বিশিষ্ট সাহিত্যিক পদ্মশ্ৰী ৰংবং তেৰাং অসুস্থ

নিয়মীয়া বাৰ্তা, ৭ এপ্ৰিল : ‘ৰংমিলিৰ হাঁহি’ খ্যাত বিশিষ্ট সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰংবং তেৰাং কাৰ্বি আংলং জিলা সদৰ চহৰ ডিফুস্থিত নিজ আৱাসত আজি দুপৰীয়া হঠাৎ অসুস্থ হৈ পৰে। জানিব পৰা মতে, বিশিষ্ট সাহিত্যিকগৰাকীয়ে দুপৰীয়া শুই থকা অৱস্থাত হঠাৎ ভয় খাই চিঞৰি উঠে।‌ ততাতৈয়াকৈ সাহিত্যিকগৰাকীক ডিফু মেডিকেল কলেজ হাস্পতাললৈ নি চিকিৎসকৰ পৰামৰ্শত আই চি ইউত ভৰ্ত্তি কৰোৱা হয় । চিকিৎসকৰ মতে, হৃদযন্ত্ৰৰ সমস্যাৰ সন্মুখীন হৈছে বিশিষ্ট সাহিত্যিকগৰাকী। বিশিষ্ট সাহিত্যিক ৰংবং তেৰাঙৰ অসুস্থতাৰ খবৰ চৌদিশে বিয়পি পৰাত কাৰ্বি আংলঙৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা প্ৰিয় সাহিত্যিকগৰাকীৰ আশু আৰোগ্য কামনা কৰা হৈছে।

প্ৰেৰক ৰাজু কাঠাৰ

Featured