পলাশবাৰীত ফুলমণি দাসৰ কাব্যগ্ৰন্থ উন্মোচন দিগন্ত বিশ্ব শৰ্মাৰ

নিয়মীয়া বাৰ্তা, ২২ মে’ : ‘মানুহৰ কাব্যৰ স’তে আদিম সম্পৰ্ক আছে ৷ তেনেক্ষেত্ৰত পাঠকৰ প্ৰাণ স্পৰ্শ কৰিব পৰাকৈ কবিয়ে বাট উলিয়াই দিলেহে শক্তিলৈ ৰূপান্তৰিত হ’ব ৷’- এইদৰে কয়  সাহিত্য অকাডেমি অনুবাদ বঁটাপ্রাপক দিগন্ত বিশ্ব শৰ্মাই ৷ দক্ষিণ কামৰূপৰ পলাশবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত ঝাৰোবড়ীত আজি যুৱ কবি ফুলমণি দাসৰ কাব্যগ্ৰন্থ “ৰঙা ফাগুন, প্রেমিক বৰটোকোলা আৰু নষ্ট বৰষুণৰ গদ্য” শীৰ্ষক কাব্যগ্ৰন্থখন উন্মোচন কৰি সাহিত্য অকাডেমি অনুবাদ বঁটাপ্রাপক দিগন্ত বিশ্ব শৰ্মাই প্ৰতিভাৱান যুৱ কবি ফুলমণি দাসৰ কাব্যগ্ৰন্থখনৰ প্ৰসংগত কয় যে ফুলমণি দাসৰ কাব্যৰ উপজীব্যৰ মূল্য আছে আৰু ভৱিষ্যতে সৃষ্টিৰ সম্ভাৱনা উজ্জ্বল ৷ তদুপৰি ভাষাৰ প্ৰতি সচেতন হোৱাৰ উপৰি আন্তৰিক চিন্তাৰ সাৱলীল প্ৰকাশ কৰাত তেওঁ সাৰ্থক হোৱা বুলিও কবিগৰাকীক প্ৰশংসা কৰে ৷ আনহাতে, শৰ্মাই নিজৰ বক্তব্যত মহৰ্ষি শ্ৰী অৰবিন্দৰ অমূল্য সৃষ্টি দৰ্শনৰ উদ্ধৃতি দি কয় যে কবিতাত ছন্দৰ স্পন্দনৰ প্ৰয়োজনীয়তা আছে ৷ কিয়নো আত্মোপলব্ধিৰ জৰিয়তে ধ্বনিৰ প্ৰবাহেৰে মনৰ মাজলৈ চিন্তাৰ তৰংগ উদ্বেলিত হৈ কাব্য শক্তিলৈ পৰিণত হয় আৰু কাব্য প্ৰবাহৰ সেই শক্তিয়ে প্ৰকৃত জীৱনবোধৰ সঠিক মূল্যায়ন কৰে বুলি উল্লেখ কৰাৰ উপৰি বহুতো তাত্ত্বিক আৰু মহত্ত্বপূৰ্ণ বক্তব্য আগবঢ়ায় শৰ্মাই ৷ সাহিত্য-সংস্কৃতি বিকাশ গোষ্ঠী, কামৰূপৰ উদ্যোগত ঝাৰোবড়ী দুর্গা মন্দিৰ সভাঘৰত ডাঃ শৰত ৰাভাৰ পৌৰোহিত্যত অনুষ্ঠিত সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে প্ৰফুল্ল চন্দ্ৰ চৌধুৰীয়ে ৷ তদুপৰি গাম্ভীৰ্যপূৰ্ণ সভাখনৰ আৰম্ভণিতে কবি ফুলমণি দাসে আদৰণি সম্ভাষণ জনোৱাৰ উপৰি সমৱেত সংগীত পৰিৱেশন কৰা হয় ৷ ইফালে, সভাখনত ৰঞ্জিত চৌধুৰী, গজেন চন্দ্ৰ দাস, প্ৰফুল্ল চৌধুৰী, ৰূপেন্দ্ৰ কুমাৰ কলিতাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে উপস্থিত থাকি বক্তব্য প্ৰদান কৰে ৷

প্ৰেৰক নুৰুল ইছলাম

Featured