বিশিষ্ট সংগীত পৰিচালক ৰমেন বৰুৱা সন্ধানহীন, উদ্বিগ্ন ৰাজ্যবাসী

🔹 পিতৃক বিচাৰি সামাজিক মাধ্যমত আৱেগভৰা পোষ্ট কন্যাৰ

🔹 পুৱাৰে পৰা ব্ৰহ্মপুত্ৰৰ বুকুত এছডিআৰএফ-এনডিআৰএফে চলাইছে অভিযান

বিশেষ বাৰ্তা, ২৩ জুলাই : অসমীয়া ছবি জগতত নিজৰ সুৰীয়া কণ্ঠেৰে কেইবা দশকজুৰি বহুকেইটা কালজয়ী গীত উপহাৰ দিয়া বিশিষ্ট শিল্পী, সংগীত পৰিচালক ৰমেন বৰুৱা সন্ধানহীন হৈ পৰিছে৷ কালি পুৱা ১০.৩০ বজাত লতাশিলৰ ঘৰৰ পৰা বাহিৰলৈ ওলাই গৈ বৰ্তমান পর্যন্ত শিল্পীগৰাকী উভতি নহাত চৌদিশে তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছে৷ চি চি টিভি ফুটেজত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ আশে-পাশে খোজকাঢ়ি থকা দেখিবলৈ পোৱা গৈছিল বিশিষ্ট সংগীত পৰিচালকগৰাকীক। তদুপৰি ব্ৰহ্মপুত্ৰৰ দিশে আগবাঢ়ি যোৱাও দেখিবলৈ পোৱা গৈছে। সেইসূত্ৰে বৰ্তমান পৰ্যন্ত ৰমেন বৰুৱাৰ কোনো সন্ধান নোলোৱাত আজি পুৱাৰে পৰা ৰমেন বৰুৱাক বিচাৰি লুইতৰ বুকুত চলোৱা হৈছে অভিযান। বিশিষ্ট সংগীত পৰিচালকগৰাকীৰ ব্ৰহ্মপুত্ৰৰ পাৰত মোবাইল ফোনৰ শেষ লোকেচন ধৰা পৰিছিল। ৰমেন বৰুৱাক বিচাৰি ব্ৰহ্মপুত্ৰৰ বুকুত পুৱাৰে পৰা এছডিআৰএফ আৰু এনডিআৰএফে অভিযান চলাই আছে। সোমবাৰৰ পুৱাৰে পৰা বিশিষ্ট সংগীত পৰিচালকগৰাকী সন্ধানহীন হৈ থকাত উদ্বিগ্ন হৈ পৰিছে ৰাজ্যবাসী। বিশিষ্ট শিল্পীগৰাকীৰ ভাতৃ দ্বীপেন বৰুৱাই কালি সদৰী কৰা মতে, আনদিনাৰ দৰে আজি পুৱা প্রায় ১০.৩০ বজাত তেওঁ গা–পা ধুই সাধাৰণভাৱে ঘৰৰ পৰা ওলাই গৈছিল৷ শাৰীৰিকভাৱে কোনোধৰণৰ অসুস্থতাও তেওঁৰ নাছিল৷ সাধাৰণতে সদায়ে এই সময়খিনিত তেওঁ লতাশিল গণেশ মন্দিৰলৈ যায়৷ মন্দিৰটোৰ পৰিচালনা সমিতিৰ সভাপতি হোৱাৰ সুবাদতে প্রায়েই তালৈ গৈ কাম–কাজৰ তদাৰক কৰিছিল ৰমেন বৰুৱাই৷ প্রথমাৱস্থাত পৰিয়ালে কথাটো সাধাৰণভাৱে লৈছিল যদিও শিল্পীগৰাকীৰ জীয়াৰী বর্ণিকা বৰুৱাই দিনৰ প্রায় ১২ বজাত ভাত খোৱাৰ কথা সুধিবলৈ পিতৃক ফোন কৰাত ফোনটো ছুইচ অফ পোৱাৰ পাছতে একপ্রকাৰ হাহাকাৰৰ সৃষ্টি হয়৷ ইতিমধ্যে বতাহৰ বেগেৰে ঘটনাটো চৌদিশে বিয়পি যোৱাৰ পাছত পৰিয়ালৰ লোকৰ লগতে অঞ্চলটোৰ আন বাসিন্দাসকলেও শিল্পীগৰাকীৰ সন্ধানত বিভিন্ন ঠাইত বিচাৰ–খোঁচাৰ কৰে যদিও সন্ধিয়া পর্যন্ত তেওঁৰ কোনোধৰণৰ সম্ভেদ নোপোৱাত পৰিয়ালে লতাশিল থানাত এজাহাৰ দাখিল কৰে৷ আৰক্ষীত গোচৰ দিয়াৰ লগতে শিল্পীগৰাকীৰ ভাতৃ দ্বীপেন বৰুৱাই জ্যেষ্ঠ আৰক্ষী বিষয়াকো এই বিষয়ে অৱগত কৰে৷ লতাশিল আৰক্ষী থানাই শিল্পীগৰাকীৰ সন্ধানত গুৱাহাটী ৰে’ল ষ্টেচনকে ধৰি মহানগৰীৰ বিভিন্ন প্রান্তত অভিযান চলায়। ইপিনে, হঠাতে নিৰুদ্দেশ হৈ পৰা পিতৃক বিচাৰি একমাত্র জীয়াৰী বর্ণিকা বৰুৱাই সামাজিক মাধ্যমযোগে এক আৱেগিক পোষ্ট প্রেৰণ কৰে৷ ফেচবুক পোষ্টৰ জৰিয়তে তেওঁ এইবুলি লিখিছে– দেউতা ক’ত গুচি গ’লা তুমি৷ ৰাতিপুৱাৰ পৰা ফোন কৰি আছোঁ৷ ফোনটোও ছুইচ অফ কৰি থৈছা৷ আহাচোন ঘূৰি৷ মই কাৰ লগত থাকিম বাৰু৷ উক্ত পোষ্টটোৰ লগতে জীয়াৰী বর্ণিকা বৰুৱাই দুটা ফোন নম্বৰো ৰাইজৰ বাবে উল্লেখ কৰিছে৷ যাতে শিল্পীগৰাকীৰ খবৰ পোৱাৰ লগে লগে কোনোবাই পৰিয়ালক খবৰ দিব পাৰে৷ যিয়েই নহওক, অসমীয়া সংগীতৰ ক্ষেত্রখনক নিজৰ অনবদ্য বৰঙণিৰে মহীয়ান কৰি তোলা শিল্পীগৰাকী সুস্থ শৰীৰে ঘূৰি আহক- এয়াই সকলোৰে কাম্য৷

Featured