ধনী-দুখীয়া সকলোৰে সমদৃষ্টি প্ৰধানমন্ত্ৰী মোদীৰ : মুখ্যমন্ত্ৰী

🎯হাজোৰ হালোগাঁৱত বিজয় সংকল্প সমাৱেশত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা, ২৯ এপ্ৰিল : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সূৰ্য্যৰ দৰে, ধনী-দুখীয়া সকলোৰে ওপৰত পোহৰ পৰে। মোদীৰ নেতৃত্বত অসমৰ ইমুৰৰ পৰা সিমুৰলৈ এটাৰ পিছত এটাকৈ উন্নয়ন সম্ভৱ হৈ উঠিছে। যিগৰাকী প্ৰধানমন্ত্ৰীয়ে অসমৰ স্বাভিমান গামোচা ডিঙিত আৰি দেশ-বিদেশ ঘূৰি অসমক বহি:ৰাষ্ট্ৰত চিনাকি দি আহিছে। শত্ৰুৰ লগত যুজিবলৈ প্ৰধানমন্ত্ৰী মোদীৰ আছে সাহস আৰু সেই সাহসে দেশৰ কোটি কোটি জনতাক সাহস প্ৰদান কৰি আহিছে।- এই বক্তব্য মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। আজি লোকসভা নিৰ্বাচনৰ বৰপেটা লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী অগপৰ ফণীভূষণ চৌধুৰীৰ হকে হাজো-শুৱালকুছি বিধানসভা সমষ্টিৰ অন্তৰ্গত হাজোৰ হালোগাঁও অভয়চৰণ চৌধাৰী ষ্টেডিয়ামত দিনৰ তিনি বজাত অনুষ্ঠিত এক বিজয় সংকল্প সমাবেশত অংশগ্ৰহণ কৰি এনেদৰে বক্তব্য ৰাখে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। বিজয় সংকল্প সমাবেশত জনতাক উদ্দ্যেশি ৰখা ভাষণত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কংগ্ৰেছক সমালোচনা কৰি কয়, কংগ্ৰেছৰ শাসন কালত অসমৰ কাজিৰঙা অভয়াৰণ্যত এটাৰ পিছত এটাকৈ গড় নিধন হৈছিল। কিন্তু সেই কাজিৰঙাত বন্যপ্ৰাণীৰ ৰক্ষণাবেক্ষণ সুৰক্ষিত কৰি নৰেন্দ্ৰ মোদীয়ে কাজিৰঙাত ছাফাৰি কৰাৰ লগতে নিশা কটাই এক নজিৰ সৃষ্টি কৰিছে। তেনে নজিৰ পূৰ্বৰ প্ৰধানমন্ত্ৰীসকলৰ মাজত দেখা পোৱা হোৱা নাই। কংগ্ৰেছ চৰকাৰৰ দিনত ধুতি, লুঙ্গী, আঁঠুৱা, কম্বল আৰু সূতাৰ পঞ্চমৃত সদৃশ আঁচনি আছিল। সেই পঞ্চমৃতসদৃশ আঁচনিৰ বিপৰীতে বিজেপি চৰকাৰে অভিলাষী আঁচনি ৰূপায়ণৰে মহিলা সৱলীকৰণৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰি আহিছে। প্ৰসংগক্ৰমে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই পুনৰ কয়, কোন কিমান ভোটত জিকিৰ ডাঙৰ কথা নহয়, এই নিৰ্বাচনত আপোনালোকৰ ভোটটো নৰেন্দ্ৰ মোদীৰ বাবে আশীৰ্বাদ স্বৰূপ।কিয়নো আশীৰ্বাদ মানুহৰ জীৱনৰ বাবে মূল্যবান সম্পদ।গতিকে প্ৰথম ভোটদান পিছতহে জলপান,ৰেচন কাৰ্ড য’ত অৰুণোদয় ত’ত। প্ৰসংগ ক্ৰমে মুখ্যমন্ত্ৰী ড০ শৰ্মাই পুনৰ কয়,দিল্লীত নৰেন্দ্ৰ মোডীক পুনৰ প্ৰধানমন্ত্ৰী পাতিলেহে দেশ তথা অসমৰ উন্নয়নৰ গতি তৰান্বিত হব।ইফালে সভাত মুখ্যমন্ত্ৰী শৰ্মাই বিজেপিৰ শাসন কালত হোৱা উন্নয়ন বিশেষকৈ পাচ লাখ টকাৰ আয়ুষ্মান ভাৰত কাৰ্ডৰ জৰিয়তে বিনামূলীয়াকৈ লাভ কৰা চিকিৎসা ব্যৱস্থা, শিক্ষা, ৰাস্তা পদূলি বিশুদ্ধ খোবাপানী আদিৰ লগতে বিনামূলীয়া চাউল, কম মূল্যত উজলা গেছৰ চিলিণ্ডাৰ, চৰকাৰী গৃহ, অৰুণোদয়,বৃদ্ধ বিধবা পেঞ্চন,লাখপতি বাইদেউ আদিৰ দৰে বিভিন্ন চৰকাৰী অভিলাষী আচনিৰ জৰিয়তেই দৰিদ্ৰ জনসাধাৰণৰ হকে কৰি অহা উপকাৰৰ কথাও উল্লেখ কৰে। ৰেছন কাৰ্ড থকা প্ৰতিগৰাকী মহিলাক অৰ্থাৎ বৰ্তমানে যিসকলে পোৱা নাই সেই সকলক অৰুণোদয় আচনিৰ ১২৫০ টকা শীঘ্ৰে প্ৰদান কৰাৰো আশ্বাস দিয়ে।তদুপৰি ৰেছন কাৰ্ড থকা পৰিয়ালৰ মূৰব্বীজনক চৰকাৰে বিনামূলীয়াকৈ বীমা কৰাৰ ব্যৱস্থা কৰি বীমাৰ বছৰি প্ৰিমিয়ামো চৰকাৰে দিব বুলিও উল্লেখ কৰে।সমাবেশত মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যত এক লাখ নিবনুৱাৰ নিযুক্তি সম্পূৰ্ণ হোৱাৰ পিছত আকৌ ৫০ হেজাৰ চাকৰি মুকলি কৰি নিযুক্তিৰ ব্যৱস্থা কৰা হব বুলি ভাষণত সদৰী কৰে।মুখ্যমন্ত্ৰীয়ে কেইবা সহস্ৰাধিক বিজেপি-অগপৰ সমৰ্থকৰ উপস্থিতিত অনুষ্ঠিত নিৰ্বাচনী সভাৰ মঞ্চত “আকৌ এবাৰ মোদী চৰকাৰ” শীৰ্ষক গীতৰ তালে তালে নাচি কংগ্ৰেছক কঠোৰ সমালোচনা কৰি নৰেন্দ্ৰ মোডী তৃতীয় বাৰৰ বাবে প্ৰধানমন্ত্ৰী হব বুলিও ভাষণত উল্লেখ কৰে। এই নিৰ্বাচনী সমাবেশত বিধায়িকা সুমন হৰিপ্ৰিয়া, অগপৰ সাধাৰণ সম্পাদক মনোজ শইকীয়া,প্ৰভাৰী জুৰি শৰ্মা বৰদলৈকে কেইবা গৰাকীও অগপ-বিজেপিৰ নেতা- কাৰ্যকৰ্তা অংশ গ্ৰহণ কৰে।

প্ৰেৰক শ্বাহজাহান ইছলাম