বটদ্ৰৱা থানক বিশ্বমানৰ কৰি গঢ়ি তোলাৰ ব্যাপক প্ৰস্তুতি

নিয়মীয়া বাৰ্তা, ৮ ডিচেম্বৰঃ স্বৰ্ণমন্দিৰৰ দৰে আটকধুনীয়া হ’ব গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থান। অসম চৰকাৰে ১৫৫ কোটি টকাৰে এই থানক নৱৰূপ দিবলৈ চলাইছে ব্যাপক প্ৰস্তুতি। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই প্ৰকল্পৰ শুভাৰম্ভণি কৰিব। এই মাহতে আধাৰশিলা স্থাপন কৰাৰ বাবে ইতিমধ্যে মঞ্চ সজাৰ কাম আৰম্ভ কৰা হৈছে। উল্লেখ্য যে বিধায়িকা আঙুৰলতা ডেকাকে ধৰি ৰাজ্য চৰকাৰে দিয়া প্ৰতিশ্ৰুতি অনুযায়ী বৰ্তমান ১৫৫ কোটি টকাৰে বটদ্ৰৱা থানক আটকধুনীয়াকৈ নিৰ্মাণ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ বাবে স্থানীয় ৰাইজে শলাগ লৈছে অসম চৰকাৰৰ।