নিজৰ প্ৰতিটো ওপজা দিনত নিৰৱচ্ছিন্ন গছপুলি ৰোপণ বজালীৰ প্ৰিন্সিকাৰ

নিয়মীয়া বাৰ্তা, ১৯ ছেপ্টেম্বৰঃ সমগ্ৰ বিশ্বতে দিনক দিনে ভয়াবহভাৱে বৃদ্ধি পাই অহা গোলকীয় উষ্ণতা আৰু অস্বাভাৱিক জলবায়ু পৰিৱৰ্তনৰ সময়তে এগৰাকী স্কুলীয়া ছাত্ৰীয়ে বিগত কেইবা বছৰ ধৰি নিজৰ প্ৰতিটো ওপজা দিনতে গছপুলি ৰোপন কৰি পালন কৰি আহিছে এক সামাজিক দায়বদ্ধতা৷ তাৰ ব্যতিক্ৰম নহ’ল এইবেলিও৷ বজালী জিলাৰ পাটাছাৰকুছি নিৱাসী ব্যৱসায়ী ৰাতুল গোস্বামী আৰু শিক্ষয়িত্ৰী গীতিকা শৰ্মা গোস্বামীৰ কন্যা প্ৰিন্সিকা গোস্বামীয়ে আজি নিজৰ ১৪ বছৰীয়া জন্মদিন পালন কৰে এক গছপুলি ৰোপনৰ কাৰ্যসূচীৰে৷ পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমিৰ নৱম শ্ৰেণীৰ ছাত্ৰী প্ৰিন্সিকাই আজি নিজৰ ওপজা দিন উপলক্ষত আনন্দৰাম বৰুৱা একাডেমি ডিগ্ৰী কলেজ চৌহদত শিলিখা, আমলখি আৰু জলফাই গছৰ পুলি ৰোপন কৰে৷ এই গছপুলি ৰোপন কাৰ্যসূচীত ছাত্ৰীগৰাকীক পিতৃ-মাতৃৰ লগতে সহযোগ কৰে আনন্দৰাম বৰুৱা একাডেমি ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ নন্দিতা বৰ্মণ ডেকা, আনন্দৰাম বৰুৱা একাডেমি ডিগ্ৰী কলেজৰ মুখ্য শৈক্ষিক উপদেষ্টা অমূল্য কলিতা, মুখ্য সচিব উৎপল মেধি, ছিনিয়’ৰ ছেকেণ্ডাৰী শাখাৰ উপাধ্যক্ষ মিণ্টু কলিতা, পৰীক্ষা নিয়ন্ত্ৰক জয়ন্ত দাস, নিকুঞ্জ পাটগিৰি আদিয়ে৷ উৎপল মেধিয়ে আঁত ধৰা অনুষ্ঠানত এজোপা গছপুলি ৰোপন কৰি আনন্দৰাম বৰুৱা একাডেমি ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ নন্দিতা বৰ্মণ ডেকাই পৰিৱেশৰ সেউজকৰণৰ স্বাৰ্থত ছাত্ৰীগৰাকীয়ে জীৱনৰ শুভ দিনটোত এনেদৰে নিৰৱচ্চিন্নভাৱে গছপুলি ৰোপন কৰি অহা কাৰ্যক ভূয়সী প্ৰশংসা কৰে৷ নিজৰ পাঁচ বছৰ বয়সৰ পৰাই প্ৰতিটো ওপজা দিনতে বিভিন্ন ঠাইত গছপুলি ৰোপন কৰি এক অনন্য আদৰ্শ গ্ৰহণ কৰি অহা প্ৰিস্‌নিকাই নিজৰ জন্মদিনত গছপুলি ৰোপন কৰি কয় যে সাম্প্ৰতিক সময়ত ব্যাপক হাৰত সৃষ্টি হোৱা পৰিৱেশ প্ৰদূষণ ৰোধ কৰাৰ বাবে গছপুলি ৰোপন কৰাটো অতি প্ৰয়োজনীয় হৈ পৰিছে৷ আমাৰ ভৱিষ্যৰ সুৰক্ষাৰ প্ৰতি আমি চিন্তা নকৰিলে ইয়াৰ পৰিণাম আমিয়েই ভুগিব লাগিব বুলি কৈ ছাত্ৰীগৰাকীয়ে তেওঁৰ সমনীয়া আৰু অন্যান্যসকলকো নিজৰ প্ৰতিটো জন্মদিনতে গছপুলি ৰোপনেৰে পৰিৱেশ ভাৰসাম্য বৰ্তাই ৰাখিবলৈ অনুৰোধ জনায়৷ ছাত্ৰীগৰাকীয়ে ধাৰাবাহিকভাৱে নিজৰ ওপজা দিনত এনেকুৱা মনোভাৱেৰে গছপুলি ৰোপন কৰা কাৰ্যক সকলোৱে প্ৰশংসা কৰাৰ লগতে হিয়া উজাৰি আশীৰ্বাদ কৰে আৰু প্ৰতিগৰাকী ব্যক্তিকে বিভিন্ন উৎসৱ-পাৰ্বনৰ অচিলা লৈ গছপুলি ৰোপন কৰি তাক প্ৰতিপালন কৰিবলৈ আহ্বান জনায়৷

প্ৰেৰক কল্যাণ কলিতা৷

Featured