ধুবুৰীত তীৰৰ ব্যাপক প্ৰচলনত সৰ্বস্বান্ত বহুজন

নিয়মীয়া বাৰ্তা, ৩০ জুন : ৰাজ্যত আৰক্ষীৰ কঠোৰ জুৱাবিৰোধী স্থিতিৰ বিপৰীতে ধুবুৰীকে ধৰি জিলাখনৰ প্ৰান্তে প্ৰান্তে তীৰ জুৱাৰ ব্যাপক প্ৰচলনৰ ঘটনাই সৃষ্টি কৰিছে প্ৰতিক্ৰিয়া। উল্লেখ্য যে মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ কঠোৰ নিৰ্দেশৰ পিছত ২০২২ বৰ্ষৰ ৯ জানুৱাৰীৰ নিশা সমগ্ৰ ৰাজ্যৰ লগতে ধুবুৰীতো চলিছিল আৰক্ষীৰ তীৰবিৰোধী অভিযান। সেই অভিযানত ধুবুৰীকে ধৰি সমগ্ৰ জিলাখনৰ পৰা তীৰ জুৱাৰ সৈতে জড়িত ২২গৰাকীকৈ ব্যক্তিক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। আৰক্ষীৰ সেই অভিযানৰ পিছত ধুবুৰীত কেইমাহমান তীৰ জুৱা সম্পূৰ্ণৰূপে বন্ধ আছিল। কিন্তু সময় বাগৰাৰ লগে লগে ধুবুৰীকে ধৰি জিলাখনৰ বিভিন্ন প্ৰান্তত পুনৰ আৰম্ভ হোৱা তীৰ নামৰ জুৱাবিধৰ বৰ্তমান পুনৰ ব্যাপকভাৱে প্ৰচলন ঘটিছে। উল্লেখ্য যে ৮০ৰ দশকৰ পৰা ধুবুৰীত আৰম্ভ হোৱা এইবিধ জুৱা পিছলৈ গৈ জিলাখনৰ প্ৰান্তে প্ৰান্তে বিয়পি পৰিছিল। প্ৰথমাৱস্থাত গুৱাহাটীৰ খানাপাৰাৰ সমীপৰ মেঘালয়ৰ এটা অঞ্চলৰ পৰা নিয়ন্ত্ৰিত হোৱা  “খানাপাৰা তীৰ” বুলি জুৱাৰীসকলৰ মাজত পৰিচিত তীৰৰ জুৱাবিধৰ প্ৰচলন ঘটিছিল। পিছলৈ গৈ মেঘালয়ৰ পৰা নিয়ন্ত্ৰিত হোৱা ‘‘শ্বিলং তীৰ’’ নামৰ আন এবিধ তীৰ জুৱাও আৰম্ভ হৈছিল ধুবুৰীত। তীৰেৰে ধন ঘটাৰ এক অলীক সপোনৰ পিছে পিছে দৌৰি একাংশ চৰকাৰী চাকৰিয়ালকে ধৰি  দিনহাজিৰা কৰি কোনোমতে নিজৰ পৰিয়াল পোহপাল দিয়া বহু লোকে নিজৰ কষ্টোপাৰ্জিত ধনৰ এটা বৃহৎ অংশ নষ্ট কৰে তীৰৰ জুুৱাত। তাৰেই প্ৰেক্ষাপটত ধুবুৰীত তীৰৰ মূল পাণ্ডাকেইগৰাকীক কৰায়ত্ত কৰি এই জুৱাবিধ সম্পূৰ্ণৰূপে উৎখাত কৰাৰ বাবে ধুবুৰীৰ সচেতন মহলে দাবী জনাই আহিছে। তাৰ পৰিৱৰ্তে মাজে সময়ে কেইগৰাকীমান তীৰৰ বুকীক কৰায়ত্ত কৰি আৰক্ষীয়ে দায়িত্ব সামৰাহে পৰিলক্ষিত হৈছে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

Featured