থানাতে মহিলাক দলবদ্ধ ধর্ষণ আৰক্ষীৰ

বিশেষ বাৰ্তা, ৬ ছেপ্টেম্বৰঃ স্বামীৰ বিৰুদ্ধে অভিযোগ দিবলৈ গৈ থানাত উপ–পৰিদর্শকসহ কেইবাজনো আৰক্ষীৰ দলবদ্ধ ধর্ষণৰ সন্মুখীন হ’বলগীয়া হ’ল এগৰাকী মহিলা৷ অভিযোগ অনুসৰি মহিলাগৰাকীক এটা ঘৰত আবদ্ধ কৰি ৰাখি তিনি দিন ধৰি বলাৎকাৰ কৰা হয়৷ অকল সেয়াই নহয়, মহিলাগৰাকীক বিক্রীও কৰি দিয়া হয়৷ এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে হাৰিয়ানাৰ পলবলত৷ আৰক্ষী সূত্রই সদৰী কৰা অনুসৰি পলবলৰ বাসিন্দা মহিলাগৰাকীয়ে স্বামীৰ বিৰুদ্ধে হাছানপুৰ থানাত অভিযোগ দিবলৈ গৈছিল৷ থানাত উপ–পৰিদর্শক শিৱচৰণে অভিযোগ ল’বলৈ অস্বীকাৰ কৰি থানাৰ কাষতে এটা ঘৰত মহিলাগৰাকীক বলাৎকাৰ কৰে৷ এইক্ষেত্রত উপ–পৰিদর্শকগৰাকীক সহযোগিতা কৰে কেইবাজনো আৰক্ষীয়ে৷

Featured