চেঙাৰ ৰৌমাৰীত ড্ৰাগছ মাফিয়া খলিল আহমেদক গ্ৰেপ্তাৰ আৰক্ষীৰ

নিয়মীয়া বাৰ্তা, ২০ জুনঃ বৰপেটা জিলাৰ চেঙাৰ ৰৌমাৰীত তাৰাবাৰী আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি এটা ড্ৰাগছ মাফিয়াক আটক কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে আজি বৰপেটা আদালতত হাজিৰ কৰোৱা ড্ৰাগছ মাফিয়া খলিল আহমেদক কালি বিয়লিৰ ভাগত ৰৌমাৰী গাঁৱত গোপন খবৰৰ ভিত্তিত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই তাৰাবাৰী আৰক্ষীয়ে বৃহৎ সফলতা লাভ কৰে। তাৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৃণাল শৰ্মাৰ নেতৃত্বত আৰক্ষীৰ এটি দলে চলোৱা অভিযানত বুজন পৰিমাণৰ সন্দেহযুক্ত নিচাজাতীয় টেবলেটসহ এই ড্ৰাগছ মাফিয়াক আটক কৰিবলৈ সক্ষম হয়। ধৃত ড্ৰাগছ মাফিয়াটো তাৰাবাৰী থানাৰ অন্তৰ্গত ৰৌমাৰী গাঁৱৰ মাজম আলীৰ পুত্ৰ খলিল আহমেদ বুলি জানিব পৰা গৈছে। চেঙা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া তথা কাৰ্যবাহী দণ্ডাধীশ ৰীমা কৌশিকৰ উপস্থিতিত ধৃত খলিল আহমেদৰ বাসগৃহৰ পৰা নিচাজাতীয় টেবলেটখিনি জব্দ কৰে আৰক্ষীয়ে। টেবলেটৰ উপৰিও খলিল আহমেদৰ পৰা আৰক্ষীয়ে নগদ ডেৰ লক্ষাধিক টকা আৰু মোবাইল ফোন জব্দ কৰে। ধৃত খলিল আহমেদে দীৰ্ঘদিন ধৰি ড্ৰাগছৰ ব্যৱসায় চলাই আহিছিল বুলি অভিযোগ উত্থাপন হৈছে। ধৃত খলিল আহমেদৰ বিৰুদ্ধে তাৰাবাৰী থানাত ৩৫/২০২৪ নম্বৰত গোচৰ আৰু এনডিপিএচ আইনৰ অধীনত ২২(a)/ ২২(b)ধাৰাত তাৰাবাৰী আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰা বুলি জানিব পৰা গৈছে।

প্ৰেৰক আফতাফ হুছেইন

Featured