰিৱেশ ঘূৰি আহিছে। ঐতিহাসিক বড়ো শান্তি চুক্তি স্বাক্ষৰিত হোৱাৰ
ফলত বিটিআৰ-ত উন্নয়নৰ নতুন জাগৰণৰ সূচনা হৈছে আৰু সৰ্বত্ৰে শান্তি-সমন্বয় বিৰাজমান কৰিছে। মোদী চৰকাৰৰ বলিষ্ঠ নেতৃত্বত সমগ্ৰ ভাৰতৰ জনসাধাৰণে সামাজিক মৰ্যাদা লাভ কৰিছে। সমগ্ৰ দেশতে বিগত ১০ বছৰত ১৪ কোটিতকৈও অধিক শৌচালয় নিৰ্মাণ কৰা হৈছে, ৪ কোটিতকৈও অধিক পকীঘৰ নিৰ্মাণ কৰা হৈছে। আমাৰ চৰকাৰৰ বিভিন্ন কল্যাণকামী আঁচনিৰ জৰিয়তে সুফল লাভ কৰিছে সৰ্বস্তৰৰ জনতাই আৰু ইয়াৰ জৰিয়তে সকলোৰে জীৱন ধাৰণৰ মান উন্নীত হৈছে। এসময়ত দালালৰাজে গ্ৰাস কৰা অসমৰ নিয়োগ ক্ষেত্ৰখনত বিনা প‌ইচাত সম্পূৰ্ণ যোগ্যতাৰ ভিত্তিত চাকৰি পোৱাৰ পৰিৱেশ ঘুৰি আহিল। শেহতীয়াকৈ মোদী চৰকাৰে সত্তৰোৰ্ধৰ সকলো ব‍্যক্তিৰ বাবে আয়ুষ্মান ভাৰত বীমা যোজনাৰ ব‍্যৱস্থা কৰিছে।” নতুন ভোটাৰসকলক উদ্দেশ্যি সৰ্বানন্দ সোণোৱালে কয়,”আপোনালোকৰ ভৱিষ্যৎ আমাৰ চৰকাৰৰ দিনত সম্পূৰ্ণৰূপে সুৰক্ষিত। মোদীয়ে আগন্তুক দিনবোৰত উঠি অহা ভোটাৰসকলৰ কৰ্ম সংস্থাপনৰ দায়িত্ব লৈছে। বিজেপি চৰকাৰ নেতৃত্বত থাকিলে দেশৰ যুৱচাম নিবনুৱা হৈ থাকিব নালাগে। অকল চৰকাৰী খণ্ডতেই নহয় ব‍্যক্তিগত খণ্ডত নিয়োজিত হোৱাৰ সুযোগ যুৱপ্ৰজন্ম‌ ই লাভ কৰিব। এতিয়া আৰু উপঢৌকনদি চাকৰি লোৱাৰ পৰিৱেশ নাই। মেধা আৰু যোগ‍্যতাৰ বলত সকলোৱে নিজৰ জীৱন সুন্দৰকৈ নিৰ্বাহ কৰিব পাৰিছে।” সোণোৱালে ৰাইজক সম্বোধন কৰি কয়, “আমি এই লোকসভা নিৰ্বাচনটোক এখন আত্মনিৰ্ভ ৰ, বিকশিত আৰু সমৃদ্ধিশালী ভাৰত গঢ়াৰ মাধ্যম হিচাপে আন্তৰিকতাৰে গ্ৰহণ কৰিছোঁ। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বত বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰে ১০ বছৰৰ কাৰ্যকালত উল্লেখযোগ্য সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। মোদীয়ে ‘সবকা সাথ, সবকা বিকাশ’ নীতিৰে ভাৰতৰ প্ৰতিটোজাতি-জনগোষ্ঠীক লগত লৈ সকলোৰে