বাইহাটা চাৰিআলিত অমৃত কলহ লৈ শোভাযাত্রা

নিয়মীয়া বার্তা, ২৫ অক্টোবৰঃ চৰকাৰৰ অমৃত কলহ যাত্রাৰ অংশ হিচাপে কামৰূপ জিলাৰ তিনিটা উন্নয়ন খণ্ডৰ পৰা ছয়টা মাটিপূর্ণ কলহৰ যাত্রা আজি বাইহাটা চাৰিআলিৰ পৰা আৰম্ভ হয়৷ জিলাখনৰ কমলপুৰ, বিহদিয়া জাঁজীকোণা আৰু বেজেৰা উন্নয়ন খণ্ডৰ পৰা সংগৃহীত মাটিৰ কলহ ছয়টাৰ আজি বাইহাটা চাৰিআলিৰ পৰা যাত্রাৰ আৰম্ভণি কৰা হয়৷ এই উপলক্ষে বাইহাটা চাৰিআলিত আবেলি অনুষ্ঠিত এখন সভাত অংশগ্রহণ কৰে প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালিকা ৰিণিকি ভূঞা শর্মা, মঙলদৈ সমষ্টিৰ সাংসদ দিলীপ শহকীয়া, কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা, কামৰূপ জিলাৰ উপায়ুক্ত কীর্তি জল্লী, বিজেপিৰ অসম কৃষক মর্চাৰ উপ সভাপতি ৰঞ্জিত ভট্টাচার্য আৰু কেইবাগৰাকী বিশিষ্ট ব্যক্তি৷ অমৃত কলহ যাত্রাৰ উদ্দেশ্য ব্যাখ্যা কৰি ৰিণিকি ভূঞা শর্মাই ভাষণ প্রসংগত কয় যে ভাৰতবর্ষক বিশ্বৰ দৰবাৰত প্রতিষ্ঠা কৰাৰ বাবে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ সপোন তৰান্বিত কৰিবলৈ প্রতিগৰাকী অসমীয়াই অমৃত কলহ যাত্রাৰ যোগেদি বৰঙণি আগবঢ়াইছে৷ তেওঁ আৰু কয় যে প্রতিটো উন্নয়ন খণ্ডৰ পৰা যোৱা দুটাকৈ মাটিৰ কলহৰ ভিতৰত এটা কলহৰ মাটিয়ে দিল্লীত অত্যাধুনিক সুন্দৰ বাটিকা অর্থাৎ উদ্যান নির্মাণত বৰঙনি যোগাব, তথা আনটো কলহৰ মাটিৰে তেজপুৰত কনকলতা বৰুৱা বিশ্ববিদ্যালয় নির্মাণেৰে অসমৰ চৰকাৰৰ সপোন ফলপ্রসূ হোৱাত বৰঙনি যোগাব৷ সভাত সাংসদ দিলীপ শহকীয়াই কয় যে অমৃত কলহ যাত্রাৰ যি উদ্দেশ্যে অর্থাৎ মোৰ মাটি মোৰ দেশ কার্যসূচী ইতিমধ্যে আগবাঢ়িছে আৰু এই কার্যসূচীয়ে দেশৰ সমৃদ্ধি তথা সংহতি অক্ষুন্ন ৰাখিবলৈ সক্ষম হ’ব৷ বাইহাটা চাৰিআলিৰ সভাস্থলীৰ পৰা ছয়টা কলহ বাইহাটা চাৰিআলি উপ-কোষাগাৰ কার্যালয়লৈ ৰিণিকি ভূঞা শর্মা, সাংসদ দিলীপ শহকীয়া, বিধায়ক দিগন্ত কলিতা প্রমুখ্যে বিজেপিৰ কর্মকর্তাসকলে সমদল কৰি লৈ যায়৷ তাৰ পৰা সন্ধিয়া কামৰূপ জিলাৰ উপায়ুক্তৰ কার্যালয়লৈ কঢ়িয়াই নিয়া হয়৷ জানিব পৰা মতে সন্ধিয়া ৭ বজাত উক্ত কলহৰ দিল্লী অভিমুখে যাত্রা আৰম্ভ হয়৷ আজিৰ অমৃত কলহ যাত্রাত তিনিওটা উন্নয়ন খণ্ডৰ পৰা দুই সহস্রাধিক লোকে অংশগ্রহণ কৰে৷

Featured