চামগুৰিত কলিয়াবৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ দ্বি-বাৰ্ষিক অধিৱেশন

নিয়মীয়া বাৰ্তা,  ১৫ জুন : কলিয়াবৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ ষষ্ঠদশ দ্বি-বাৰ্ষিক অধিৱেশনখন আজি নগাঁও জিলাৰ চামগুৰিৰ সোণাৰীবালি প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় ৷ কলিয়াবৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত আৰু ৰূপহী খণ্ড প্ৰাথমিক শিক্ষক সন্মিলনীৰ আতিথ্যত অনুষ্ঠিত হোৱা ষষ্ঠ দ্বি-বাৰ্ষিক অধিৱেশনত মুখ্য অতিথি হিচাপে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্ত উপস্থিত থাকে ৷ কলিয়াবৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি শ্যামল বণিকৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাখনত মুখ্য অতিথি হিচাপে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ আৰু বিজ্ঞান প্ৰযুক্তি আদি বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই উপস্থিত থাকি প্ৰাথমিক বিদ্যালয়ৰ বিভিন্ন সমস্যাৰ ওপৰত ভাষণ প্ৰদান কৰে ৷ মন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত কয় যে ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়সমূহ উন্নত কৰিবলৈ ৰাজ্য চৰকাৰে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ চেষ্টা কৰি আহিছে ৷ বৰ্তমান ছাত্ৰ-ছাত্ৰী নোহোৱাত বহু পুৰণি চৰকাৰী বিদ্যালয় বন্ধ কৰিব লগা হৈছে ৷ জনসংখ্যা বাঢ়ি গৈ আছে, তাৰ অনুপাতে চৰকাৰী প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা দিনকদিনে কমি আহিছে ৷ চৰকাৰখনে চৰকাৰী বিদ্যালয়সমূহ ভাল হওক বুলি ইটোৰ পিছত সিটো সিন্ধান্ত লোৱা হৈছে যদিও সফল হ’ব পৰা নাই ৷ চৰকাৰী বিদ্যালয়ৰ এই অৱস্থা কিয় হৈছে, সেয়া শিক্ষাগুৰুকে ধৰি সকলোৱে চিন্তা কৰাৰ সময় হৈছে ৷ এই সমস্যাসমূহ কি কাৰণত হৈছে আৰু কেনেকৈ সমাধান হ’ব, তাক সকলোৱে চিন্তা কৰাৰ সময় ৷ সকলোৱে যদি নিজৰ নিজৰ দায়িত্ব পালন কৰে তেতিয়াহ’লে নিশ্চয় পৰিৱৰ্তন আহিব বুলি মন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে ৷ ৰূপহী শিক্ষাখণ্ডৰ কনুৱামাৰী মণ্ডল সমল কেন্দ্ৰৰ ব্যৱস্থাপনাত, কলিয়াবৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত আৰু ৰূপহী খণ্ড প্ৰাথমিক শিক্ষক সন্মিলনীৰ আতিথ্যত অনুষ্ঠিত হোৱা ষষ্ঠদশ দ্বি-বাৰ্ষিক অধিৱেশনখনত নিৰ্দিষ্ট বক্তা হিচাপে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰধান সম্পাদক আৰু অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘৰ কাৰ্যকৰী সভাপতি ৰাতুল চন্দ্ৰ গোস্বামীয়ে উপস্থিত থাকি প্ৰাথমিক শিক্ষকসকলৰ বিভিন্ন সমস্যাৰ ওপৰত ভাষণ প্ৰদান কৰে ৷ উক্ত মুকলি সভাখনত ৰূপহী প্ৰাথমিক শিক্ষাখণ্ডৰ শিক্ষা বিষয়া আব্দুৰ ৰেজাক উপস্থিত থাকি শিক্ষাৰ ক্ষেত্ৰখনৰ বিভিন্ন দিশৰ ওপৰত ভাষণ প্ৰদান কৰে ৷ উক্ত সভাখনত বিশিষ্ট অতিথি হিচাপে কলিয়াবৰ মহকুমা শিক্ষা সংমণ্ডলৰ উপ-পৰিদৰ্শক প্ৰশান্ত জগন্নাথকে ধৰি বহুকেইজন বিশিষ্ট লোক উপস্থিত থাকি ভাষণ প্ৰদান কৰে ৷ কলিয়াবৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সাধাৰণ সম্পাদক বিচিত্ৰ কুমাৰ বৰুৱাই আঁত ধৰা মুকলি সভাখনত কনুৱামাৰী মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক বুবু দাস, অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘ আৰু সৰ্বভাৰতীয় প্ৰাক্তন সদস্যা পূৰ্ণিমা বৰা, অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ হিচাপ পৰীক্ষক ৰাণু নেওগ, সোণাৰিবালি প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী তথা আদৰণী সমিতিৰ উপ-সভানেত্ৰী মৌচুমী দেৱীকে ধৰি বহুকেইজন গণ্যমান্য লোক উপস্থিত থাকে ৷ উক্ত মুকলি সভাখনত শিক্ষয়িত্ৰীসকলে সমৱেত গীত পৰিৱেশন কৰে৷ উক্ত মুকলি সভাখনত সোণাৰীবালি প্ৰাথমিক বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক ধৰ্মেশ্বৰ হাজৰিকাক গামোচা, মানপত্ৰ দি সম্বৰ্ধনা জনায় ৷ উক্ত মুকলি সভাখনত কলিয়াবৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনী আৰু ৰূপহী খণ্ড প্ৰাথমিক শিক্ষক সন্মিলনীৰ বিষয়ববীয়া, সদস্যসকলৰ লগতে বিভিন্ন বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকল উপস্থিত থাকে বুলি জানিব পৰা গৈছে ৷

প্ৰেৰক প্ৰমোদ কুমাৰ শৰ্মা

Featured