নতুন আইন সন্দৰ্ভত দোতমাত আৰক্ষীৰ সজাগতা সভা

🔹 আজিৰ পৰা দেশত বলৱৎ হ’ব তিনিখন ফৌজদাৰী আইন

নিয়মীয়া বাৰ্তা, ১ জুলাই : আজিৰ পৰা ইতিহাস হিচাপে পৰিগণিত হ’ব আই পি চি, চি আৰ পি চি আৰু আই ই আইন তিনিখন। আজিৰ পৰা সমগ্ৰ দেশত বলৱৎ হোৱা ফৌজদাৰী আইন সম্পৰ্কত দোতমা থানাৰ ভিডিপি ভৱনত এখন সজাগতা সভা অনুষ্ঠিত হয়। দোতমা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নুৰুল ইছলামে উদ্দেশ্য ব্যাখ্যা কৰা সজাগতামূলক সভাখনত সভাপতিত্ব কৰে স্থানীয় সমাজসেৱক শংকৰ লাল ব্ৰহ্মই । নতুনকৈ বলৱৎ হোৱা ফৌজদাৰী আইন তিনিখন হৈছে ভাৰতীয় ন্যায় সংহিতা চমুকৈ বি এন এছ, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা চমুকৈ বি এন এছ এছ আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম চমুকৈ বিএছএ । আজিৰ পৰা সমগ্ৰ দেশত বলৱৎ হোৱা তিনিওখন ফৌজদাৰী আইনৰ জৰিয়তে সাধাৰণ ৰাইজ কেনেদৰে উপকৃত হ’ব, সেই বিষয়ে আলোচনা হয় । উক্ত সভাত গাঁওৰক্ষী বাহিনী, গাঁওবুঢ়াকে ধৰি বিভিন্ন দল-সংগঠনৰ নেতৃত্ব উপস্থিত থাকে।

প্ৰেৰক কৃষ্ণ বৰ্মন

Featured