মৰ্যাদাৰ বাবে যি যাত্ৰা আৰম্ভ কৰিলে, সেই যাত্ৰা হৈছে সমন্বয়ৰ যাত্ৰা, ভাৰতবৰ্ষক শক্তিশালী কৰাৰ যাত্ৰা, সৰ্বস্তৰৰ নাগৰিকৰ সবলীকৰণৰ যাত্ৰা। এই যাত্ৰাৰ সুবাদতে ভাৰতৰ প্ৰতিখন ৰাজ‍্যৰ জনসাধাৰণে আজি সম-বিকাশ লাভ কৰি সন্মান সহকাৰে জীয়াই থাকিবলৈ সক্ষম হৈছে। সামগ্ৰিকভাৱে ভাৰতে বিশ্বৰ পঞ্চম সৰ্ববৃহৎ অৰ্থনীতিৰ সন্মান বুটলিবলৈ সক্ষম হৈছে। প্ৰধানমন্ত্ৰীয়ে আত্মসহায়ক গোটবোৰৰ উন্নতিত বিশেষ গুৰুত্ব আৰোপ কৰিছে। কাৰণ তেওঁ বিশ্বাস কৰে নাৰীশক্তি মহাশক্তি। মহিলাক বিভিন্ন ক্ষেত্ৰত আগবাঢ়ি যাবলৈ প্ৰধানমন্ত্ৰী মোদীয়ে যথেষ্ট সুযোগ সুবিধা প্ৰদান কৰিছে। অসমতো মহিলাশক্তি, আই-মাতৃসকলে নিজৰ কৰ্মদক্ষতাৰ প্ৰমাণ কৰিছে। যাৰ ফলত সমাজত নাৰীৰ স্থান আগতকৈ বহুগুণে বৃদ্ধি পাইছে। বিৰোধীয়ে ব‍ক্তব‍্য দিয়াতহে ওস্তাদ। তেওঁলোকে কল্পনাৰ সাগৰত সাঁতুৰি বৰ ভাল পায়। কিন্তু বিজেপি চৰকাৰ এখন বাস্তৱবাদী চৰকাৰ। বৰাক-ব্ৰহ্মপুত্ৰ, পাহাৰ-ভৈয়ামৰ বিভিন্ন ভাষা-ভাষিক ৰাইজৰ সমস্যাবোৰৰ বুজ লৈ তাক বাস্তৱত নিৰ্মূল কৰাৰ সাহস বিজেপি চৰকাৰেহে ল’ব পাৰে। খিলঞ্জীয়াক মাটিৰ পট্টা প্ৰদানৰ জৰিয়তে ভূমিৰ অধিকাৰ এইখন চৰকাৰেহে প্ৰদান কৰিছে। বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্মদেৱে জাতি-জনগোষ্ঠীক একতাৰ ডোলেৰে বান্ধি সমন্বয়ৰ সাঁকো নিৰ্মাণ কৰিছিল। বড়ো জনগোষ্ঠীৰ সৰ্বাংগীণ উত্তৰণ আৰু প্ৰগতিৰ হকেও তেখেতে অহোপুৰুষাৰ্থ কৰিছিল। বিজেপি চৰকাৰৰ শাসনকালত আজি তেখেতৰ সপোন বাস্তৱায়িত হৈছে। এইবাৰ বিজেপি মিত্ৰজোঁটে ৪০০ আসন পাৰ কৰাটো নিশ্চিত। এইক্ষেত্ৰত কোকৰাঝাৰ আসনখনতো বিপুল ভোটত ইউপিপিএল-ৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক জিকাই ৰাইজে কোকৰাঝাৰ আসনখন মোদীক উপহাৰ হিচাপে দিব বুলি আমি দৃঢ় বিশ্বাসী। ইতিমধ্যে ৰাইজৰ বিপুল উৎসাহেই এনডিএ-ৰ বিজয়ৰ স্পষ্ট ইংগিত বহন কৰিছে।”

Featured