ৰাজনৈতিক নেতা-প্রার্থীয়ে নিৰ্বাচনী প্রচাৰত ব্যৱহাৰ কৰিব নোৱাৰিব শিশুক

কঠোৰ সকীয়নি নিৰ্বাচন আয়োগৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ৫ ফেব্ৰুৱাৰীঃ ২০২৪ লোকসভা নির্বাচনৰ দিন এতিয়াও ঘোষণা কৰা নাই নিৰ্বাচন আয়োগে। কিন্তু ৰাজনৈতিক দলসমূহে টঙালি বন্ধাৰ সময়তে আজি দেশৰ নির্বাচন আয়োগে ৰাজনৈতিক দলসমূহলৈ কঠোৰ নির্দেশনা জাৰি কৰিছে৷ নির্বাচন আয়োগে জাৰি কৰা নির্দেশনা অনুসৰি ৰাজনৈতিক দল অথবা প্রার্থীয়ে প্রচাৰৰ কোনো কার্যতে শিশু ব্যৱহাৰ কৰিব নোৱাৰিব৷ ৰাজনৈতিক দলসমূহে কোনো ক্ষেত্রতে শিশু ব্যৱহাৰ বিশেষকৈ প’ষ্টাৰ বিতৰণ, পুস্তিকা বিতৰণ অথবা শ্ল’গান দিয়াৰ ক্ষেত্রতো ব্যৱহাৰ কৰিব নোৱাৰিব৷ ৰাজনৈতিক দল আৰু প্রার্থীয়ে নির্বাচনী প্রক্রিয়াৰ সময়ত কোনো ক্ষেত্রত শিশুক ব্যৱহাৰ কৰিলে আয়োগে শূন্য সহনশীলতা নীতি গ্রহণ কৰিব বুলিও সকীয়াই দিছে৷ নির্বাচনৰ সমদলৰ সময়ত বাহনত শিশু লগত লৈ ফুৰা কিম্বা শিশুৰ হাত ধৰি প্রচাৰ অভিযান চলোৱাটো বাধা আৰোপ কৰিছে আয়োগে৷ নির্বাচন আয়োগৰ মুখ্য নির্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে বিবৃতিত প্রকাশ কৰা মতে নির্বাচনৰ সময়ত ব্যৱহূত কবিতা, গান, বক্তব্য, ৰাজনৈতিক দলৰ শ্ল’গান আদিতো শিশু ব্যৱহাৰ কৰিব নোৱাৰিব৷ আয়োগৰ এই নির্দেশনা কোনো দলে ভংগ কৰিলে তেনে দলৰ ওপৰত ব্যৱস্থা গ্রহণ কৰা হ’ব বুলিও মুখ্য নির্বাচন আয়ুক্ত কুমাৰে প্রকাশ কৰিছে৷

Featured