দক্ষিণ শালমাৰা মানকাচৰত ভয়-ভাবুকিৰে আৰক্ষী বিষয়াৰ গুণ্ডাৰাজ

নিয়মীয়া বাৰ্তা, ১০ ছেপ্টেম্বৰ : দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ একাংশ আৰক্ষী বিষয়াই বিভিন্ন ধৰণে ভয় ভাবুকি প্ৰদান কৰি সৰ্বসাধাৰণ ৰাইজৰ পৰা ধন সংগ্ৰহ কৰা ঘটনা দীৰ্ঘদিনীয়া। সম্প্ৰতি দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ডি এছ পি নাইম উদ্দিনৰ বিৰুদ্ধে সাধাৰণ জনতাক ভয়, ভাবুকি দেখুৱাই পইচা লোৱাৰ অভিযোগ উত্থাপিত হৈছে। ঘটনা সন্দৰ্ভত ভূক্তভুগী লোক এজনে আদালতত ডি এছ পি নাইম উদ্দিনৰ বিৰুদ্ধে ফেকামাৰীস্থিত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত ৭৯৮/২৪ নম্বৰ (চি আৰ কেছ) গোচৰ ৰুজু কৰিছে। লক্ষ্যনীয় যে কিছু দিন পূৰ্বে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰীৰ,ফেকামাৰী গাঁৱৰ আকতাবুৰ ৰহমান নামৰ লোক এজনে তিনি গৰাকী লোকৰ লগত ব্যক্তিগত বাহনেৰে বিয়া ঘৰ এখন লৈ গৈ থকাৰ সময়ত ডিএছ পি নাইম উদ্দিনে নিশা খাৰুৱাবান্ধাৰ ঘাইপথত বাট আগচি ধৰি আতাবুৰ ৰহমানৰ গাড়ীখনত তলাচী চলায়। তালাচী কালত আকতাবুৰ ৰহমানৰ গাড়ীৰ পৰা কোনো ধৰণৰ আপত্তি জনক সামগ্ৰী নোপোৱাত আকতাবুৰৰ পেকেটত কেইবা হেজাৰ টকা কাঢ়ি ডিএছ পি নাইম উদ্দিনে লয়। আকতাবুৰে টকাখিনিৰ ছিজাৰ লিষ্ট বিচৰাত আৰক্ষী বিষয়াগৰাকীয়ে ৰিভলভাৰ উলিয়াই ভাবুকি প্ৰদান কৰে বুলি অভিযোগ উত্থাপন কৰিছে। পিছত উপায়ন্ত হৈ ঘটনা সন্দৰ্ভত আকতাবুৰ ৰহমানে ফেকামাৰী জিলা সত্ৰ ন্যায়াধীশৰ আদালতত গোচৰ কৰাত আজি হিয়াৰিঙৰ বাবে আতাবুৰে আদালতত হাজিৰ হয়। আৰু ঘটনা সন্দৰ্ভত সাংবাদিকৰ আগত এনেদৰে মন্তব্য আগবঢ়ায়।

প্ৰেৰক ফাৰহাদ আহমেদ

Featured