ৰূপহীহাটত দাওদাওকৈ জ্বলিল বিদ্যুৎ পৰিবাহী তাঁৰ

নিয়মীয়া বাৰ্তা, ১৪ জুলাই : ৰূপহীহাটত আজি দিনৰ ভাগত এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। নিজ ৰূপহী চাৰিআলিত এই অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হয়। শ্বৰ্ট চাৰ্কিটৰ ফলত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা । শ্বট চাৰ্কিটৰ ফলত দাওদাওকৈ জ্বলি উঠিল বিদ্যুৎ সংযোগী তাঁৰ। কথমপি ৰক্ষা পৰে ৰূপহী বজাৰৰ কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান।
প্ৰেৰক জহিৰুল ইছলাম
Featured