বৰদুৱাৰ বাগানত প্ৰধান শিক্ষকক বিদায় সম্বৰ্ধনা

নিয়মীয়া বাৰ্তা, ২১ ছেপ্টেম্বৰ : কামৰূপ জিলাৰ পলাশবাৰী বিধানসভা সমষ্টিৰ বৰদুৱাৰ বাগানৰ শান্তিপুৰত শিঙিমাৰী প্ৰাথমিক বিদ্যালয়ৰ সদ্য অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক দ্বিজেন চন্দ্ৰ ঠাকুৰীয়াক বিদায় সম্বৰ্ধনা জনোৱা হয় ৷ আজি বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি সঞ্জীৱ দাসৰ পৌৰোহিত্যত আয়োজিত এখনি গাম্ভীৰ্যপূৰ্ণ সভাত শিক্ষকগৰাকীক গামোচা, ফুলাম জাপি, শৰাই, মানপত্ৰ, ধৰ্মগ্ৰন্থ আদিৰে সম্বৰ্ধনা জনোৱা হয় ৷ বিদ্যালয়ৰ বৰ্তমানৰ ছাত্ৰ-ছাত্ৰী, স্থানীয় যুৱ সংঘ, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী তথা অভিভাৱক ৰাইজে শিক্ষক ঠাকুৰীয়াক সম্বৰ্ধনা জ্ঞাপন কৰে ৷ আনহাতে, বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু সমাজৰ মুৰব্বী তথা অভিভাৱকসকলে উপস্থিত থাকি শিক্ষক ঠাকুৰীয়াক প্ৰশংসামূলক বক্তব্যৰে সম্ভাষণ জনায় ৷ তদুপৰি অৱসৰ গ্ৰহণ কৰা শিক্ষক ঠাকুৰীয়ায়ো ছাত্ৰ-ছাত্ৰী তথা ৰাইজক উদ্দেশ্যি আগবঢ়োৱা ভাষণত শিক্ষক জীৱনৰ খতিয়ান দাঙি ধৰাৰ উপৰি বিদ্যালয়খনৰ স’তে গঢ়ি উঠা আত্মিক সম্পৰ্ক উল্লেখ কৰি আৱেগিক হৈ পৰে ৷ সভাৰ অন্তত সকলোৱে অৱসৰপ্ৰাপ্ত শিক্ষকগৰাকীক তেওঁৰ নিজ বাসগৃহলৈ আগবঢ়াই থৈ আহে ৷

প্ৰেৰক নুৰুল ইছলাম

Featured